ETV Bharat / technology

মুকেশ আম্বানীয়ে ক্ৰয় কৰিলে ভাৰতৰ প্ৰথমখন বয়িং 737 মেক্স 9 - Mukesh Ambani New Private Jet

Mukesh Ambani New Private Jet: বিশ্বৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে নতুনকৈ আন এখন বিলাসী জেট ক্ৰয় কৰিলে । এইখন ভাৰতৰ অন্যতম দামী জেট বিমান । এই বিমানখনৰ দাম আৰু বৈশিষ্ট্যসমূহৰ বিষয়ে জানো আহক---

Etv Bharat
বিশ্বৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানী (ETV Bharat)
author img

By ETV Bharat Tech Team

Published : Sep 20, 2024, 5:21 PM IST

নিউজ ডেস্ক, 20 ছেপ্টেম্বৰ: ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ অধ্যক্ষ তথা এছিয়াৰ আটাইতকৈ ধনী ব্যক্তি মুকেশ আম্বানীয়ে শেহতীয়াকৈ ক্ৰয় কৰিছে এখন বিমান । বিলাসী জীৱন-যাপনৰ প্ৰতি আগ্ৰহী আম্বানীয়ে ভাৰতৰ প্ৰথমখন বয়িং 737 মেক্স 9 বিমান ক্ৰয় কৰিছে । শেহতীয়াকৈ আড়ম্বৰপূৰ্ণভাৱে পতা তেওঁৰ সৰু পুত্ৰৰ বিবাহ অনুষ্ঠানে সমগ্ৰ বিশ্বৰে চকু কপালত তুলিছিল । অতি ব্যয়বহুল বিবাহ অনুষ্ঠান সমাপ্ত হোৱাৰ পাচত শেহতীয়াকৈ তেওঁ ব্যক্তিগত জেট বিমান কিনি আন এক চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

  • উৰণ পৰীক্ষা
  1. ইতিমধ্যে এই বয়িং 737 মেক্স বিলাসী বিমানখনৰ উৰণ পৰীক্ষা সম্পূৰ্ণ হৈছে ।
  2. এই বিমানখন 2023 চনৰ 13 এপ্ৰিলৰ পৰা 2024 চনৰ 27 আগষ্ট পৰ্যন্ত পৰীক্ষা কৰা হৈছিল ।
  3. ইয়াত কেবিন সলনি আৰু ইণ্টেৰিয়ৰ উন্নীতকৰণকে ধৰি বহু পৰিৱৰ্তন কৰা হৈছে ।
  4. মুকেশ আম্বানীয়ে ইয়াক চুইজাৰলেণ্ডৰ ইউৰোএয়াৰপৰ্ট বেচেল-মুলহাউছ-ফ্ৰেইবাৰ্গ (বিএছএল)ত পুনৰ নিৰ্মাণ কৰে ।
  • এই নতুন বিমানখন বৰ্তমান ক’ত আছে?
  1. এই বয়িং বিমানখন চুইজাৰলেণ্ডত ভিত্তি কৰি নিৰ্মাণ কৰা হৈছিল ।
  2. এই ব্যক্তিগত জেটখন বেচেল, জেনেভা, লণ্ডন আৰু লুটন বিমানবন্দৰত পৰীক্ষা কৰা হৈছিল ।
  3. সকলো উন্নীতকৰণ হোৱাৰ পিছত সকলো পৰীক্ষা সম্পন্ন হোৱাৰ পাচত বিমানখন ভাৰতলৈ অনা হয় ।
  4. 2024 চনৰ 27 আগষ্টত বেচেলৰ পৰা দিল্লীলৈ অনা হৈছিল ।
  5. 9 ঘণ্টাত 6,234 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিলে ।
  6. বৰ্তমান এই নতুন বিমানখন দিল্লী বিমানবন্দৰৰ কাৰ্গো টাৰ্মিনেলৰ সমীপৰ মেইণ্টেনেন্স টাৰ্মিনেলত আছে ।
  7. খবৰ অনুসৰি এই জেটখন অতি সোনকালে মুম্বাইত উপস্থিত হ’ব, য’ত ৰিলায়েন্সৰ মুখ্য কাৰ্যালয় আছে ।
  • মুঠ ব্যয়
  1. বয়িং 737 মেক্স 9 বিশ্বৰ অন্যতম দামী জেট বিমান ।
  2. ইয়াত দুটা CFMI LEAP-18 ইঞ্জিন চালিত।
  3. এই বিমানখনৰ এম এছ এন নম্বৰ 8401।
  4. ইয়াৰ ৰেঞ্জ 11,770 কিলোমিটাৰ ।
  5. বয়িং 737 মেক্স 9 বিমানৰ মূল্য 118.5 মিলিয়ন ডলাৰ ।
  6. কিন্তু ইয়াত কেবিন ৰেট্ৰ’ফিটিং আৰু ইণ্টেৰিয়ৰ মডিফিকেচনৰ খৰচ অন্তৰ্ভুক্ত কৰা হোৱা নাই ।
  7. এই নতুন জেটখনৰ কেবিন আৰু কাৰ্গো স্থান বয়িং মেক্স 8 তকৈ ডাঙৰ ।

জানিব পৰা মতে, আম্বানী পৰিয়ালে এই আল্ট্ৰা লং ৰেঞ্জ বিজনেছ জেটৰ বাবে 1000 কোটি টকাতকৈ অধিক ধন খৰচ কৰিছে ।

মুঠ 10 খন বিমান

ব্যক্তিগত জেট আৰু হেলিকপ্টাৰ সংগ্ৰহ কৰাটো মুকেশ আম্বানীৰ এক অনন্য চখ । ইতিমধ্যে আম্বানীৰ 9 খন ব্যক্তিগত জেট বিমান আছে যদিও শেহতীয়াকৈ তেওঁ দামী বয়িং 737 মেক্স 9 জেট ক্ৰয় কৰাৰ পাচত মুঠ বিমানৰ সংখ্যা হৈছেগৈ 10 খন ।

ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ এখন বম্বাৰ্ডিয়াৰ গ্ল’বেল 6000, দুখন ডাছল্ট ফেলকন 900 আৰু এখন এম্ব্ৰায়াৰ ই আৰ জে-135 বিমান আছে ।

লগতে পঢ়ক: সোণ-ৰূপৰ লগতে এক লাখ টকা... ৫০ টা দম্পতীলৈ আম্বানী পৰিয়ালৰ উপহাৰ - Anant Radhika Wedding

মুকেশ আম্বানীৰ বিৰুদ্ধে এজাহাৰ : ২৯ অক্টোবৰত উপভোক্তা আয়োগৰ সন্মুখত হাজিৰ হোৱাৰ নিৰ্দেশ - MUKESH AMBANI

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.