ETV Bharat / technology

বৰষুণৰ বতৰত মানুহ নুঠাকৈ নাথাকে মটৰচাইকেলত ! - Tips to maintain bike in monsoon

Tips to maintain bike in monsoon : বৰষুণৰ বতৰত মটৰচাইকেল নচলাও বুলিয়ে নচলোৱাকৈটো আৰু থাকিব নোৱাৰি ৷ বিভিন্ন কামত মটৰচাইকেলখনেই একমাত্ৰ সাৰথি ৷ সেয়ে জানি লওক বাৰিষাত কেনেদৰে আপুনি আপোনাৰ বাহনখন সুৰক্ষিত কৰি ৰাখিব পাৰিব-

author img

By ETV Bharat Features Team

Published : Jul 6, 2024, 11:14 AM IST

how to save motorcycle in rainy season follow these tips to maintain bike
বৰষুণৰ বতৰত মটৰচাইকেলৰ যত্ন ((ANI))

বৰষুণৰ বতৰ বুলিয়েটো আৰু কাম-বনবোৰ আৰু বন্ধ হৈ নাযায় ৷ চলিয়ে থাকে দৈনন্দিন জীৱন ৷ কামৰ খাতিৰত, পেটৰ তাড়নাত প্ৰতিজন মানুহেই বাধ্য ঘৰৰ পৰা ওলাবলৈ ৷ বহু মানুহৰ যাত্ৰাৰ একমাত্ৰ সাৰথি হৈছে তেওঁৰ মটৰচাইকেল নতুবা গাড়ীখন ৷

এতিয়া বৰষুণ দিছে বুলিয়েটো সেইখন ঘৰৰ পৰা নুলিওৱাকৈ থাকিব নোৱাৰে বেয়া হোৱাৰ ভয়ত ৷ চিন্তাটো থাকিবই, সেই চিন্তা মূৰত লৈয়ে চলাই থাকিব লাগিব মটৰচাইকেল আৰু গাড়ী ৷ পিছে আমি আপোনালোকৰ সেই চিন্তা দূৰ কৰাৰ কেইটামান টিপছ লৈ আহিছো ৷ দূৰ নকৰিলেও অন্তত সেই চিন্তা কিছু পৰিমাণে হ’লেও লাঘৱ হ’ব ৷

দেশৰ বেছিভাগ ঠাইতে এতিয়া ধাৰাসাৰ বৰষুণ হৈ আছে । যাৰ বাবে মানুহে অন্যান্য সম্পত্তিৰ লগতে বাহন সুৰক্ষিত কৰি ৰখাত অলপ চিন্তিত হৈ পৰিছে । আৰু মন কৰিবলগীয়া কথাটো হ’ল যে বাৰিষাৰ সময়ত মটৰচাইকেল বা গাড়ীৰ সঠিক যত্ন নল’লে বহু সমস্যাই দেখা দিবলৈ ধৰে । সেয়ে বৰষুণত বাহন কেনেদৰে সুৰক্ষিত ৰাখিব লাগে তাৰ তেনেই সাধাৰণ কেইটমান উপায় তলত উল্লেখ কৰা হ’ল-

মটৰচাইকেল কেতিয়াও মুকলি ঠাইত ৰখাই নথ’ব

বাৰিষাৰ সময়ত পাৰ্কত মটৰচাইকেল ৰখাই থোৱাৰ পৰা বিৰত থাকিব লাগে ৷ কাৰণ কেতিয়াবা বৰষুণৰ লগে লগে প্ৰচণ্ড বতাহো বলে । ইয়াৰ ফলত গছ-গছনি ভাঙি যান-বাহনৰ ক্ষতিসাধন হয় । সেইবাবেই পাৰ্কত বা গছৰ তলত মটৰচাইকেল ৰখাব নালাগে ।

মটৰচাইকেল ঢাকি ৰাখক

যদি আপুনি বিচাৰে যে আপোনাৰ মটৰচাইকেলখনৰ কোনো ক্ষতি নহয়, তেন্তে ইয়াক ঢাকি ৰাখক । যদি আপোনাৰ মটৰচাইকেলখন এনে ঠাইত ৰখাই থোৱা আছে য’ত ছাঁ নাই, তেন্তে ঢাকি থোৱাটো জৰুৰী ।

মটৰচাইকেলৰ টায়াৰৰ যত্ন ল'ব

যদি মটৰচাইকেল এখন দীঘলীয়া সময়ৰ বাবে পানীত ৰখাই থোৱা হয়, ই ইয়াৰ টায়াৰৰ ক্ষতি কৰিব পাৰে । কেৱল এয়াই নহয়, যদি আপোনাৰ মটৰচাইকেলৰ টায়াৰ পুৰণি হৈছে, তেন্তে কেতিয়াবা ইয়াত পানীও সোমাই যাব পাৰে ৷ ই টায়াৰটো ক্ষতিগ্ৰস্ত কৰে । সেয়েহে, মটৰচাইকেল কেতিয়াও পানী থকা ঠাইত ৰখাই থ’ব নালাগে ।

পেট্ৰ’লৰ টেংকিত পানী সোমাবলৈ নিদিব

প্ৰায়ে বাইকৰ পেট্ৰ’ল টেংকিৰ ঢাকনিখন ঢিলা হৈ পৰে । ইয়াৰ বাবেই মটৰচাইকেলৰ টেংকিত পানী সোমোৱাৰ সম্ভাৱনাই দেখা দিয়ে । যদি আপোনাৰ মটৰচাইকেলৰ পেট্ৰ’ল টেংকিৰ ঢাকনিখন ঢিলা হৈ গৈছে, তেন্তে তৎক্ষণাত মেৰামতি কৰাওক, কাৰণ পেট্ৰ’ল টেংকিত পানী সোমোৱাৰ পিচত মটৰচাইকেল ষ্টাৰ্ট কৰাৰ ক্ষেত্ৰত সমস্যাই দেখা দিয়ে আৰু ষ্টাৰ্ট বাৰে বাৰে বন্ধ হ’বলৈ আৰম্ভ কৰে ।

স্পাৰ্ক প্লাগ সুৰক্ষিত কৰক

বহু সময়ত মটৰচাইকেলৰ স্পাৰ্ক প্লাগটো পানীৰে ভৰি পৰে । ইয়াৰ বাবেই মটৰচাইকেল ষ্টাৰ্ট কৰোতে অসুবিধাৰ সৃষ্টি হয় । ইয়াৰ পৰা হাত সাৰিবলৈ মটৰচাইকেলৰ স্পাৰ্ক প্লাগ সঠিকভাৱে ঢাকি ৰখাটো জৰুৰী ।

মটৰচাইকেলৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ ওপৰত গুৰুত্ব দিয়ক

বহু সময়ত দেখা যায় যে আমি মটৰচাইকেল চলাওঁতে বোকা বা মাটিৰে আবৃত হৈ পৰে । এই বোকা যদি বাহনখনত বেছি সময়ৰ বাবে লাগি থাকে তেন্তে বাহনখনত মামৰ পৰাৰ আশংকা বৃদ্ধি পায় । সেয়ে বহু সময় বোকা বা মাটি জমা হ’বলৈ নিদি চাফা কৰি থাকিব লাগে । কেৱল এয়াই নহয়, যদি মটৰচাইকেলত মামৰ লাগিছে তেন্তে মামৰ পৰা ঠাইত তেলৰ ৰং লগাওক ।

মটৰচাইকেলৰ চাৰ্ভিচ কৰাওক

মটৰচাইকেলৰ চাৰ্ভিচ কৰাটো গুৰুত্বপূৰ্ণ । বাৰিষাৰ সময়ত এইটো আৰু অধিক গুৰুত্বপূৰ্ণ হৈ পৰে । গতিকে মটৰচাইকেলখনত কিবা সমস্যাই দেখা দিলে তৎক্ষণাত মেকানিকক দেখুৱাব যাতে ডাঙৰ সমস্যাৰ পৰা হাত সাৰিব পাৰে ।

লগতে পঢ়ক : খিৰিকীৰ কাষত, মাজত নে শেষত... বিমানৰ কোনখন আসন আটাইতকৈ সুৰক্ষিত ? - What Is The Safest Seat On Plane

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.