ETV Bharat / technology

শীঘ্ৰেই পৃথিৱীৰ পৰা বিদায় ল’ব ‘মিনি মুন’ এ - SECOND MOON OF EARTH

Earth’s Temporary Second Moon: শেহতীয়াকৈ পৃথিৱীয়ে এটা সৰু গ্ৰহাণু 2024 PT5 ক অস্থায়ী দ্বিতীয় চন্দ্ৰ হিচাপে ধৰি ৰাখিছে যদিও অতি সোনকালে পৃথিৱীৰ পৰা বিদায় ল’ব।

2024 PT5: Earth's Temporary Second Moon Prepares To Say Good Bye
শীঘ্ৰেই পৃথিৱীৰ পৰা বিদায় ল’ব ‘মিনি মুন’ এ ((file image))
author img

By ETV Bharat Tech Team

Published : Nov 4, 2024, 2:17 PM IST

হায়দৰাবাদ: পৃথিৱীৰ সমীপত স্থাপন কৰা দ্বিতীয় জাহান বা মিনি মুন শীঘ্ৰেই যাবগৈ । বিগত ছেপ্টেম্বৰ মাহত পৃথিৱীৰ ওচৰেৰে পাৰ হৈ গৈছিল এই মুনটো । ইয়াৰ নাম ৰখা হৈছিল ‘মিনি মুন বা PT5 2024’ । কেইসপ্তাহমানৰ পিছত আমাৰ অস্থায়ী প্ৰতিবেশী তথা মুনটো পৃথিৱী এৰি গুচি যাব । এই গ্ৰহাণু (সূৰ্যৰ চাৰিওফালে গতি কৰা এটা সৰু শিলৰ পদাৰ্থ) পৃথিৱীৰ মহাকৰ্ষণ বলৰ পৰা পলায়ন কৰি সূৰ্যক প্ৰদক্ষিণ কৰিব ।

চলিত বৰ্ষৰ 7 আগষ্টত হাৱাইৰ হালেয়াকালা মানৱ নিৰীক্ষণ কেন্দ্ৰত নাছাৰ এষ্টেৰইড টেৰেষ্ট্ৰিয়েল-ইমপেক্ট লাষ্ট এলাৰ্ট চিষ্টেম (ATLAS)ৰ দ্বাৰা প্ৰথমবাৰৰ বাবে গ্ৰহাণু 2024 PT5 ধৰা পৰিছিল । ইয়াৰ পিছত কম্প্লুটেন্স বিশ্ববিদ্যালয়ৰ জ্যোতিৰ্বিজ্ঞানীসকলে দক্ষিণ আফ্ৰিকাৰ চাথাৰলেণ্ডত অৱস্থিত উচ্চ শক্তিৰ টেলিস্কোপ ব্যৱহাৰ কৰি অধিক পৰ্যবেক্ষণ কৰে ।

পৃথিৱীয়ে প্ৰায়ে বিপথে পৰিচালিত গ্ৰহাণুবোৰ ধৰি ৰাখে, যিবোৰক মিনি চন্দ্ৰলৈ ৰূপান্তৰিত কৰে । কিন্তু এই আকাশী পদাৰ্থবোৰ সাধাৰণতে ক্ষুদ্ৰ আৰু ক্ষন্তেকীয়া ৰূপৰ বাবে ইয়াক ধৰা পেলোৱাটো কঠিন হৈ পৰে । কিন্তু উন্নত টেলিস্কোপ প্ৰযুক্তিৰ সহায়ত এতিয়াৰে পৰা এই ক্ষণস্থায়ী চন্দ্ৰবোৰক অধিক সহজে অনুসৰণ কৰিব পাৰিম বুলি এম আই টিৰ জ্যোতিৰ্বিজ্ঞানী ৰিচাৰ্ড বিনজেলে ব্যাখ্যা কৰে ।

তেওঁ লগতে কয়, "আমি এই সৰু সৰু বস্তুবোৰক যথেষ্ট নিয়মিতভাৱে পৰ্যবেক্ষণ কৰিবলৈ আৰম্ভ কৰিছো যাতে ইয়াৰ বিষয়ে অধিক জানিব পাৰো ।"

3474.8 কিলোমিটাৰ ব্যাসৰ আমাৰ চন্দ্ৰৰ তুলনাত 2024 চনৰ PT5 ৰ ব্যাস মাত্ৰ প্ৰায় 10 মিটাৰ বা 33 ফুট, যাৰ বাবে আমি কমেও 30 ইঞ্চি ব্যাসৰ টেলিস্কোপ ব্যৱহাৰ নকৰালৈকে ইয়াক অদৃশ্য কৰি তুলিছে ।

জ্যোতিৰ্বিজ্ঞান বিশেষজ্ঞ উইলিয়াম ব্লেকমৰে লক্ষ্য কৰিছে যে প্ৰতিটো মিনি-মুনে মূল্যৱান অন্তৰ্দৃষ্টি প্ৰদান কৰে আৰু ই বিজ্ঞানীসকলক পৃথিৱীলৈ সম্ভাৱ্য গ্ৰহাণুৰ ভাবুকি অনুসৰণৰ কৌশল উন্নত কৰাত সহায় কৰিব পাৰে । যদিও গ্ৰহাণু খনন বহু দূৰত, ব্লেকমৰে 2024 PT5 ৰ দৰে মিনি-মুন নিৰীক্ষণ কৰিবলৈ প্ৰ'ব বা উপগ্ৰহ ব্যৱহাৰ কৰাৰ কল্পনা কৰিছে ।

লগতে পঢ়ক: পৃথিৱীলৈ নতুন আলহী: আকাশত দেখিবলৈ পোৱা যাব দুটা চন্দ্ৰ - Mini moon

বৃহস্পতিত জীৱৰ বসতি সম্ভৱনে - নাছাই আৰম্ভ কৰিছে অভিযান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.