ETV Bharat / technology

অলাৰ বিৰুদ্ধে কঠোৰ কেন্দ্ৰীয় চৰকাৰ; গ্ৰাহকৰ ধন বেংক একাউণ্টত প্ৰদানৰ নিৰ্দেশ

Ola: অলাৰ বিৰুদ্ধে কঠোৰ কেন্দ্ৰীয় চৰকাৰ । কোম্পানীয়ে এতিয়া গ্ৰাহকৰ ধন তেওঁলোকৰ বেংক একাউণ্টত দিব লাগিব বুলি চৰকাৰে নিৰ্দেশ দিছে ।

Etv Bharat
অলাৰ বিৰুদ্ধে কঠোৰ কেন্দ্ৰীয় চৰকাৰ; গ্ৰাহকৰ ধন বেংক একাউণ্টত দিয়াৰ নিৰ্দেশ (ETV Bharat)
author img

By ETV Bharat Tech Team

Published : Oct 14, 2024, 2:51 PM IST

নিউজ ডেস্ক, 14 অক্টোবৰ: টেক্সি সেৱা প্ৰদানকাৰী অলা কেবছৰ স্বেচ্ছাচাৰীতা সন্দৰ্ভত কঠোৰ হৈ পৰিছে চৰকাৰ । দৰাচলতে কেন্দ্ৰীয় গ্ৰাহক সুৰক্ষা কৰ্তৃপক্ষই অলা কেবছক ‘গ্ৰাহককেন্দ্ৰিক’ নীতি ৰূপায়ণ কৰিবলৈ নিৰ্দেশ দিছে । ইয়াৰ ভিতৰত ৰিফাণ্ড বিকল্প দিয়া আৰু অটো ৰাইডৰ বাবে বিল দিয়াও অন্তৰ্ভুক্ত । এই পদক্ষেপ লোৱা হৈছিল যেতিয়া CCPA ই গম পাইছিল যে যেতিয়াই কোনো গ্ৰাহকে Ola এপত অভিযোগ দাখিল কৰে, তেতিয়াই Ola ই কোনো প্ৰশ্ন নোহোৱাকৈ ৰিফাণ্ড পলিচীৰ অধীনত কেৱল কুপন ক’ডহে জাৰি কৰে । পৰৱৰ্তী বুকিঙৰ বাবে কুপন ক’ড ব্যৱহাৰ কৰিব পাৰিব । CCPA ৰ শেহতীয়া নিৰ্দেশনাৰ অৰ্থ হ’ল এতিয়া গ্ৰাহকে তেওঁলোকৰ বেংক একাউণ্টত বা কুপনৰ ৰূপত ধন ঘূৰাই পাব পাৰিব ।

বেংক একাউণ্টত ধন ঘূৰাই দিয়াৰ কোনো বিকল্প নাছিল

CCPA ই দেখিলে যে অলাৰ ৰিফাণ্ড পলিচিত কেৱল ভৱিষ্যতৰ ৰাইডৰ বাবে কুপন ক’ডহে প্ৰদান কৰা হৈছিল, আনহাতে গ্ৰাহকক বেংক একাউণ্টত ৰিফাণ্ডৰ বিকল্প দিয়া হোৱা নাছিল । CCPA য়ে এক বিবৃতিযোগে কয় যে এই ব্যৱস্থাই গ্ৰাহকৰ অধিকাৰ খৰ্ব কৰে ।

বিলো জাৰি কৰাৰ নিৰ্দেশ

নিয়ন্ত্ৰণকাৰী CCPA য়ে কয় যে প্ৰশ্নবিহীন ৰিফাণ্ড নীতিৰ অৰ্থ এইটো হ’ব নোৱাৰে যে কোম্পানীয়ে মানুহক কেৱল আন এখন ৰাইড পাবলৈহে এই সুবিধা ব্যৱহাৰ কৰিবলৈ উৎসাহিত কৰে । নিয়ন্ত্ৰকগৰাকীয়ে Ola ক নিজৰ প্লেটফৰ্মৰ জৰিয়তে বুকিং কৰা সকলো অটো ৰাইডৰ বিল জাৰি কৰিবলৈও নিৰ্দেশ দিয়ে ।

গ্ৰাহক হেল্পলাইনত Ola ৰ বিৰুদ্ধে 2,061 টা অভিযোগ

National Consumer Helpline (NCH) ৰ তথ্য অনুসৰি 2024 চনৰ 1 জানুৱাৰীৰ পৰা 2024 চনৰ 9 অক্টোবৰলৈকে Ola ৰ বিৰুদ্ধে 2061 টা অভিযোগ পঞ্জীয়ন কৰা হৈছে । এই অভিযোগসমূহৰ অধিকাংশই বুকিং কৰাৰ সময়তকৈ অধিক ভাড়া লোৱা আৰু গ্ৰাহকক ধন ঘূৰাই নিদিয়াৰ অভিযোগ আছিল ।

লগতে পঢ়ক: উৎসৱৰ বতৰত অলা স্কুটাৰত 25000 টকাৰ ৰেহাই

জনপ্ৰিয় কমেডিয়ান কুনাল কামৰাৰ বিৰুদ্ধে গৰজি উঠিল অ’লাৰ শীৰ্ষ কাৰ্যবাহী বিষয়া

বাহনৰ ক্ৰয় ব্যয়ৰ ওপৰত ভিত্তি কৰি নিৰ্ধাৰণ কৰা হৈছে ভাড়া; ক’ত ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.