ETV Bharat / technology

আপোনাৰ মৃত্যু কেতিয়া হ’ব - জানক মাত্ৰ এটা এপৰ জৰিয়তে - AI POWERED DEATH CLOCK APP

মৃত্যুৰ তাৰিখ ক'ব পৰা এটা এপ ৷ ক’ত উপলব্ধ এই এপটো ! জানক এই প্ৰতিবেদনযোগে ৷

The only clock that can stop death
আপোনাৰ মৃত্যু কেতিয়া হ’ব - জানক মাত্ৰ এটা এপৰ জৰিয়তে (Google Play Store)
author img

By ETV Bharat Tech Team

Published : Dec 12, 2024, 4:16 PM IST

হায়দৰাবাদ: বৰ্তমান সময়ত প্ৰযুক্তিৰ বিকাশ কিমান হৈছে সেয়া নতুনকৈ উনুকিওৱাৰ প্ৰয়োজন নাই । প্ৰযুক্তি খণ্ডই দিনক দিনে নতুন নতুন ইতিহাস সৃষ্টি কৰিছে । কৃত্ৰিম বুদ্ধিমত্তাৰ আৱিষ্কাৰ প্ৰযুক্তিখণ্ডৰ বাবে এক বৃহৎ সফলতা । এই কৃত্ৰিম বুদ্ধিমত্তাই ব্যৱসায়, বাণিজ্য, সেৱা আদি সকলো খণ্ডতে বিয়পি পৰিছে আৰু বহুতো অসম্ভৱ কাম সম্ভৱ কৰি তুলিছে । ইয়াৰ মাজতেই শেহতীয়াকৈ এআই এ উদ্ভাৱন ‘ডেথ ক্লক’ ।

'মৃত্যু'.. কাৰ কেতিয়া কেনেকৈ হ'ব সেয়া জনা নাযায় । কিন্তু AIৰ সহায়ত কাম কৰা এই ‘Death Clock’ এপটোৱে আমাক আমাৰ ‘death date’ জনায় । অবিশ্বাস্য যেন লাগিলেও এই কথা সঁচা । এই এপটোৱে.. আমাৰ স্বাস্থ্যৰ অৱস্থাৰ ওপৰত ভিত্তি কৰি মৃত্যুৰ সময়ৰ কথা অৱগত কৰে । বৰ্তমান এই এপটো গুগল প্লে ষ্ট’ৰৰ লগতে এপল ষ্ট’ৰতো ডেথ ক্লক এপ হিচাপে উপলব্ধ । ইচ্ছা কৰিলে আপুনিও চেক কৰি চাব পাৰে । এই এপটো আচলতে কি? কেনেকৈ কাম কৰে? কাৰ বাবে উপলব্ধ? সকলো সবিশেষ আপোনাৰ বাবে -

Death Clock App

এজন ব্যক্তিৰ মৃত্যুৰ সময় জনোৱা এই Death Clock এপটো ব্ৰেণ্ট ফ্ৰান্সনে প্ৰস্তুত কৰিছিল । মৃত্যুৰ তাৰিখ নিৰ্ণয় কৰিবলৈ ই এআই ব্যৱহাৰ কৰি চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰল এণ্ড প্ৰিভেনচন (চিডিচি) আৰু 5.3 কোটি অংশগ্ৰহণকাৰীক জড়িত 1200 আন্তঃৰাষ্ট্ৰীয় অধ্যয়নৰ চৰকাৰী তথ্য বিশ্লেষণ কৰে । ইয়াৰ বাবে কলেষ্টেৰল, বি পি, চেনিৰ মাত্ৰা, খাদ্যাভ্যাস, ব্যায়াম, সম্পৰ্ক ইত্যাদি কাৰকসমূহৰ প্ৰতি লক্ষ্য ৰখা হয় ।

অৱশ্যে ব্ৰেণ্ট ফ্ৰান্সনে কয় যে তেওঁলোকৰ উদ্দেশ্য মানুহক তেওঁলোকৰ মৃত্যুৰ তাৰিখ অৱগত কৰোৱাই ভয় খুওৱা নহয়, বৰঞ্চ তেওঁলোকৰ স্বাস্থ্যৰ অৱস্থাৰ সঠিক বুজাবুজি প্ৰদান কৰাহে । তেওঁ কয় যে ই স্বাস্থ্য আৰু বীমা কোম্পানীসমূহৰ পৰা সংগ্ৰহ কৰা পৰম্পৰাগত আয়ুসৰ তথ্যসমূহ কৃত্ৰিম বুদ্ধিমত্তাৰ এলগৰিদমৰ সৈতে সংযুক্ত কৰি মৃত্যুৰ তাৰিখ গণনা কৰে ।

ই কেনেকৈ কাম কৰে?

আমি দৈনিক খোৱা চেনিৰ পৰিমাণৰ পৰা আৰম্ভ কৰি ককা-আইতাৰ সৈতে জড়িত সবিশেষলৈকে সকলো সবিশেষ এপটোক দিব লাগিব । আমি দিয়া তথ্যৰ ভিত্তিত এই মৃত্যু ঘড়ীটোৱে হিচাপ কৰে যে আমি মৃত্যুৰ কিমান কাষ চাপিছো । সেই তথ্যৰ ভিত্তিত আমাক স্বাস্থ্য সম্পৰ্কীয় পৰামৰ্শ আগবঢ়ায় ।

ইয়াৰ লগে লগে নেটিজেনসকলে ‘মৃত্যুৰ তাৰিখ’ৰ পৰ্যালোচনা কৰি আছে যে ই আমাক আমাৰ স্বাস্থ্য সন্দৰ্ভত প্ৰয়োজনীয় সতৰ্কবাণী প্ৰদান কৰিছে আৰু আমি কি উন্নত কৰিব লাগিব সেই বিষয়ে পৰামৰ্শ দিছে । তদুপৰি কিছুমানৰ মতামত যে যদি আমি জানো যে আমি দহ বছৰৰ পাছত মৰি যাম, তেন্তে আমি আমাৰ পৰিয়ালৰ প্ৰয়োজন অনুসৰি আমাৰ আৰ্থিক ব্যৱস্থা সযতনে পৰিকল্পনা কৰিম বা মৃত্যুৰ কাৰণ হ’ব পৰা স্বাস্থ্যজনিত সমস্যাৰ ওপৰত গুৰুত্ব দি আমাৰ আয়ুস বৃদ্ধি কৰিম ।

কাৰ বাবে উপলব্ধ

এই Death Clock এপটো প্ৰথম তিনিদিন বিনামূলীয়াকৈ ব্যৱহাৰ কৰিব পাৰিব । ইয়াৰ পিছত মাহেকীয়া বা বাৰ্ষিক চাবস্ক্ৰিপচন ল’ব লাগিব । অৱশ্যে এই এপটো ভাৰতত এতিয়াও উপলব্ধ নহয় । কিন্তু ইতিমধ্যে বিশ্বজুৰি 1.20 লাখ লোকে এই Death Clock এপটো ডাউনলোড কৰিছে ।

লগতে পঢ়ক: আইফোনৰ বাবে Google এ মুকলি কৰিলে Gemini এপ

ছেভিংছ একাউণ্টৰ লগতে নতুন JioFinance app ত বিভিন্ন সুবিধা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.