ETV Bharat / technology

চীনা মোবাইল নেটৱৰ্কক অতিক্ৰম কৰি শীৰ্ষস্থানত জিঅ’ - MOBILE DATA TRAFFIC

Jio: জিঅ’ই চীনৰ মোবাইল নেটৱৰ্কক অতিক্ৰম কৰি বিশ্বব্যাপী মোবাইল ডাটা ট্ৰেফিকত নিজৰ আধিপত্য বিস্তাৰ কৰে ৷

Jio overtakes Chinese operators to dominate global mobile data traffic
চীনা মোবাইল নেটৱৰ্কক অতিক্ৰম কৰি শীৰ্ষস্থানত জিঅ’ (Reliance Jio)
author img

By ETV Bharat Tech Team

Published : Nov 4, 2024, 2:15 PM IST

হায়দৰাবাদ: মোবাইল ডাটা ট্ৰেফিকত জিঅ' পৰিগণিত হৈছে বিশ্বৰ আগশাৰীৰ নেটৱৰ্ক হিচাপে ৷ জিঅ’ই একেৰাহে তৃতীয় ত্ৰৈমাসিকৰ বাবে মোবাইল ডাটা ট্ৰেফিকত বিশ্বৰ প্ৰতিদ্বন্দ্বীক পিচ পেলাবলৈ সক্ষম হৈছে । পৰামৰ্শ আৰু গৱেষণা কোম্পানী টেফিচিয়ানে নিজৰ এক্স একাউণ্টত এই সন্দৰ্ভত তথ্য শ্বেয়াৰ কৰিছে ৷ পোষ্টটোত উল্লেখ কৰা হৈছে যে এয়াৰটেল, ভিআই, চাইনা ইউনিকম আৰু চাইনা মোবাইলৰ দৰে আগশাৰীৰ অপাৰেটৰৰ মোবাইল ডাটা ট্ৰেফিক বিশ্লেষণ কৰিছিল টেফিচিয়ানে ।

টেফিচিয়ানে প্ৰদান কৰা পৰিসংখ্যা অনুসৰি এই তালিকাৰ শীৰ্ষস্থান দখল কৰিছে ৰিলায়েঞ্স জিঅ’ই । ইয়াৰ পিছতে আছে চীনা মোবাইল নেটৱৰ্ক । ৰেংকিং কৰা আন অপাৰেটৰসমূহ হ’ল ক্ৰমে চাইনা টেলিকম, এয়াৰটেল, চাইনা টেলিকম আৰু VI ।

গ্ৰাফত দেখা গৈছে যে চীন ম’বাইলৰ বৃদ্ধি মাত্ৰ 2 শতাংশ । ইফালে জিঅ’ আৰু চাইনা টেলিকমৰ 24 শতাংশ আৰু এয়াৰটেলৰ 23 শতাংশ বৃদ্ধি পাইছে । পৰিসংখ্যাই ইংগিত দিয়ে যে চীনৰ বজাৰত মোবাইল অপাৰেটৰসকলে যোৱা বছৰৰ তুলনাত মাত্ৰ সামান্য বৃদ্ধিহে দেখিছে । এই বাবেই জিঅ'ই এক নম্বৰ স্থানত উপনীত হৈছে ।

Jio ই 5G সেৱা মুকলিৰ দুবছৰৰ ভিতৰতে লাভ কৰিছে 14.8 কোটি গ্ৰাহক । চীনৰ পিছতে বিশ্বৰ সৰ্ববৃহৎ 5G অপাৰেটৰ হিচাপে পৰিগণিত হৈছে জিঅ’ । প্ৰতিবেদন অনুসৰি জিঅ’ৰ প্ৰতিজন ব্যৱহাৰকাৰীয়ে প্ৰতিমাহে 31 GB ডাটা ব্যৱহাৰ কৰে ।

জিঅ’ই কয় যে গ্ৰাহকৰ সংখ্যা আৰু বৃদ্ধি পাব । সেয়েহে জিঅ’ই প্ৰতিযোগীসকলক অতিক্ৰম কৰি বিশ্বব্যাপী মোবাইল ট্ৰেফিকত এক নম্বৰ স্থান অক্ষুণ্ণ ৰাখিব পাৰিব বুলি টেফিচিয়ানে প্ৰকাশ কৰিছে ।

লগতে পঢ়ক: আগন্তুক বৰ্ষত আই পি এলৰ মেচ উপভোগ কৰক ডিজনী+ হটষ্টাৰত

অবিশ্বাস্য যেন লাগিলেও সঁচা; 3 মাহৰ বাবে বিনামূলীয়াকৈ লাভ কৰক ইন্টাৰনেট সেৱা - Free high speed internet

মাত্ৰ 3 টকাত ডাটা, আনলিমিটেড কল আৰু বহু সুবিধা - Affordable recharge plan

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.