মৰাণ, ২৭ ছেপ্টেম্বৰ: সমাগত পঞ্চায়ত আৰু বিধানসভা নিৰ্বাচনক লৈ শাসক দল বিজেপিৰ দৰে বিৰোধী কংগ্ৰেছ আৰু আঞ্চলিক ৰাজনৈতিক দলেসমূহে তৎপৰতাৰে আৰম্ভ কৰিছে দলীয় কাম-কাজ । বিজেপিৰ দখলত থকা উজনিৰ প্ৰতিটো বিধানসভা সমষ্টি লক্ষ্য কৰি লৈছে কংগ্ৰেছ আৰু বিৰোধী ৰাজনৈতিক দলসমূহে ।
পিছপৰি থকা নাই শিৱসাগৰৰ বিধায়ক অখিল গগৈ নেতৃত্বাধীন ৰাইজৰ দল । ৰাইজৰ দলে ডিব্ৰুগড়ত শুক্ৰবাৰে অনুষ্ঠিত কৰিলে বৃহৎ যোগদান কাৰ্যসূচী । ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ উপস্থিতিত অনুষ্ঠিত হয় এই যোগদান কাৰ্যসূচী ।
বৰবৰুৱাৰ চুকাফা ভৱনত অনুষ্ঠিত ৰাইজৰ দলৰ যোগদান কাৰ্যসূচীত ডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰান্তৰ দুই শতাধিক বিজেপি, কংগ্ৰেছ আৰু অগপৰ সদস্যই ৰাইজৰ দলত যোগদান কৰে ।
এই যোগদান কাৰ্যসূচীয়ে ৰাইজৰ দলৰ কৰ্মীসকলক উৎসাহিত কৰিছে বুলি মন্তব্য কৰে বিধায়ক অখিল গগৈয়ে । কিয়নো ডিব্ৰুগড় জিলাৰ ছটা বিধানসভা সমষ্টিৰ পাঁচটা সমষ্টিত শাসক দলৰ বিধায়ক থকাৰ লগতে এটা সমষ্টিত অসম গণ পৰিষদৰ বিধায়ক আছে । এই যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰি বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৰাইজৰ দল সভাপতিগৰাকীয়ে ।
যোগদানক লৈ কি কয় অখিল গগৈয়ে ?
ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে এই যোগদান কাৰ্যসূচী সন্দৰ্ভত কয়," ডিব্ৰুগড় জিলাত ৰাইজৰ দলত যোগদান কৰিবলৈ কেইবাশ ৰাইজ আগবাঢ়ি আহিছে । আজি ৰাইজৰ দলত যোগদান কৰাসকলক দললৈ স্বাগতম জনাইছো । ৰাইজৰ দলক শক্তিশালী কৰি অসমত আঞ্চলিক ৰাজনৈতিক দলসমূহক শক্তিশালী কৰিবলৈ আমি সিদ্ধান্ত গ্ৰহণ কৰিছো । ২০২৬ত ৰাইজৰ দলক বাদ দি অসমত কোনেও চৰকাৰ গঠন কৰিব নোৱাৰে । তাৰ বাবে আমি চেষ্টা চলাই আছো ।"