ETV Bharat / technology

Mahindra Thar Roxx ৰ প্ৰতি সঁহাৰিত অভিভূত অধ্যক্ষ আনন্দ মহিন্দ্ৰা - Mahindra Thar ROXX booking

Mahindra Thar Roxx: Mahindra Thar Roxx ৰ প্ৰতি অভূতপূৰ্ব সঁহাৰি গ্ৰাহকৰ ৷ এঘণ্টাৰ ভিতৰতে বুকিং হ’ল কেইবা লক্ষ গাড়ী ৷

author img

By ETV Bharat Tech Team

Published : 2 hours ago

Etv Bharat
Mahindra Thar Roxx ৰ প্ৰতি অভূতপূৰ্ব সঁহাৰি গ্ৰাহকৰ (Mahindra & Mahindra)

নিউজ ডেস্ক, 4 অক্টোবৰ: মহিন্দ্ৰা এণ্ড মহিন্দ্ৰা লিমিটেডে জনোৱা মতে, শেহতীয়াকৈ মুকলি কৰা Mahindra Thar Roxx এ ভাৰতীয় গ্ৰাহকৰ পৰা লাভ কৰিছে অভূতপূৰ্ব সঁহাৰি । কোম্পানীটোৱে জনোৱা মতে, এই গাড়ীখনৰ বুকিং পুৱা 11 বজাত মুকলি কৰা হয় আৰু মাত্ৰ ৬০ মিনিট অৰ্থাৎ 1 ঘণ্টাৰ ভিতৰতে 1,76,218 খন গাড়ী বুকিং কৰে গ্ৰাহকে । এই বৰ্ধিত চাহিদাই Mahindra Thar ৰেঞ্জৰ শেহতীয়া সংস্কৰণৰ প্ৰতি গ্ৰাহকৰ প্ৰবল আগ্ৰহক প্ৰতিফলিত কৰিছে ।

ভাৰতীয় অটো নিৰ্মাতা কোম্পানীটোৰ মতে, Mahindra Thar Roxx ৰ ডেলিভাৰী দশেৰাৰ শুভ ক্ষণত আৰম্ভ হ’ব । অহা তিনি সপ্তাহত গ্ৰাহকক পৰ্যায়ক্ৰমে ডেলিভাৰী আপডেট প্ৰদান কৰাৰ পৰিকল্পনা কৰিছে কোম্পানীটোৱে । এই অফ-ৰোডিং SUV খন সকলো অনুমোদিত মহিন্দ্ৰা ডিলাৰশ্বিপ আৰু কোম্পানীটোৰ ৱেবছাইটৰ জৰিয়তে বুকিং কৰিব পৰা যাব ।

গ্ৰাহকলৈ কৃতজ্ঞতা মহিন্দ্ৰাৰ

এই সঁহাৰিত আচৰিত হৈ কোম্পানীটোৰ অধ্যক্ষ আনন্দ মহিন্দ্ৰাই ছ'চিয়েল মিডিয়া প্লেটফৰ্ম X ত কয়, "মোৰ সম্পূৰ্ণ আত্মবিশ্বাস আছিল ৷ ইয়াৰ পিছতো এইটোৱে মোৰ সৰ্বোচ্চ আশাকো অতিক্ৰম কৰিছে । প্ৰথমেই আমাৰ প্ৰতিজন গ্ৰাহকলৈ বৃহৎ ধন্যবাদ । এই ব্ৰেণ্ডটো গঢ়ি তোলাত আমাক সহায় কৰাৰ বাবে আৰু তেওঁলোকৰ হৃদয়ত ৰখাৰ বাবে আৰু তাৰ পিছত দল @Mahindra_Auto লৈ, তেওঁলোকৰ আকাশ স্পৰ্শ কৰাৰ ইচ্ছা আৰু ক্ষমতাৰ বাবে বহুত বহুত ধন্যবাদ ।"

মূল্য

জনাওঁ যে শেহতীয়াকৈ মহিন্দ্ৰাই ঘোষণা কৰিছিল যে ডিজেল ইঞ্জিনৰ সৈতে একচেটিয়াভাৱে উপলব্ধ Thar Roxx ৰ 4x4 ভেৰিয়েণ্টৰ মূল্য 18.79 লাখৰ পৰা 22.49 লাখ টকাৰ ভিতৰত (এক্স শ্ব’ৰুম) । MX5 কে ধৰি 4x4 ভেৰিয়েন্টৰ মূল্য দুচকীয়া ড্ৰাইভৰ তুলনাত প্ৰায় 1.80 লাখ টকা বেছি, আনহাতে টপ এণ্ড AX7L 4x4 ট্ৰিমৰ দাম 2WD মডেলতকৈ 1.5 লাখ টকা বেছি ।

ইঞ্জিন

Mahindra Thar Roxx ত কোম্পানীটোৰ 2.2 লিটাৰৰ mHawk ডিজেল ইঞ্জিন আছে, যিয়ে মেনুৱেল সংস্কৰণত 150 বিএইচপি শক্তি আৰু 330 এনএম টৰ্ক আৰু অটোমেটিক সংস্কৰণত 172 বিএইচপি শক্তি আৰু 370 এনএম টৰ্ক উৎপাদন কৰে । ইয়াৰ উপৰিও ইয়াত মহিন্দ্ৰাৰ 4XPLOR প্ৰযুক্তি আছে, য’ত আছে লো-ৰেঞ্জ ট্ৰেন্সফাৰ কেছ আৰু ইলেক্ট্ৰনিক লক ডিফাৰেন্সিয়েল, যিয়ে ইয়াৰ অফ-ৰোড ক্ষমতা বৃদ্ধি কৰে ।

লগতে পঢ়ক: দেশত চাহিদা হ্ৰাস দেশীয় গাড়ী নিৰ্মাতা কোম্পানী মাৰুতি ছুজুকিৰ - Maruti Suzuki sales

ভাৰতীয় বজাৰত মুকলি আটাইতকৈ বিলাসী SUV - Rolls Royce Cullinan Series II

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.