ETV Bharat / technology

শীঘ্ৰে ভাৰতীয় বজাৰত Infinix ৰ ভাঁজ কৰিব পৰা স্মাৰ্টফোন - Foldable mobile phones

author img

By ETV Bharat Tech Team

Published : 3 hours ago

Infinix Zero Flip 5G Smartphone: সম্প্ৰতি ট্ৰেণ্ডত আছে ফোল্ডেবল স্মাৰ্টফোন । ছেমছাঙৰ পিছত এতিয়া Infinix এ বজাৰত মুকলি কৰিবলৈ ওলাইছে বহু প্ৰত্যাশিত ভাঁজ কৰিব পৰা ফোন । অৱশ্যে ছেমছাঙৰ তুলনাত এই স্মাৰ্টফোনটোৰ দাম আধা ।

Infinix
শীঘ্ৰে ভাৰতীয় বজাৰত Infinix ৰ ভাঁজ কৰিব পৰা স্মাৰ্টফোন (Infinix)

নিউজ ডেস্ক, 23 ছেপ্টেম্বৰ: বজাৰত বৃদ্ধি পাইছে ভাঁজ কৰিব পৰা ফোনৰ গুৰুত্ব ৷ স্মাৰ্টফোন নিৰ্মাতা কোম্পানীবোৰে এতিয়া সাধাৰণ ফোনৰ পৰিৱৰ্তে ফ্লিপ কৰিব পৰা ফোনত অধিক গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে । Infinix য়েও সদ্যহতে নিৰ্মাণ কৰি উলিয়াইছে ভাঁজ কৰিব পৰা ফোন । কোম্পানীটোৱে অতি সোনকালে এটা ভাঁজ কৰিব পৰা স্মাৰ্টফোন বজাৰত মুকলি কৰিব বুলি জানিব পৰা গৈছে । এইটোৱেই কোম্পানীটোৰ প্ৰথমটো ভাঁজ কৰিব পৰা ম’বাইল ফোন হ’ব । ফোনটোৰ ডিজাইন, বৈশিষ্ট্যৰ বিষয়ে জানো আহক ---

ভাৰতত Infinix Zero Flip 5G ৰ দাম কিমান?

সংবাদ মাধ্যমৰ খবৰ অনুসৰি ভাৰতকে ধৰি বিশ্বৰ বজাৰত শীঘ্ৰে মুকলি হ’ব Infinix Zero Flip 5G ফোন । ভাৰতত ইয়াৰ মূল্য 50 হাজাৰৰ পৰা 55 হাজাৰ টকা পৰ্যন্ত হ’ব । ছেমছাঙে ভাৰতত মুকলি কৰিছে Galaxy Z Flip 6 ফোন, যিটোৰ দাম 1,09,999 টকা । কিন্তু Infinix এ এই ফল্ডেবল ফোনটো ভাৰতীয় বজাৰত ছেমছাঙৰ আধা দামত বিক্ৰী কৰিব বুলি জানিব পৰা গৈছে ।

Infinix Zero Flip 5G ৰ বৈশিষ্ট্য

  • 6 NM মিডিয়াটেক ডাইমেনচিটি 8020 চিপছেট
  • 8 GB ৰেম আৰু 512 GB ষ্ট’ৰেজ
  • 6.9 ইঞ্চিৰ Full HD+ LTPO AMOLED স্ক্ৰীণ
  • 3.64 ইঞ্চিৰ কভাৰ ডিছপ্লে
  • 120Hz ৰিফ্ৰেছ ৰেট
  • 4,720 mAh বেটাৰী
  • চাইড ফিংগাৰপ্ৰিণ্ট চেন্সৰ
  • ডুৱেল স্পীকাৰ
  • প্ৰস্থ 7.64 মিলিমিটাৰ (অনফল্ড) আৰু 16.04 মিলিমিটাৰ (ভাঁজ কৰা)
  • 70W চাৰ্জিং
  • গেৰিলা গ্লাছ সুৰক্ষা

ৰঙৰ বিকল্প

জানিব পৰা মতে এই ভাঁজ কৰিব পৰা স্মাৰ্টফোনটো 2 ৰঙৰ বিকল্পত উপলব্ধ ৷ ৰক ব্লেক আৰু ব্লাছম গ্লো ৷

কেমেৰা

Infinix Zero Flip 5G কেমেৰাটো অসাধাৰণ হ’ব । ইয়াত অপটিকেল ইমেজ ষ্টেবিলাইজেচনৰ সৈতে 50 MP প্ৰাইমেৰী কেমেৰা আৰু পিছ ফালৰ কেমেৰাটো 50 MP আল্ট্ৰা ৱাইড হ’ব । লগতে থাকিব 50 MP চেলফি কেমেৰা ।

লগতে পঢ়ক: অক্টোবৰত বজাৰলৈ OnePlus 13 - OnePlus 13 Set to Launch

চীনৰ বজাৰত মুকলি বিশ্বৰ প্ৰথমটো ভাঁজ কৰিব পৰা স্মাৰ্টফোন - Foldable mobile phones

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.