ETV Bharat / state

বিজেপি দলক হাইজেক কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই : অখিল গগৈ - Raijor Dal joining programme

author img

By ETV Bharat Assamese Team

Published : Aug 5, 2024, 8:14 AM IST

MLA Akhil Gogoi on by election: ডিগবৈত অখিল গগৈৰ উপস্থিতিত ৰাইজৰ দলৰ যোগদান কাৰ্যসূচী ৷ 2026ত ৰাইজৰ দলৰ 20 জন বিধায়ক আৰু 2031 ত ৰাজ্যত ৰাইজৰ দলৰ চৰকাৰ হ’ব বুলি দাবী বিধায়ক অখিল গগৈৰ ৷ আগন্তুক নিৰ্বাচনত ঐক্যৱদ্ধভাবে নিৰ্বাচনত অৱতীৰ্ণ হ’ব বুলি সংবাদ মাধ্যমৰ আগত সদৰী কৰে গগৈয়ে ৷ মুখ্যমন্ত্ৰীক সমালোচনা ৷

:  RAIJOR DAL GUWAHATI AKHIL GOGOI UPCOMING ELECTION RAIJOR DAL JOINING PROGRAM
ৰাইজৰ দলৰ যোগদান কাৰ্যসূচী (ETV Bharat Assam)

তিনিচুকীয়া, 5 আগষ্ট : "সকলো বিৰোধী ঐক্যশক্তিয়ে পঞ্চায়ত নিৰ্বাচন একেলগে খেলিব লাগে ৷ কংগ্ৰেছে অকলে খেলাৰ কথা ভাবিব নালাগে ৷ এই শক্তিত কংগ্ৰেছৰ লগতে ৰাইজৰ দল, অসম জাতীয় পৰিষদ আৰু আন 16 টা বিৰোধী শক্তিও থাকিব ৷ এই ঐক্য 26 পৰ্যন্ত থাকিব আৰু আমি 26 ত ঐক্যবদ্ধভাৱে বিজেপি চৰকাৰ ভাঙিম আৰু বিৰোধী ঐক্যমঞ্চই চৰকাৰ গঠন কৰিব ৷" তিনিচুকীয়া জিলাৰ ডিগবৈত দলৰ এক যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰি দেওবাৰে এই মন্তব্য কৰে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে ৷

এই যোগদান কাৰ্যসূচীত ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে আগন্তুক 2026 চনৰ বিধানসভা নিৰ্বাচনত ৰাইজৰ দলৰ 20 জন বিধায়ক আৰু 2031 চনত ৰাজ্যত ৰাইজৰ দলে চৰকাৰ গঠন কৰাৰ লক্ষ্য বান্ধি লৈছে বুলি সদৰী কৰে ৷

বিজেপি দলটোক কটাক্ষ কৰি বিধায়কগৰাকীয়ে কয়, "অসমত বৰ্তমান বিজেপি দলৰ কোনো গুৰুত্ব নাই । বিজেপিৰ দূৰ্গসমূহ খহি শেষ ৷ বহু কষ্ট কৰি বিজেপিৰ একাংশ কাৰ্যকৰ্তাই গঢ়া দলটোক হাইজেক কৰিলে হিমন্ত বিশ্ব শৰ্মাই ৷ এতিয়া বিজেপি দলটো হিমন্ত বিশ্ব শৰ্মা প্ৰাইভেট লিমিটেডলৈ ৰূপান্তৰিত হ’ল ।"

ডিগবৈৰ বিধায়ক সুৰেন ফুকনৰ ভূমিকাত সৰৱ হৈ অখিল গগৈয়ে কয়, "ডিগবৈত বিধায়ক আছে যেন লগা নাই ৷ শাসক দলৰ বিধায়ক থকা সমষ্টিত যি উন্নয়ন হ’ব লাগিছিল কিন্তু ডিগবৈৰ উন্নয়নৰ নমুনা দেখি আচৰিত হৈছো । শাসক দলৰ বিধায়কসমূহে চিণ্ডিকেটক লৈয়ে ব্যস্ত হৈ থাকে ৷ কেৱল কয়লা চিণ্ডিকেটৰ বাবে কাজিয়া কৰি থাকে ।"

আনহাতে, জাগীৰোডত ভূমি পূজন হোৱা টাটাৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পটোক লৈও প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অখিল গগৈয়ে । বিধায়কগৰাকীয়ে কয়, "ছেমিকণ্ডাক্টৰ প্ৰকল্পই যদি ৰাজ্যৰ ভৱিষ্যত গঢ়ি দিব পাৰে, তেন্তে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ কি কাম ? এজন পুঁজিপতিক মাতি আনি এটা উদ্যোগ স্থাপন কৰি দিলেই সকলো দায়িত্ব শেষ ৷ ৰাজ্যৰ কিমানজন নিবনুৱাই কৰ্ম সংস্হাপন পাব উক্ত প্ৰকল্পটোত ৷"

নগাঁও কাগজ কলৰ ঠাইত ছেমিকণ্ডাক্টৰ প্ৰকল্পটো নিৰ্মাণ কৰিবলৈ ধৰা বিষয়টোটো তীব্ৰ ক্ষোভ প্ৰকাশ কৰে অখিল গগৈয়ে ৷ দেওবাৰৰ যোগদান কাৰ্যসূচীত পঞ্চায়ত আৰু বুথ পৰ্যায়ৰ বিজেপি, কংগ্ৰেছ, আম আদমী পাৰ্টী আৰু অসম গণ পৰিষদৰ বহুকেইজন নেতাই যোগদান কৰে ৷

এই কাৰ্যসূচীত দলৰ সভাপতি অখিল গগৈৰ লগতে উপ-সভাপতি যুধিষ্ঠিৰ গগৈ, ড৹ ভৱেন মোহন আৰু ৰাইজৰ দল জাতীয় নাৰী বাহিনীৰ সভানেত্ৰী অৰুণা বৰা হাজৰিকাৰ লগতে বহু কৰ্ম-কৰ্তা উপস্থিত থাকে ৷ প্ৰায় তিনি শতাধিক লোকে কালি ৰাইজৰ দলত যোগদান কৰে ।

লগতে পঢ়ক: বিজেপিৰ সৈতে যুঁজিবলৈ হ'লে বিৰোধী দল এক হৈ যুঁজিব লাগিব: লুৰীণজ্যোতি গগৈ - Lurinjyoti Gogoi on by election

বিৰোধী একত্ৰিত হৈয়ো বিজেপিক ৰোধ কৰিব নোৱাৰে : ভৱেশ কলিতা - By election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.