ETV Bharat / state

পুনৰ নিচামুক্তি কেন্দ্ৰত ৰহস্যজনক মৃত্যু যুৱকৰ : স্বত্বাধিকাৰী পলাতক - Rehabilitation center in nagaon

author img

By ETV Bharat Assamese Team

Published : Aug 6, 2024, 1:59 PM IST

Suspicious death in Rehab Center: প্ৰকৃততে কি চলে নিচামুক্তি কেন্দ্ৰৰ ভিতৰ চ’ৰাত ? এইবাৰ নগাঁৱৰ এটা নিচামুক্তি কেন্দ্ৰত এগৰাকী যুৱকক নিৰ্মমভাৱে অত্যাচাৰ চলাই মাৰপিট কৰাৰ অভিযোগ উঠিছে ৷ পলাতক অৱস্থাত নিচামুক্তি কেন্দ্ৰটোৰ স্বত্বাধিকাৰী ৷

Youth dies mysteriously at rehabilitation centre in nagaon
পুনৰ নিচামুক্তি কেন্দ্ৰত ৰহস্যজনক মৃত্যু যুৱকৰ (ETV Bharat Assam)

নগাঁও, 6 আগষ্ট : নগাঁৱত সৃষ্টি হৈছে এক চাঞ্চল্যকৰ ঘটনা । নিচামুক্তি কেন্দ্ৰত এজন লোকৰ মৃত্যু হোৱাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে ব্যাপক চাঞ্চল্যৰ ।

ঘটনা কি ?

জানিব পৰা মতে, আজিৰ পৰা এমাহ পূৰ্বে নগাঁও চহৰৰ বৰভেঁটিত অৱস্থিত লাইট অফ ৰিহাব চেণ্টাৰত ভৰ্তি কৰোৱা হৈছিল ড্ৰাগছ আসক্ত হুজ গাঁৱৰ দিপু দাস নামৰ লোকজনক । কিন্তু সোমবাৰৰ নিশা হঠাতে নিচামুক্তি কেন্দ্ৰতেই হুজ গাঁৱৰ দিপু দাসে ৰহস্যজনকভাৱে মৃত্যুক সাৱটি লয় । লোকজনৰ মৃত্যুৰ খবৰ পোৱাৰ পাচতেই দিপু দাসৰ পৰিয়ালৰ লোক নিচামুক্তি কেন্দ্ৰটোত উপস্থিত হয় আৰু ক্ষোভ প্ৰকাশ কৰে নিচামুক্তি কেন্দ্ৰটোৰ বিৰুদ্ধে ।

পৰিয়ালৰ ভাষ্য

দিপু দাসৰ এই মৃত্যুক সহজভাৱে ল'ব পৰা নাই পৰিয়ালৰ লোকে । পৰিয়াল তথা আত্মীয়সকলে ক্ষোভ প্ৰকাশ কৰি এই সন্দৰ্ভত কয়, "নিচামুক্তি কেন্দ্ৰটোৰ স্বত্বাধিকাৰী গুলজাৰ হুছেইনে নিজেই ড্ৰাগছ লয় আৰু তেওঁ নিচামুক্তি কেন্দ্ৰত আমাৰ ল’ৰা-ছোৱালী ৰাখি নিচাৰ পৰা মুক্ত কৰিব বিচাৰিছে ? চৰকাৰখনে কি কৰি আছে ?"

কি অৱস্থাত নিচামুক্তি কেন্দ্ৰটোৰ ভিতৰত লোকজনৰ মৃত্যু ঘটিছে সেয়া এই পৰ্যন্ত স্পষ্ট হোৱা নাই যদিও নিচামুক্তি কেন্দ্ৰত মৃত্যু ঘটা দিপু দাসৰ মৃত্যুৰ তদন্তৰ দাবী তুলিছে পৰিয়ালৰ লোকে ।

নিচামুক্তি কেন্দ্ৰৰ স্বত্বাধিকাৰী পলাতক

ইপিনে, নগাঁৱৰেই গুলজাৰ হুছেইন নামৰ এজন লোকে উক্ত ঘৰটো কিছুদিন পূৰ্বে নিচামুক্তি কেন্দ্ৰ খুলিম বুলি ভাৰালৈ লৈ নিচামুক্তি কেন্দ্ৰটো আৰম্ভ কৰিছিল বুলি ঘৰটোৰ স্বত্বাধিকাৰীয়ে জনায় । সোমবাৰৰ নিশা নিচামুক্তি কেন্দ্ৰটোত দিপু দাসৰ মৃত্যু ঘটাৰ পাচতে নিচামুক্তি কেন্দ্ৰটোৰ স্বত্বাধিকাৰী গুলজাৰ হুছেইনে পলাতক হৈ আছে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক: নিচামুক্তি কেন্দ্ৰ ভৰি পৰিছে এইচ আই ভি-হেপাটাইটিছ 'চি'ত আক্ৰান্তৰে - HIV case in Assam

নিচামুক্তি কেন্দ্ৰ এটা কাৰাগাৰ নহয়, আহি আছে এছ অ’ পি : পীযুষ হাজৰীকা - Rehabilitation center

গোৱালপাৰাত নিচামুক্তি কেন্দ্ৰত যুৱকক মৰিয়াই মৰিয়াই হত্যা; ৮ অভিযুক্তক গ্ৰেপ্তাৰ - Murder in Rehab Center

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.