ETV Bharat / technology

জিঅ’ই মুকলি কৰিলে JioBharat V3 আৰু V4 4G ফিচাৰ ফোন

JioBharat V3: ভাৰত মোবাইল কংগ্ৰেছ 2024 ত ৰিলায়েন্স জিঅ’ই মুকলি কৰিছে JioBharat V3 আৰু V4 4G ফিচাৰ ফোন । দাম, বৈশিষ্ট্য জানি লওক---

author img

By ETV Bharat Tech Team

Published : 4 hours ago

Etv Bharat
জিঅ’ই মুকলি কৰিলে JioBharat V3 আৰু V4 4G ফিচাৰ ফোন (Jio)

নিউজ ডেস্ক, 16 অক্টোবৰ: মোবাইল কংগ্ৰেছ (IMC) 2024 ত Jio-এ আৰু দুটা সুলভ মূল্যৰ 4G ফোন মুকলি কৰিছে । ইউপিআই পেমেণ্টৰ বাবে জিঅ’পেই জিঅ’ভাৰত V3 4G আৰু V4 4G ফোনসমূহৰ সৈতে সংযুক্ত কৰা হৈছে । ইয়াৰ উপৰিও ব্যৱহাৰকাৰীয়ে 450 টাতকৈও অধিক বিনামূলীয়া লাইভ টিভি চেনেল, সীমাহীন ভইচ কলিং আৰু সস্তীয়া ইণ্টাৰনেট ডাটাৰ সুবিধাও লাভ কৰিব ।

মূল্য: JioBharat V3 আৰু V4 4G ফোনৰ দাম মাত্ৰ 1,999 টকা । এই দুয়োটা ফিচাৰ ফোন আমাজন, জিঅ’মাৰ্টকে ধৰি দেশৰ আগশাৰীৰ খুচুৰা বিপণীৰ পৰা ক্ৰয় কৰিব পাৰিব । এই দুয়োটা ফিচাৰ ফোনৰ জৰিয়তে কোম্পানীয়ে 123 টকাৰ এমাহৰ ৰিচাৰ্জ প্লেন আগবঢ়াইছে, য’ত ব্যৱহাৰকাৰীয়ে মুঠ 14 GB ডাটাৰে সমগ্ৰ দেশৰ যিকোনো নেটৱৰ্কলৈ বিনামূলীয়াকৈ কল কৰিব পাৰিব ।

JioBharat V3, V4 4G ৰ বৈশিষ্ট্য: Jio ৰ এই দুয়োটা 4G ফিচাৰ ফোনতে একে ধৰণৰ বৈশিষ্ট্য আছে । অৱশ্যে এই দুয়োটা ফোনৰ ডিজাইনত পাৰ্থক্য আছে । যোৱা বছৰ মুকলি কৰা JioBharat V2 ৰ তুলনাত V3ক ষ্টাইলিছ কৰা হৈছে । একে সময়তে V4 ৰ ডিজাইনক আকৰ্ষণীয় কৰি তোলা হৈছে । এই দুয়োটা ফোনতে আছে শক্তিশালী 1,000mAh বেটাৰী । ই 128GB পৰ্যন্ত সংৰক্ষণৰ সৈতে বাহ্যিক মেমৰি কাৰ্ড সমৰ্থন কৰে । একে সময়তে এই ফোনসমূহত 23 টা ভাৰতীয় ভাষাৰ সমৰ্থন আছে ।

455 Live TV Benefit: Jio এ এই দুয়োটা 4G ফিচাৰ ফোনতে JioTV app ৰ বিকল্প প্ৰদান কৰিছে । যাৰ জৰিয়তে 455 টা লাইভ টিভি চেনেল বিনামূলীয়াকৈ চাব পাৰিব । ইয়াৰ উপৰিও Jio Cinema app ৰ সুবিধাও থাকিব, য’ত ব্যৱহাৰকাৰীয়ে নিজৰ প্ৰিয় ৱেব চিৰিজ, টিভি শ্ব’ আৰু চিনেমা চাব পাৰিব । কেৱল এয়াই নহয়, জিঅ’ৰ এই ফিচাৰ ফোনবোৰ যিকোনো স্মাৰ্টফোনতকৈ কম নহয় । ইয়াৰ উপৰিও ই JioChat সমৰ্থন কৰে, যাৰ জৰিয়তে ব্যৱহাৰকাৰীয়ে তৎক্ষণাত বাৰ্তা প্ৰেৰণ উপভোগ কৰিব পাৰে ।

মাল্টিমিডিয়া বৈশিষ্ট্য: কেৱল এয়াই নহয়, এই দুয়োটা ফোনকে ইউপিআই পেমেণ্টৰ বাবে জিঅ’পেৰ সুবিধা দিয়া হৈছে । ইয়াৰ উপৰিও কিপেড থকা এই দুয়োটা মাল্টিমিডিয়া ফিচাৰ ফোনতে ইন-বিল্ড চাউণ্ড বক্সো আছে, যিয়ে ইউপিআই লেনদেনৰ পিছত পেমেণ্টৰ তথ্য প্ৰদান কৰিব ।

লগতে পঢ়ক: ছেভিংছ একাউণ্টৰ লগতে নতুন JioFinance app ত বিভিন্ন সুবিধা

জিঅ’, এয়াৰটেল, ভোডাফোন আইডিয়া - কোনে প্ৰদান কৰিছে উন্নত ৰিচাৰ্জ প্লেন ? - Reliance Jio vs Airtel vs Vi

Jio গ্ৰাহকৰ বাবে সুখবৰ : ঘৰতে অনায়াসে লাভ কৰক Jio ছিম - Activate SIMs at home

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.