ETV Bharat / state

নম্বৰ নিজৰ, বাহন বেলেগৰ, আহিল চালান - Criminals using different number - CRIMINALS USING DIFFERENT NUMBER

Wrong chalan to bike holder: চুৰি মটৰ চাইকেলত অন্য লোকৰ বাহনৰ নম্বৰ ব্যৱহাৰ কৰি ঘূৰি ফুৰিছে এচাম দুষ্ট লোক । দুষ্ট চক্ৰই আনৰ নম্বৰৰ ব্যৱহাৰৰ ফলত বৰপেটাৰ এজন যুৱকে লাভ কৰিলে ৬ হাজাৰ টকাৰ জৰিমনা । ঘটনাক লৈ বিপাঙত পৰিছে বাহনৰ প্ৰকৃতগৰাকী ।

Wrong Chalan to bike holder by transport depertment in Barpeta
অন্য লোকৰ বাহনৰ নম্বৰ ব্যৱহাৰ কৰি ঘূৰি ফুৰিছে এটা চক্ৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Aug 6, 2024, 8:48 PM IST

বৰপেটা,৬ আগষ্ট: বৰপেটাত আশ্বৰ্যকৰ ঘটনা । চুৰি মটৰ চাইকেলত আন লোকৰ বাহনৰ নম্বৰ ব্যৱহাৰ কৰি আৰক্ষীৰ নাকৰ আগেৰেই ঘুৰি ফুৰিছে অপৰাধী । ফলত হাৰাশাস্তিৰ সন্মুখীন হৈছে সাধাৰণ লোক । তেন এক অবাঞ্চিত ঘটনাই সংঘটিত হৈছে বৰপেটাত । বৰপেটা মেডিকেল কলেজ হাস্পতালৰ কৰ্মচাৰী জীতেন্দ্ৰ দাসলৈ চালকৰ অনুজ্ঞা-পত্র নথকা আৰু হেলমেট নিপিন্ধাকৈ মটৰ চাইকেল চলোৱাৰ অভিযোগত মুঠ ৬ হেজাৰ টকা জৰিমনা বিহাৰ জাননী লাভ কৰে ।

অন্য লোকৰ বাহনৰ নম্বৰ ব্যৱহাৰ কৰি ঘূৰি ফুৰিছে এটা চক্ৰ (ETV Bharat Assam)

পিচে জৰিমনা জাননীখনত সংলগ্ন যুৱকজনৰ মটৰ চাইকেলখনৰ ফটো দেখিহে আচৰিত হয় যুৱকজন । কিয়নো যুৱকজনলৈ প্ৰেৰণ কৰা বার্তাটোৰ সৈতে যিখন মটৰ চাইকেলৰ ফটো প্ৰেৰণ কৰা হৈছে । উক্ত মটৰ চাইকেলত সংলগ্ন হৈ নম্বৰটোৰ সৈতে জীতেন্দ্র দাসৰ মটৰ চাইকেলৰ নম্বৰটোৰ মিল আছে যদিও ফটোত থকা মটৰ চাইকেলখন জীতেন্দ্র দাসৰ নহয় ।

জীতেন্দ্র দাসে AS-15-H-9069 নম্বৰৰ পালছাৰ মটৰ চাইকেল ব্যৱহাৰ কৰাৰ বিপৰীতে জাননীখনৰ সৈতে প্ৰেৰণ কৰা ফটোত থকা মটৰ চাইকেলখন হিৰো কোম্পানীৰ দ্বাৰা নির্মিত । তদুপৰি জীতেন্দ্র দাসৰ চালকৰ অনুজ্ঞা-পত্রকে ধৰি যাৱতীয় তথ্য-পাতি মজুত আছে । এই কথাত আশ্চর্য হৈ পৰা যুৱকজনে বৰপেটা আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰি গোটেই ঘটনাটোৰ অনুসন্ধানৰ দাবী জনাইছে ।

বিশেষকৈ কোনো দুষ্ট চক্ৰই চুৰি মটৰ চাইকেলত যুৱকজনৰ মটৰ চাইকেলত নম্বৰ ব্যৱহাৰ কৰা বুলি দাবী কৰিছে যুৱকজনৰ । ফলত মঙলবাৰে জীতেন্দ্র দাস জৰিমনাৰ সন্মুখীন হ'বলগা হৈছে । সেয়ে আৰক্ষীয়ে সমগ্ৰ ঘটনাটোৰ তদন্ত কৰি দুষ্ট চক্ৰটোৰ সন্ধান উলিয়াই কঠোৰ শাস্তি বহিবলৈ দাবী জনাইছে ।

লগতে পঢ়ক: ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিংকাণ্ড : অনশনথলীতে ঢলি পৰিল চাৰি ছাত্ৰ - DU RAGGING INCIDENT

মন্ত্ৰী-বিধায়ক নহয়, এইবাৰ প্ৰতিবাদ জীৱিকা সখীৰ ঘৰৰ সন্মুখত - ALLEGATION AGAINST JEEVIKA SHAKHI

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.