ETV Bharat / technology

স্মাৰ্টফোনযোগে ঋণ লোৱাৰ পূৰ্বে সাৱধান ! - Struggling to get a loan online - STRUGGLING TO GET A LOAN ONLINE

Cyber Fraud: আৰ্থিক অসুবিধাৰ সন্মুখীন হৈছে নেকি? হাততে থকা ফোনটোৰ জৰিয়তে সহজতে অনলাইনত ঋণ সংগ্ৰহ কৰিম বুলি ভাবিছে নেকি ? তেন্তে ৰ’ব আমাৰ এই প্ৰতিবেদনখন পঢ়ক আৰু উচিত সিদ্ধান্ত গ্ৰহণ কৰক ---

Etv Bharat
স্মাৰ্টফোনযোগে ঋণ লোৱাৰ পূৰ্বে সাৱধান ! (Etv Bharat)
author img

By ETV Bharat Tech Team

Published : Sep 3, 2024, 4:39 PM IST

নিউজ ডেস্ক, 3 ছেপ্টেম্বৰ: আজিৰ অনলাইন যুগত সকলো বস্তু হাতৰ মুঠিতে উপলব্ধ । সমাধানৰ দৰেই সমস্যাবোৰৰো উদ্ভৱ হোৱা পৰিলক্ষিত হয় আঙুলিৰ মূৰতে । প্ৰয়োজনত বন্ধু-বান্ধৱ আৰু চিনাকি লোকৰ পৰা ঋণ লোৱাৰ পৰিৱৰ্তে বৰ্তমান অধিক লোকে অনলাইনতে ঋণ লয় । অনুমোদিত বেংক আৰু এনবিএফচিৰ পৰা ঋণ ল’লে আচলতে কোনোৱে সমস্যাৰ সন্মুখীন নহয় ৷ কিন্তু অনুমোদন নোহোৱা এপৰ পৰা হাজাৰ টকা ধাৰ ল’লে বৃহৎ সমস্যাৰ সন্মুখীন হোৱা পৰিলক্ষিত হৈ আহিছে ।

ঋণ প্ৰক্ৰিয়াকৰণকাৰীয়ে কেনেকৈ কাম কৰে

যেতিয়া আপুনি অনলাইনত বেংকৰ ঋণ বিচাৰিব, তেন্তে ধাৰাবাহিকভাৱে এই ঋণ সম্পৰ্কীয় বিজ্ঞাপনবোৰ আপোনাৰ সমুখলৈ আহি থাকিব । কেতিয়াবা ইণ্টাৰনেটত শ্বেয়াৰ কৰা বস্তুৰ ওপৰত ভিত্তি কৰি আপোনাৰ মোবাইল নম্বৰত বিজ্ঞাপন আহিব । এই বিজ্ঞাপনসমূহৰ ভিতৰত অনুমোদিত এপ আৰু অকৰ্তৃত্বশীল এপ থাকিব পাৰে । ভুল এপ বাছি ল’লে কি হ’ব পাৰে সেয়া কল্পনাতীত । এনে ঘটনা বাস্তৱত ঘটি আহিছে ।

আপোনাৰ ফোনটোৱে গোপনীয়তা হেৰুৱায় !

আপুনি এনে এপ ইনষ্টল কৰাৰ লগে লগে বিভিন্ন ধৰণৰ অনুমতি বিচাৰে । ই আপোনাৰ ফোন নম্বৰ বিচাৰে, গেলেৰীৰ অনুমতি, SMSৰ অনুমতি, কল ৰেকৰ্ডৰ অনুমতি ইত্যাদি বিচাৰে । আপুনি যদি সেইবোৰ সকলো দিয়ে, তেন্তে আপুনি ঋণ লাভ কৰাৰ সময়ত তেওঁলোকে আপোনাৰ ফোনটোৰ তথ্য লাভ কৰিব ।

কেলেংকাৰী আৰম্ভ !

উদাহৰণস্বৰূপে, ধৰি লওঁক আপুনি 5000 টকাৰ ঋণ বিচাৰিছে, প্ৰচেছিং মাচুলকে ধৰি বিভিন্ন চাৰ্জ কৰ্তন কৰাৰ পিছত 3500 টকাৰ পৰা 4000 টকা আপোনাৰ একাউণ্টত জমা হ’ব । সৰ্বাধিক তেওঁলোকে ঋণ পৰিশোধ কৰিবলৈ কেইদিনমান সময় দিব । এই দিনকেইটাত প্ৰতিদিনে সুত বৃদ্ধি পাব । এসপ্তাহৰ শেষত তেওঁলোকে 10 হাজাৰ টকা পৰ্যন্ত ঘূৰাই দিবৰ বাবে সৰ্তকণাবাণী দিয়ে । ইতিমধ্যে ধন আদায় দিছে যদিও এইধৰণৰ ভাবুকি আহিয়েই থাকিব ।

যিকোনো পৰ্যায়লৈ যাব এই ভাবুকি !

যদি আপুনি ঋণ লোৱা কৰ্তৃপক্ষই আমনি কৰাৰ পাচতো কোনো সঁহাৰি নিদিয়ে তেন্তে তেওঁলোকৰ পৰৱৰ্তী পদক্ষেপ হ’ব আপোনাৰ মোবাইলৰ পৰা ইতিমধ্যে লোৱা ফোন নম্বৰলৈ গালি-গালাজ কৰা বাৰ্তা প্ৰেৰণ কৰা । আপোনাৰ বন্ধু-বান্ধৱী, কাৰ্যালয়ৰ সহকৰ্মী আৰু আত্মীয়-স্বজনলৈ শ শ মেছেজ প্ৰেৰণ কৰা হ’ব । ইয়াৰ ফলত বহু লোকৰ পৰা আপোনাৰ ওপৰত হেঁচা পৰিব । তাৰ ওপৰিও গেলেৰীৰ ফটো প্ৰেৰণৰ ভাবুকি আৰু ভাবুকি দিয়াৰ কাণ্ডও সংঘটিত হৈছে ।

কি কৰিব

যদি আপুনি এই ঋণৰ ফান্দত আৱদ্ধ হৈ পৰে তেন্তে আতংকিত নহ’ব । প্ৰথমে আপোনাৰ আত্মীয় আৰু বন্ধু-বান্ধৱক এই পৰিস্থিতিৰ বিষয়ে জনাওক আৰু তেওঁলোকক বুজাওক । তাৰ পিছত ভাৰত চৰকাৰৰ চাইবাৰ অপৰাধ বিভাগৰ ৱেবছাইট https://cybercrime.gov.in/ ত আপোনাৰ অভিযোগ পঞ্জীয়ন কৰক । অথবা আপুনি আপোনাৰ ৰাজ্যৰ চাইবাৰ অপৰাধ আৰক্ষীৰ ওচৰত পোনপটীয়াকৈ অভিযোগ দাখিল কৰিব পাৰে ।

কি নকৰিব

দুষ্ট চক্ৰটোৱে নিৰ্দেশ দিয়াৰ দৰে বাৰে বাৰে টকা পঠিয়াব নালাগে । বন্ধু-বান্ধৱীয়ে গম পালে বুলিয়েই লজ্জা অনুভৱ কৰা উচিত নহয় । আৰ্থিক সমস্যাৰ যিকোনো মানুহে সন্মুখীন হ’ব পাৰে ।

প্ৰৱঞ্চনামূলক এপ কেনেদৰে ধৰা পেলাব

প্ৰৱঞ্চনামূলক ঋণৰ এপ ধৰা পেলাবলৈ ব্যৱস্থা গ্ৰহণ কৰি আছে কেন্দ্ৰীয় চৰকাৰে । ইতিমধ্যে ইয়াৰ দ্বাৰা চীনৰ কিছুমান ঋণ দিয়া এপত নিষেধাজ্ঞা জাৰি কৰা হৈছে । এই এপসমূহে আন্তঃৰাষ্ট্ৰীয় নেটৱৰ্কৰ সৈতে কাম কৰে । ভাৰতত কল চেণ্টাৰ স্থাপন আৰু কল চেণ্টাৰ চলি থকাৰ বাবে এনে ভাবুকি আহে । আপুনি অচিনাকি আৰু তৎক্ষণাত ঋণ প্ৰদান কৰা উচ্চ সুতৰ হাৰ দাবী কৰা কোনো এপৰ পৰা ঋণ নিবিচাৰিব ।

RBI এ গ্ৰহণ কৰা ব্যৱস্থা

ভাৰতত বিত্তীয় জালিয়াতি ৰোধৰ দায়িত্বত আছে ভাৰতীয় ৰিজাৰ্ভ বেংক । প্ৰথম পৰ্যায়ত ৰাজহুৱা ভঁৰাল নামৰ ক্ৰেডিট এপ্লিকেচনৰ বিষয়ে তথ্য থকা এটা মঞ্চ নিৰ্মাণৰ প্ৰচেষ্টা চলোৱা হৈছে । RBI ৰ সঞ্চালক শক্তিকান্ত দাসে আগষ্ট মাহৰ বিত্তীয় নীতি (দুমহীয়া মুদ্ৰানীতি)ত এই কথা উল্লেখ কৰি কয় যে যেতিয়া আঁচনিখন কাৰ্যকৰী হ’ব তেতিয়া ৰাইজে অনুমোদিত ক্ৰেডিট প্ৰচেছৰ কোন কোন সেই সম্পৰ্কে ব্যাখ্যা পাব । গতিকে এতিয়ালৈকে সঠিক ঋণ এপ বিচাৰি উলিওৱাৰ কোনো স্পষ্ট পদ্ধতি নাই । বৰ্তমান সকলোৱে অচিনাকি এপৰ ব্যৱহাৰ এৰাই চলাটো উচিত ।

লগতে পঢ়ক: প্ৰৱঞ্চকক গ্ৰেপ্তাৰৰ পিছতে হাহাকাৰ লাগিল ভুক্তভোগী গ্ৰাহকৰ মাজত - Fraudster in Assam

একেনিশাই ধনী হোৱাৰ সপোনে পানীত পেলোৱালে কোটি কোটি টকা - YBY trading app

৬৪ কোটি ইহাত-সিহাত : মধ্যপ্ৰদেশৰ বিধায়কৰ ঘৰত সোমাল অসম আৰক্ষী - Assam Police

নিজ কন্যাৰ বাবেই গৃহহীন এক দম্পতী : চকুলোৰ বাদে একোৱেই নাই দুৰ্ভগীয়া পিতৃ-মাতৃৰ - Fraud by daughter in Guwahati

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.