ETV Bharat / technology

আগন্তুক বছৰৰ আৰম্ভণিতে BSNL এ মুকলি কৰিব 5G সেৱা - BSNL 5G

BSNL: ভাৰতীয় সঞ্চাৰ নিগম লিমিটেডে 2025 চনৰ আৰম্ভণিতে মুকলি কৰিব 5G সেৱা । এই কথা আনুষ্ঠানিকভাৱে প্ৰকাশ কৰিছে BSNL এ ।

BSNL 5G Rollout to Start in Early 2025 Across Key Delhi Sites
আগন্তুক বছৰৰ আৰম্ভণিতে BSNL এ মুকলি কৰিব 5G সেৱা (X/@DoT_India)
author img

By ETV Bharat Tech Team

Published : Nov 6, 2024, 4:48 PM IST

হায়দৰাবাদ: ইতিমধ্যে দেশত আৰম্ভ হৈছে 5G সেৱা । জিঅ’, এয়াৰটেল আৰু ভোডাফোন আইডিয়া কোম্পানীয়ে গ্ৰাহকৰ বাবে 5G সেৱা আগবঢ়াইছে । এতিয়া ভাৰতীয় সঞ্চাৰ নিগম লিমিটেডেও 5G সেৱা মুকলি কৰিব বুলি জানিব পৰা গৈছে । জানিব পৰা মতে গ্ৰাহকৰ বাবে শীঘ্ৰেই BSNL-এ মুকলি কৰিব 4G আৰু 5G সেৱা । এই সন্দৰ্ভত আনুষ্ঠানিকভাৱে BSNL এ অৱগত কৰিছে ।

মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই এই সন্দৰ্ভত কয় যে, বিএছএনএলে সম্ভৱতঃ অহা বছৰ 2025 চনত 5G সেৱা আৰম্ভ কৰিব ।ভাৰতীয় সঞ্চাৰ নিগম লিমিটেডে 3.6 গিগাহাৰ্টজ আৰু 700 মেগাহাৰ্টজ ফ্ৰিকুৱেন্সি বেণ্ডত 5G ৰেডিঅ’ এক্সেছ নেটৱৰ্ক (আৰএন) আৰু কোৰ নেটৱৰ্কৰ পৰীক্ষণ সম্পূৰ্ণ কৰিছে । তেওঁ কয় যে BSNL ৰ 5G সেৱা অতি সোনকালে সমগ্ৰ দেশতে আৰম্ভ কৰা হ’ব ।

কেতিয়াৰ পৰা আৰম্ভ হ’ব 5G সেৱা

তথ্য অনুসৰি অহা বছৰ মকৰ সংক্ৰান্তিৰ সময়ত BSNL ৰ 5G সেৱা আৰম্ভ হ’ব পাৰে । বি এছ এন এলৰ জেনেৰেল মেনেজাৰ এল শ্ৰীণুৱে সংবাদ মাধ্যমৰ সন্মিলনত ভাষণ দি কোম্পানীয়ে টাৱাৰ আৰু অন্যান্য সঁজুলিসমূহ আপডেট কৰি থকা বুলি অৱগত কৰে ।

বিএছএনএলে প্ৰৱৰ্তন কৰিছে ‘সৰ্বত্ৰে ৱাইফাই’ নামৰ নতুন পৰিকল্পনা । ইয়াৰ ফলত বি এছ এন এলৰ গ্ৰাহকে নতুন ঠাইলৈ গ’লে ৱাই-ফাইৰ সুবিধা লাভ কৰিব পাৰিব । এই প্ৰকল্পৰ নেতৃত্বত আছে ডেপুটি জেনেৰেল মেনেজাৰৰ এটা দল । বিভিন্ন কোম্পানীৰ শুল্ক মূল্য বৃদ্ধিৰ ওপৰত উপ-জেনেৰেল মেনেজাৰ জি. শ্ৰীনিবাসে কয় যে যোৱা কিছুদিনত প্ৰায় 12 হাজাৰ গ্ৰাহকে নম্বৰ পৰ্টেবিলিটিৰ জৰিয়তে বিএছএনএলৰ সৈতে সংযোগ স্থাপন কৰিছে ।

BSNL ৰ লক্ষ্য

তথ্য অনুসৰি বৰ্তমান BSNL কোম্পানীয়ে সমগ্ৰ দেশতে 4G ছাইট স্থাপন কৰি আছে । 2025 চনৰ ভিতৰত এই ছাইটসমূহ 5G লৈ উন্নীত কৰা হ’ব । 2025 চনৰ মাজভাগলৈকে BSNLৰ লক্ষ্য হৈছে এক লাখ স্থানত 4G সেৱা প্ৰদান কৰাটো । ইয়াৰে এতিয়ালৈকে মুঠ 39 হাজাৰ স্থানত কাম সম্পন্ন হৈছে । মন কৰিবলগীয়া যে দেশৰ ভিতৰতে ঘৰুৱা 4G আৰু 5G দুয়োটা মুকলি কৰা বিএছএনএল হ’ব প্ৰথমটো টেলিকম সেৱা । বি এছ এন এলৰ এই সেৱা বৰ্তমান পৰীক্ষণ পৰ্যায়ত আছে ।

চৰকাৰী টেলিকম কোম্পানী ভাৰত সঞ্চাৰ নিগম লিমিটেডে 1876 টা ছাইট স্থাপনৰ নিবিদাৰ বাবে 22 নৱেম্বৰলৈকে নিবিদা দাখিল কৰিব পাৰিব । বিএছএনএলৰ 5G সেৱাৰ নিবিদা ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীৰ মিণ্টো ৰোড, চাণক্যপুৰী, কন’ট প্লেচকে ধৰি বহু স্থানত লাইভ হ’ব । বিএছএনএল 900 মেগাহাৰ্টজ লো-বেণ্ডত কাম কৰে । বিএছএনএল 3.5 গিগাহাৰ্টজ মিড বেণ্ডৰ সহায়ত মুকলি কৰা হ’ব 5G সেৱা ।

লগতে পঢ়ক: গ্ৰাহকলৈ 24GB ডাটা বিনামূলীয়াকৈ আগবঢ়াইছে BSNL এ - 24GB of free data

298 টকাতেই লাভ কৰক 52 দিনৰ বাবে আনলিমিটেড কল আৰু ডাটাৰ সুবিধা - Cheap recharge plan of BSNL

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.