ETV Bharat / state

মুৰ্খামি কৰিছে বুলি কাক ক’লে জুবিন গাৰ্গে ? - ZUBEEN GARG ON ONLINE TRADING SCAM

author img

By ETV Bharat Assamese Team

Published : Sep 15, 2024, 9:01 AM IST

Heartthrob Zubeen Garg: নিশা নলবাৰীত উখল-মাখল পৰিৱেশ । হঠাৎ নলবাৰীত উপস্থিত হাৰ্থ্ৰৱ জুবিন গাৰ্গ । নলবাৰীত উপস্থিত হৈ ট্ৰেডিং কেলেংকাৰী প্ৰসংগত কি ক'লে জুবিন গাৰ্গে ? স্মাৰ্ট মিটাৰক লৈ সন্তুষ্ট নে জুবিন গাৰ্গ ? সবিশেষ এই প্ৰতিবেদনত ।

Zubeen Garg reacts on online trading scam and smart meter issue in Nalbari
অনলাইন ট্ৰেডিং কেলেংকাৰী প্ৰসংগত জুবিন গাৰ্গ (ETV Bharat Assam)

নলবাৰী,১৪ ছেপ্টেম্বৰ: নলবাৰীত নিশা জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ । শনিবাৰে নিশা নলবাৰী চহৰত এটা শ্বপিং মলৰ ফিটা কাটি শুভাৰম্ভ কৰে শিল্পীগৰাকীয়ে । শ্বপিং মলৰ শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকি অনলাইন ট্ৰেডিং কেলেংকাৰীকে আদি কৰি কেইবাটাও প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে শিল্পীগৰাকীয়ে ।

অনলাইন ট্ৰেডিং কেলেংকাৰী প্ৰসংগত জুবিন গাৰ্গ:

অনলাইন ট্ৰেডিং কেলেংকাৰী প্ৰসংগত জুবিন গাৰ্গে কয়,"সেই বিষয়ে আচলতে জ্ঞান নোহোৱাকৈ হাত দিব নাপায় । ট্ৰেডিঙৰ কথা মই নিজেই নাজানো ইমান । গতিকে সেইকাৰণে ছাগে বহুতে ভুল কৰিছে । ভুলৰো শুদ্ধৰণি আছে । যিসকলে বেয়া কাম কৰিছে তেওঁলোক ধৰা পৰিছে । তেওঁলোকৰ শাস্তি হ'ব । ভৱিষ্যতে যদি শ্বেয়াৰ মাৰ্কেট বা ট্ৰেডিঙৰ কামত আগ্ৰহী হয় তেন্তে ভালকৈ চাই-বুজি ভালকৈ বিনিয়োগ কৰিলেই হ'ল ।"

ইফালে ট্ৰেডিং কেলেংকাৰীত শিল্পী, কলা-কুশলীৰ নাম সাঙোৰ খাই পৰা সন্দৰ্ভত হাৰ্টথ্ৰৱ জুবিন গাৰ্গে কয়, "শুনি আছো কথাটো । এতিয়ালৈকে প্ৰকৃত কথাটো পোহৰলৈ অহা নাই । যিয়ে কৰিছে আচলতে মুৰ্খামি কৰিছে ।"

মোৰ ঘৰতো বহুত বিল আহিছে :

ইফালে স্মাৰ্ট মিটাৰ স্থাপন কৰাৰ ফলত সৰ্বসাধাৰণ ৰাইজ অতিষ্ঠ হৈ পৰা প্ৰসংগত তেওঁ কয়, "মোৰ ঘৰতো বহুত বহুত বিল আহি আছে । এইটো কি চিষ্টেম কৰিছে নাজানো । কথাটো খুব ভাল হোৱা নাই । স্মাৰ্ট মিটাৰৰ কথাটো চৰকাৰে বিবেচনা কৰি চাওক । বহুতৰে পৰা অভিযোগ পাইছো । যাক যাক শুধিছো সকলোৱে একেটা কথা কৈছে । য'ত ১২০০ আহিছিল তাত ২০০০ আহে । গতিকে মানুহৰ অদৰকাৰীকৈ পইচা বেছি গৈছে । মইটো গোটেই ষ্টুডিঅ' ছ'লাৰ কৰি দিম বুলি ভাবিছো ।"

'চিকাৰ' চাবলৈ আহ্বান জুবিন গাৰ্গৰ:

ইফালে অহা ২০ ছেপ্টেম্বৰত মুক্তিলাভ কৰিবলগীয়া নতুন অসমীয়া ছবি 'চিকাৰ' চাবলৈ আহ্বান জনালে জুবিন গাৰ্গে । এই সন্দৰ্ভত শিল্পীগৰাকীয়ে কয়, "'চিকাৰ'ক লৈ আমি যথেষ্ট আশাবাদী । এখন ডাঙৰ চিনেমা । লণ্ডনত গৈ শ্বুটিং কৰা প্ৰথম অসমীয়া চিনেমা । প্ৰায় ১০/১২ দিন আমি 'চিকাৰ'ৰ কামতে দৌৰি ফুৰিছোঁ । গতিকে সকলো আহিব 'চিকাৰ' চাবলৈ ।"

নলবাৰীত ছবিগৃহ নথকাত উদ্বেগ প্ৰকাশ:

নলবাৰীৰ দৰে এখন চহৰত এটা ছবিগৃহ নথকা বিষয়টোত গভীৰ উদ্বেগ প্ৰকাশ কৰি জুবিন গাৰ্গে কয়, "এইটো মই শুনিছোঁ । এটা হল লাগে আচলতে নলবাৰীৰ নিচিনা এখন চহৰত । ৰঙিয়া অতি সৰু জেগা, তাতে আছে, গতিকে ইয়াত এটা নহয় দুটামান হল হ'ব লাগে । গতিকে যিসকল উদ্যোগী মানুহ আছে তেওঁলোক আগবাঢ়ি আহক, এটা বা দুটা ভাল হল ইয়াত নিৰ্মাণ কৰক । মানুহে চাই ভাল পাব তেতিয়া ।"

পূজাত কি কৰিব জুবিন গাৰ্গে :

পৰৱৰ্তী পৰিকল্পনা সন্দৰ্ভত তেওঁ কয়,"পূজাত পৰিকল্পনা নাই তেনেকে । মোৰ প্ৰগ্ৰেম কেইখন আছে বাহিৰত । মই পৰৱৰ্তী ছবি আৰম্ভ কৰি নৱেম্বৰ মাহত । নিজৰ এইখন, 'ৰৈ ৰৈ বিনালে' ৰ কাম কৰিম । চিনেমা এখন বনালে বহুত বহিব লাগে । গতিকে সেইবোৰতে ব্যস্ত থাকিম ।" ইয়াৰোপৰি ৰাজ্যত অনুষ্ঠিত হ'বলগীয়া অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ পৰীক্ষাৰ্থীলৈও শুভেচ্ছা জ্ঞাপন কৰে হাৰ্টথ্ৰৱ জুবিন গাৰ্গে ।

লগতে পঢ়ক: ‘চিকাৰ’ লৈ বেছি দিন নাই; সাজু হৈছেনে আপোনালোক ? - Zubeen Garg Assamese film Sikaar

গুৱাহাটী বিশ্ববিদ্যালয়ত 'চিকাৰ’ৰ বাবে অভিযানত নামিল জুবিন - ASSAMESE FILM SIKAAR

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.