ETV Bharat / state

ঘৰৰ কাষতে উদ্ধাৰ ফৰিদৰ মৃতদেহ: পৰিয়ালৰ মতে হত্যাকাণ্ড...আন একাংশৰ মতে ড্ৰাগছে মাতিলে কাল - YOUTH MYSTERIOUS DEATH IN JORHAT - YOUTH MYSTERIOUS DEATH IN JORHAT

YOUTH FOUND DEAD: যোৰহাটত পুৱাই ৰহস্যজনক অৱস্থাত উদ্ধাৰ এজন গাড়ী চালকৰ মৃতদেহ ৷ পৰিয়ালৰ লোকৰ দাবী, কোনো লোকে হত্যা কৰি এই স্থানত পেলাই থৈ গৈছে যুৱকজনক ৷ আন একাংশৰ মতে, পূৰ্বতে যুৱকজনে সেৱন কৰিছিল ড্ৰাগছ ৷ অধিক মাত্ৰাত ড্ৰাগছ সেৱনেই কাল হ’ল যুৱকজনৰ বাবে ৷ অৱশ্যে সেয়া স্পষ্ট হ'ব আৰক্ষী তদন্ততহে ।

Youth mysterious death in Jorhat
ফৰিদ আলীৰ মৃতদেহ উদ্ধাৰ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Aug 20, 2024, 12:58 PM IST

যোৰহাট, ২০ আগষ্ট : যোৰহাটৰ নগৰৰ নিকটৱৰ্তী ফাঁচি আলিৰ ধুবীঘাটত অঘটন ৷ মঙলবাৰে পুৱাই অতি ৰহস্যজনক অৱস্থাত ৰাস্তাৰ কাষতে উদ্ধাৰ কৰা হয় এজন যুৱকৰ মৃতদেহ ৷ মৃত যুৱকজন যোৰহাট ৰজামৈদামৰ নিউকলনিৰ ওচমান আলীৰ পুত্ৰ ফৰিদ আলী (২৭) বুলি চিনাক্ত কৰা হৈছে ৷ যুৱকজনৰ মৃত্যুক লৈ সৃষ্টি হৈছে চাঞ্চল্যৰ ৷

ফৰিদ আলীৰ মৃতদেহ উদ্ধাৰ (ETV Bharat)
  • ঘটনাৰ বিৱৰণ :

যোৰহাট নগৰ নিকটৱতী যোৰহাট ৰজামৈদামৰ নিউকলনীৰ পৰা প্ৰায় ৪ কিলোমিটাৰ নিলগৰ ফাঁচি আলি ধুবীঘাটত ৰহস্যজনক অৱস্থাত স্থানীয় লোকে এটা মৃতদেহ প্ৰত্যক্ষ কৰে ৷ তাৰ পাচতে ঘটনা সন্দৰ্ভত খবৰ দিয়া হয় আৰক্ষীক ৷ পুৱাই যোৰহাটতত মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি সৃষ্টি হয় এক হুলস্থূলীয়া পৰিৱেশৰ ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ মৃতদেহটো ফৰিদ আলীৰ বুলি চিনাক্ত কৰে ৷

  • আৰক্ষী পলমকৈ উপস্থিত হোৱাৰ অভিযোগ :

ইফালে স্থানীয় লোকে উল্লেখ কৰা অনুসৰি, ঘটনা সন্দৰ্ভত যোৰহাট আৰক্ষীক খবৰ দিয়াৰ পাচতো বহু পলমকৈহে আৰক্ষী উপস্থিত হোৱা বুলি স্থানীয় লোকে অভিযোগ কৰে ৷ অৱশ্যে পৰৱৰ্তী সময়ত উক্ত স্থানত দণ্ডাধীশ উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষা বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাললৈ প্ৰেৰণ কৰে ৷

লগতে পঢ়ক : বোমাৰ সলনি বিলাসী বাহনত উদ্ধাৰ বহিঃৰাজ্যৰ ব্যক্তিৰ নিথৰ দেহ - Body recovered in dibrugarh

  • ড্ৰাগছ সেৱনৰ অভিযোগ :

পৰিয়ালৰ লোকে উল্লেখ কৰা অনুসৰি, মৃত যুৱকজন পূৰ্বতে ড্ৰাগছ সেৱন কৰিছিল ৷ কিন্তু প্ৰায় এবছৰ পূৰ্বে ড্ৰাগছৰ কৰাল গ্ৰাসৰ পৰা মুক্ত হৈ তেওঁ সাধাৰণ জীৱন যাপন কৰা লগতে গাড়ী চালক হিচাপে কৰ্ম জীৱন আৰম্ভ কৰে ৷ ‘‘ফৰিদ আলীৰ মৃত্যু স্বাভাৱিক নহয়, কোনো লোকে পৰিকল্পিতভাৱে হত্যা কৰি এই স্থানত পেলাই দিছে ৷’’ সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে মৃত লোকজনৰ পৰিয়ালৰ লোকে ।

  • আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়া :

মৃত লোকজনৰ পৰিয়ালৰ লোকে উল্লেখ কৰা মতে, পূৰ্বতেও উক্ত স্থানত আন এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হৈছিল । গতিকে ফৰিদৰ মৃত্যু স্বাভাৱিক নহয় বুলি দাবী কৰে তেওঁৰ পৰিয়ালৰ লোকে ৷ অৱশ্যে মৃত ফৰিদৰ পৰিয়ালৰ দাবীত কিমান সত্যতা আছে, সেয়া আৰক্ষীৰ তদন্তৰ অন্ততহে পোহৰলৈ আহিব ৷

লগতে পঢ়ক : মহানগৰীত হত্যাকাণ্ড: কোনে হত্যা কৰিলে বিজেপি কৰ্মীক ? - BJP leader killed

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.