ETV Bharat / state

সুখ বিচাৰি গৈ নৰক যন্ত্ৰণা; লুঙাই পাহাৰত নিৰ্যাতনৰ বলি প্ৰেমিক-প্ৰেমিকা - Couple assaulted by local

author img

By ETV Bharat Assamese Team

Published : May 21, 2024, 9:05 PM IST

Lungai hill in Bongaigaon: পাহাৰৰ সৌন্দৰ্য উপভোগ কৰিবলৈ গৈ পুনৰ আক্ৰমণৰ বলি এহাল যুৱক-যুৱতী ৷ বঙাইগাঁৱৰ পৰা পুনৰ আহিছে জঘন্য ঘটনাৰ খবৰ ৷ বৰঝৰাৰ পিচত এইবাৰ অঘটন ঘটিল লুঙাই পাহাৰত ৷

Lungai hill in Bongaigaon
Couple assaulted by local (ETV Bharat Assam)
লুঙাই পাহাৰত আক্ৰমণৰ বলি যুৱক-যুৱতী (ETV Bharat Assam)

বঙাইগাঁও, 21 মে’: প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ নামনি অসমৰ বঙাইগাঁও জিলাত শেহতীয়াকৈ সংঘটিত এক জঘন্য ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছিল ৷ বৰঝৰাৰ পাহাৰত ফুৰিবলৈ যোৱা এহাল কিশোৰ-কিশোৰীক বিবস্ত্ৰ কৰি অনৈতিক কাৰ্যত লিপ্ত হ’বলৈ বাধ্য কৰোৱাইছিল পাঁচজনীয়া যুৱকৰ এটা দলে ৷ সেই সমগ্ৰ ঘটনা ম’বাইলত বন্দী কৰি ছ’চিয়েল মিডিয়াত ভাইৰেল কৰাৰ ভাবুকি দি দাবী কৰিছিল ধন ৷ এই ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই আন এক ঘটনা জঘন্য ঘটনা পোহৰলৈ আহিছে ৷

জিলাখনৰ অভয়াপুৰীৰ লুঙাই পাহাৰত এইবাৰ এহাল যুৱক-যুৱতী আক্ৰমণৰ বলি হ’ল এদল যুৱকৰ ৷ ফুৰিবলৈ যোৱা যুৱক-যুৱতীহালক প্ৰহাৰ কৰাৰ লগতে সমগ্ৰ দৃশ্য বন্দী কৰে ম’বাইলৰ কেমেৰাত ৷

কি হৈছিল লুঙাই পাহাৰৰ বুকুত ?

যোৱা 7 মে’ত লুঙাই পাহাৰৰ সৌন্দৰ্য উপভোগৰ বাবে গৈছিল এহাল যুৱক-যুৱতী ৷ পাহাৰৰ মনোৰম পৰিৱেশৰ মাজত ঘূৰি ফুৰাৰ সময়তে এদল যুৱকৰ মুখামুখি হয় যুৱক-যুৱতীহাল ৷ যুৱকৰ দলটোৱে তেওঁলোকক আগচি ধৰি শাৰীৰিকভাৱে অত্যাচাৰ চলায় ৷ যুৱতীগৰাকীৰ শৰীৰৰ আপত্তিজনক অংশটো হাত দিয়ে এজন যুৱকে ৷ এই সমগ্ৰ ঘটনা দলটোৰে এজন যুৱকে বন্দী কৰিছিল ম’বাইল কেমেৰাত ৷ ভিডিঅ’টোত দেখা গৈছে যুৱকৰ দলটোৰ আক্ৰমণৰ সমগ্ৰ দৃশ্য ৷

লগতে পঢ়ক: দলবদ্ধ ধৰ্ষণ নহয়: বলপূৰ্বক নগ্ন ভিডিঅ’ প্ৰস্তুত কৰি আমোদ লৈছিল পাঁচ পাষণ্ডই - Brutal Incident In Bongaigaon

আৰক্ষী নামিল তদন্তত:

লুঙাই পাহাৰত সংঘটিত এই জঘন্য ঘটনা একাংশই গাপ দিবলৈ চেষ্টা কৰিছিল যদিও বৰঝৰাৰ ঘটনাৰ পিচতেই এই ঘটনাটোও পোহৰলৈ আহে ৷ আৰক্ষীয়ে ইতিমধ্যে এই ঘটনাত জড়িত থকাৰ অভিযোগত দুজন যুৱকক আটক কৰিছে ৷ আটকাধীন দুই যুৱক হৈছে অভয়াপুৰীৰ ছৰিফুল মণ্ডল আৰু ডুমুৰীয়া তৃতীয় খণ্ডৰ ৰুহুল আমিন ৷ লুঙাই পাহাৰৰ এই ঘটনা সন্দৰ্ভত অভয়াপুৰী থানাত ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা 120 B, 341, 294, 325, 307, 354A, 354B; RW 75 J J ACT আৰু 8/12 POSCO আইনৰ অধীনত 133/24 নম্বৰত এটা গোচৰ ৰুজু কৰিছে । এই ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

আৰক্ষী অধীক্ষকৰ অনুৰোধ:

বঙাইগাঁৱৰ পাহাৰীয়া অঞ্চলত ধাৰাবাহিকভাৱে সংঘটিত এই দুটা জঘন্য ঘটনাৰ পিচতে জিলা আৰক্ষী প্ৰশাসন সষ্টম হৈ পৰা দেখা গৈছে ৷ আৰক্ষী অধীক্ষক মোহনলাল মীনাই পাহাৰৰ নৈসৰ্গিক সৌন্দৰ্য উপভোগ কৰিবলৈ যোৱাসকলক সচেতনতা অৱলম্বন কৰিবলৈ আহ্বান জনোৱাৰ লগতে পাহাৰীয়া অঞ্চল সমূহত গাঁওবুঢ়া আৰু গাঁওৰক্ষী বাহিনীৰ সহযোগত বিশেষ গোট গঠনৰ ব্যৱস্থা কৰিব বুলি জনাইছে ৷

লগতে পঢ়ক: ফুৰিবলৈ যোৱা কিশোৰীক দলৱদ্ধ ধৰ্ষণ; পাঁচ দুৰ্বৃত্তৰ নিকৃষ্টকাণ্ডই জোঁকাৰিছে অসম - Brutal incident in Bongaigaon

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.