ETV Bharat / state

তিনিচুকীয়াত নিচামুক্তি কেন্দ্ৰত যুৱকৰ ৰহস্যজনক মৃত্যু - Death in Rehab Center

author img

By ETV Bharat Assamese Team

Published : Aug 21, 2024, 9:33 PM IST

Suspicious death in Rehab Center: তিনিচুকীয়াৰ শ্ৰীপুৰীয়াৰ নিউ স্মাইল ফাউণ্ডেচন নামৰ নিচামুক্তি কেন্দ্ৰত নিশা মৃত্যু এগৰাকী যুৱকৰ ৷ ৫ দিন পূৰ্বে নিচামুক্তি কেন্দ্ৰটোত ভৰ্তি হৈছিল মৃত যুৱকজন ৷

Suspicious death in Rehab Center
তিনিচুকীয়াত নিচামুক্তি কেন্দ্ৰত মৃত্যু যুৱকৰ (ETV Bharat Assam)

তিনিচুকীয়া, ২১ আগষ্ট: ৰাজ্যত মাৰাত্মক ড্ৰাগছৰ অবাধ প্ৰচলনৰ সমান্তৰালভাৱে তিনিচুকীয়াত এতিয়া কাঠফুলাৰ দৰে গঢ়ি উঠিছে ইটোৰ পাছত সিটো নিচামুক্তি কেন্দ্ৰ ৷ বিভিন্ন সময়ত বিভিন্ন নিচামুক্তি কেন্দ্ৰৰ বিৰুদ্ধে উত্থাপন হৈ আহিছে বহু অভিযোগ । বিভিন্ন অভিযোগ-প্ৰতিঅভিযোগৰ মাজতে তিনিচুকীয়াৰ এটা নিচামুক্তি কেন্দ্ৰত মঙলবাৰে নিশা এগৰাকী যুৱকৰ মৃত্যু হোৱা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।

তিনিচুকীয়াৰ শ্ৰীপুৰীয়াত নতুনকৈ স্থাপন কৰা “নিউ স্মাইল ফাউণ্ডেচন” নামৰ কেন্দ্ৰটোত মৃত্যু হয় যুৱকজনৰ ৷ মৃত যুৱকজনৰ এজন সতীৰ্থই জানিবলৈ দিয়া মতে, মঙলবাৰে নিশা আহাৰ গ্ৰহণ কৰি শুবলৈ যোৱালৈকে সকলো ঠিকেই আছিল ৷ কিন্তু আজি পুৱা প্ৰায় ৫-৩০ বজাত বিচনাৰ পৰা উঠাৰ পাচত সতীৰ্থসকলে তেওঁক বিচনাৰ কাষৰ খিৰিকীৰ গ্ৰীলত উলমি থকা অৱস্থাত প্ৰত্যক্ষ কৰে ৷

প্ৰথমে সতীৰ্থসকলে যুৱকগৰাকী মৃত নে জীৱিত পৰীক্ষা কৰে আৰু তাৰ পাচত স্থানীয় আৰক্ষীক খবৰ দিয়ে ৷ পৰৱৰ্তী সময়ত কেন্দ্ৰটোত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ আৰক্ষীয়ে সমান্তৰালভাৱে যুৱকজনে কি কাৰণে আত্মহত্যা কৰিলে বা কেনেদৰে মৃত্যু হ’ল তাৰ তদন্ত আৰম্ভ কৰিছে ।

যুৱকজনে লগতে জানিবলৈ দিয়া মতে, ৬ আগষ্টত চপো গোঁহাই নামৰ লোকজনে উক্ত নিচামুক্তি কেন্দ্ৰটো আৰম্ভ কৰিছিল আৰু ৫ দিন পূৰ্বে মৃত যুৱকজন নিচামুক্তি কেন্দ্ৰটোলৈ আহিছিল ৷ ইফালে মাত্ৰ ৫ দিনৰ পূৰ্বে কেন্দ্ৰটোলৈ অনা এগৰাকী নিচা আসক্ত যুৱকক নিশা এটা কোঠাত অকলশৰে থাকিবলৈ দিয়া বিষয়টোৱে সকলোৰে মাজত ৰহস্যৰ সৃষ্টি কৰিছে ৷

লগতে পঢ়ক: গোৱালপাৰাত নিচামুক্তি কেন্দ্ৰত যুৱকক মৰিয়াই মৰিয়াই হত্যা; ৮ অভিযুক্তক গ্ৰেপ্তাৰ - Murder in Rehab Center

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.