ETV Bharat / state

পঞ্চতাৰকা হোটেলত কোনে, কিয় হত্যা কৰিলে মহাৰাষ্ট্ৰৰ সন্দীপক

author img

By ETV Bharat Assamese Team

Published : Feb 6, 2024, 12:00 PM IST

Crime in Guwahati : হোটেল ৰেডিছন ব্লু'ত মহাৰাষ্ট্ৰৰ যুৱকক হত্যা । হত্যা কৰা যুৱকজন সন্দীপ সুৰেশ কামলি বুলি জানিব পৰা গৈছে । ঘটনা সন্দৰ্ভত আজাৰাৰ পৰা যুৱক-যুৱতীক আটক কৰিছে আৰক্ষীয়ে । প্ৰেমজনিত কাৰণতে এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে ।

Youth from Maharastra found deadbody in radission blue guwahati
কিয় হত্যা কৰিলে মহাৰাষ্ট্ৰৰ সন্দীপক

গুৱাহাটী, 6 ফেব্ৰুৱাৰী: মহানগৰীত চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা । গুৱাহাটীৰ পঞ্চতাৰকা হোটেলত ভয়ংকৰ ঘটনাটো সংঘটিত হৈছে । হোটেল ৰেডিছন ব্লুত হত্যা কৰা হৈছে মহাৰাষ্ট্ৰৰ যুৱকক । সন্দীপ সুৰেশ কামলি নামৰ যুৱকজনক হত্যা কৰা হৈছে বুলি জানিব পৰা গৈছে ।

ঘটনা সন্দৰ্ভত আজাৰাৰ পৰা দুই যুৱক-যুৱতীক আটক কৰিছে আৰক্ষীয়ে । বিমানবন্দৰলৈ যোৱাৰ পথত আটক কৰা হৈছে দুয়োকে । দুয়োকে পৃথকে পৃথকে জেৰা চলাইছে জালুকবাৰী আৰক্ষীয়ে । আৰক্ষীৰ এক সূত্ৰৰ পৰা জানিব পৰা মতে প্ৰেমিক প্ৰেমিকা বিকাশ আৰু অঞ্জলিয়ে কলিকতাৰ পৰা আহি ৰেডিচন ব্লু হোটেলৰ 9 মহলাৰ 907 নম্বৰ কোঠাত বাহৰ পাতি আছিল ।

Crime in Guwahati
হোটেল ৰেডিছন ব্লু'ত মহাৰাষ্ট্ৰৰ যুৱকক হত্যা

সন্দীপ সুৰেশ কামলি নামৰ যুৱকজনক হোটেললৈ দুই প্ৰেমিক-প্ৰেমিকাই মাতি আনিছিল । হোটেলৰ সেই কোঠাটোতেই সুৰেশ কামলিৰ মৃতদেহ উদ্ধাৰ হৈছে বুলি আৰক্ষীয়ে জনায় । দুই প্ৰেমিক-প্ৰেমিকাই খাদ্যৰ লগত বিহ পান কৰাই হত্যা কৰাৰ প্ৰথমিকভাৱে সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে । কিয়নো মৃতদেহত কোনো আঘাতৰ চিন নাই যদিও মুখেৰে তেজ ওলাই আছিল ।

প্ৰেমজনিত কাৰণতে এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে । সোমবাৰে দিনৰ ভাগতে এই ঘটনা সংঘটিত হৈছিল । কামলিৰ মৃত্যু হোৱাৰ পিছতে দুই প্ৰেমিক-প্ৰেমিকাই হোটেলৰ পৰা ওলাই গৈছিল বুলি জানিবলৈ দিয়ে । হোটেলখনৰ কৰ্মচাৰীয়ে নিৰ্দিষ্ট কোঠাটোৰ ভিতৰত তেজৰ চেকুৰা প্ৰত্যক্ষ কৰি হোটেল কৰ্তৃপক্ষক অৱগত কৰে । ইয়াৰ পিচতে আৰক্ষীক খবৰ দিয়ে হোটেল কৰ্তৃপক্ষই ।

আৰক্ষীয়ে চি চি টিভিৰ ফুটেজৰ ভিত্তিত অভিযান চলায় সোমবাৰৰ সন্ধিয়া দুই প্ৰেমিক প্ৰেমিকাক আজাৰাৰ পৰা আটক কৰে । ঘটনা সন্দৰ্বত অব্যাহত তদন্ত ৷

লগতে পঢ়ক: লক্ষ্ণৌ ত্ৰিপল মাৰ্ডাৰ ঘটনা : পাকিস্তানৰ লগত যোগসূত্ৰ আছে দুই অভিযুক্তৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.