যোৰহাট, ১৯ জুলাই: যোৰহাট জিলাৰ মৰিয়নীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা । জিলাখনৰ নাগিনীজান চাহ বাগিচাৰ বিনোদ নায়ক (৩০) নামৰ এজন যুৱকক পিতৃ-মাতৃৰ সন্মুখতেই নিজৰ ঘৰৰ ভিতৰত মৰিয়াই মৰিয়াই গুৰুতৰভাৱে আহত কৰাৰ পিচত ঘৰতেই চিকিৎসা কৰা হৈছিল যুৱকজনক । কিন্তু যোৱা ১৭ জুলাইত যুৱকজনৰ মৃত্যু হয় । ইয়াৰ পিচত যুৱকজনৰ মৃতদেহটো নাগিনীজান চাহ বাগিচাতেই কবৰ দিয়া হয় । এই আক্ৰমণৰ ঘটনাটো যোৱা ৩০ জুনতেই সংঘটিত হৈছিল যদিও বৃদ্ধ পিতৃ-মাতৃয়ে ঘটনাটোৰ বিষয়ে আৰক্ষীক অৱগত কৰা নাছিল । কিন্তু যুৱকজনৰ বহিঃৰাজ্য়ত থকা ভাতৃ ঘৰলৈ উভতি অহাৰ পিচত শুক্ৰবাৰে দেবেৰাপাৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰাত তদন্তৰ বাবে দণ্ডাধীশৰ উপস্থিতিত আৰক্ষীয়ে কবৰ খান্দি উলিয়ালে বিনোদ নায়কৰ মৃতদেহটো ।
ঘটনাৰ বিৱৰণী অনুসৰি জিলাখনৰ নাগিনীজান চাহ বাগিচাৰ বৰলাইনৰ বিনোদ নায়ক (৩০) নামৰ যুৱকজনক যোৱা ৩০ জুনত কোনো কথাক কেন্দ্ৰ কৰি চাহ বাগিচাখনৰ সাতজনীয়া এটা দলে ঘৰৰ ভিতৰতে পিতৃৰ-মাতৃৰ চকুৰ সন্মুখতে দলবদ্ধভাৱে প্ৰহাৰ কৰি মুমুৰ্ষ অৱস্থাত পেলাই থৈ যায় । যোৱা ১৭ জুলাইত মৃত্যুক আঁকোৱালি লয় দলবদ্ধ আক্ৰমণত আহত যুৱকজনে ।
আজি বিনোদ নায়কৰ ভাতৃয়ে এই সন্দৰ্ভত বাগিচাখনৰ মাতু বাকত্তি,কৰমতি গঞ্জু , চুনু কালান্দি ,বিচাল বাকত্তি, চাহিল কালান্দি,তাৰজন কালন্দি আৰু মজিব মাঝিৰ বিৰুদ্ধে হত্য়া কৰাৰ অভিযোগ উত্থাপন কৰি মৰিয়নীৰ দেবেৰাপাৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰে । ইয়াৰ পিচতেই আৰক্ষীয়ে আৰম্ভ কৰে ঘটনাটোৰ তদন্ত । আজিয়েই দণ্ডাধীশৰ উপস্থিতিত কবৰ খান্দি বিনোদৰ মৃতদেহ উলিয়াই মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে আৰক্ষীয়ে ।