ETV Bharat / technology

বজাৰত মুকলি Motorola ৰ Edge ছিৰিজৰ পঞ্চমটো স্মাৰ্টফোন - Motorola Edge 50 series

author img

By ETV Bharat Tech Team

Published : Sep 17, 2024, 10:54 AM IST

Motorola 50 Edge Neo: মটৰ’লাই ভাৰতত মুকলি কৰিছে নতুন স্মাৰ্টফোন ৷ Edge ছিৰিজৰ পঞ্চমটো স্মাৰ্টফোন Motorola 50 Edge Neo । বহু অত্যাধুনিক সুবিধা সংযোগ কৰাৰ লগে এই স্মাৰ্টফোনটোত আছে পানী প্ৰতিৰোধ ক্ষমতা পৰ্যন্ত ৷ দাম কিমান তথা ক’ত, কেনেদৰে ক্ৰয় কৰিব পাৰিব এই স্মাৰ্টফোনটো---

Motorola
ফ্লিপকাৰ্টত উপলব্ধ Motorola ৰ Edge ছিৰিজৰ পঞ্চমটো স্মাৰ্টফোন (IANS)

নিউজ ডেস্ক, 17 ছেপ্টেম্বৰ: আগশাৰীৰ মোবাইল হেণ্ডছেট নিৰ্মাতা কোম্পানী Motorola এ সোমবাৰে ভাৰতত মুকলি কৰিলে নতুন স্মাৰ্টফোন Motorola 50 Edge Neo । পূৰ্বে মুকলি কৰা Edge 50, Edge 50 Fusion, Edge 50 ultra আৰু Edge 50 pro ৰ দৰে ফোনসমূহৰ পিছত Edge 50 ছিৰিজৰ এইটো পঞ্চমটো স্মাৰ্টফোন ।

নতুনকৈ মুকলি কৰা Motorola 50 Edge Neo ত IP68 পানী প্ৰতিৰোধ ক্ষমতা আৰু মিলিটাৰী গ্ৰেডৰ স্থায়িত্বৰ মানদণ্ড আছে । এই স্বীকৃতিপ্ৰাপ্ত এইটো ভাৰতৰ আটাইতকৈ লঘু স্মাৰ্টফোন । ইয়াত আছে 6.4 ইঞ্চি POLED LTPO 1.5K ডিছপ্লে, HDR 10+ সমৰ্থন, 3,000 নিটৰ শীৰ্ষ উজ্জ্বলতা, 10 Hz ৰ পৰা 120 Hz ৰিফ্ৰেছ ৰেট । ইয়াত ষ্টেৰিঅ’ স্পীকাৰ অন্তৰ্ভুক্ত কৰা হৈছে যিয়ে ডলবি এটমছক সমৰ্থন কৰে ।

চাৰ্জাৰ নোহোৱাকৈ চাৰ্জিঙৰ সুবিধা: ইয়াত 68 ৱাট চাৰ্জাৰৰ সৈতে 4,310 mAh বেটাৰী আছে । এই ফোনটোৱে 15 ৱাটৰ বেতাঁৰ চাৰ্জিং সমৰ্থন কৰে । ইয়াত 8 GB ৰেম আৰু 256 GB ষ্ট’ৰেজৰ সৈতে মিডিয়াটেক ডাইমেনচিটি 7300 প্ৰচেছৰ আছে । ইয়াত এণ্ড্ৰইড 14 সংস্কৰণৰ অপাৰেটিং চিষ্টেম, 5 বাৰ অপাৰেটিং চিষ্টেম আপডেট আৰু 5 বছৰৰ ছিকিউৰিটি আপডেট আছে ।

32 মেগাপিক্সেলৰ ফ্ৰন্ট কেমেৰা: Motorola 50 Edge Neo ত আছে 50 মেগাপিক্সেলৰ চ’নী লাইট 700 মেইন কেমেৰা, 13 মেগাপিক্সেলৰ আল্ট্ৰাৱাইড + মেক্ৰ’ লেন্স আৰু 10 MP 3X টেলিফ’টো লেন্স । ইয়াৰ ফ্ৰন্ট কেমেৰা 32 মেগাপিক্সেল ।

ৰং: এই ফোনটো চাৰিটা আকৰ্ষণীয় ৰঙত উপলব্ধ হ’ব- নটিকেল ব্লু, পইঞ্চিয়ানা, লেটে আৰু গ্ৰীচিল ।

24 ছেপ্টেম্বৰৰ পৰা ফ্লিপকাৰ্টত উপলব্ধ: এই নতুন স্মাৰ্টফোনটো 24 ছেপ্টেম্বৰত দুপৰীয়া 12 বজাৰ পৰা ফ্লিপকাৰ্ট, মটৰ’লা ডট ইন আৰু আগশাৰীৰ খুচুৰা বিপণীত বিক্ৰীৰ বাবে উপলব্ধ হ’ব । Motorola 50 Edge Neo ৰ 8GB + 256GB মডেলৰ বাবে 23,999 দাম নিৰ্ধাৰণ কৰা হৈছে ।

লগতে পঢ়ক: কোনটো উন্নত : Google Pixel 9 নে iPhone 16 ? - IPhone 16 VS Google Pixel 9

8549 টকাতেই লাভ কৰক AI বৈশিষ্ট্যযুক্ত আকৰ্ষণীয় ফোন ! - Most Slimmest Budget Phone

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.