ETV Bharat / state

নগাঁৱত ড্ৰাগছৰ পোহাৰ: লক্ষাধিক টকা-ড্ৰাগছসহ জালত মহিলা সৰবৰাহকাৰী - Drug peddlers arrested

author img

By ETV Bharat Assamese Team

Published : Aug 10, 2024, 10:12 PM IST

Drugs seized: নগাঁৱত অব্যাহত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান । ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাবলৈ গৈ আৰক্ষীয়ে খান্দিলে মাটি । মাটিৰ তলৰ পৰা উদ্ধাৰ তিনি লক্ষাধিক টকা, জব্দ ড্ৰাগছ । ধিঙতো ড্ৰাগছসহ আৰক্ষীৰ জালত সৰবৰাহকাৰী ।

Women drug peddlers trapped by police with lakhs of cash and drugs in Nagaon
নগাঁৱত ড্ৰাগছৰ পোহাৰ (ETV Bharat Assam)

নগাঁও,১০ আগষ্ট: নগাঁৱৰ ড্ৰাগছ ঘাটি উৎখাতৰ লক্ষ্যৰে আৰক্ষীয়ে ধাৰাবাহিক অভিযান অব্যাহত ৰখাৰ সময়ত ন ন কৌশলেৰে ড্ৰাগছৰ বেহাও চলাই গৈছে একাংশ কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীয়ে । এইবাৰ ভূ-গৰ্ভৰ পৰাই যেন নিষিদ্ধ ড্ৰাগছৰ বেহা চলোৱাৰ কৌশল অৱলম্বন কৰিছে একাংশ ড্ৰাগছ ব্যৱসায়ীয়ে ।

নগাঁৱত ড্ৰাগছৰ পোহাৰ (ETV Bharat Assam)

নগাঁও আৰক্ষীৰ এক অভিযানত পোহৰলৈ আহিছে মাটিৰ তলৰ পৰা ড্ৰাগছ বিক্ৰী কৰাৰ তথ্য । বিগত দুটা দিনত নগাঁৱত নিষিদ্ধ ড্ৰাগছসহ মুঠ ৯ জনকৈ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় নগাঁও আৰক্ষীয়ে ।

মাটিৰ তলত ড্ৰাগছ, নগদ ধন:

ড্ৰাগছ ব্যৱসায়ৰ এক তথ্য গোপন সূত্ৰে লাভ কৰি নগাঁও আৰক্ষীৰ এটা শুকুৰবাৰে বিয়লি অভিযান চলাই মাটিৰ তলৰ পৰাই ড্ৰাগছৰ লগতে নগদ ধন জব্দ কৰিবলৈ সক্ষম হয় । নগাঁও সদৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া পাৰ্থপ্ৰতীম চিংকন আৰু নগৰ শাখাৰ পৰিদৰ্শক উৎপল বৈশ্যৰ নেতৃত্বত আৰক্ষীৰ এটা দলে গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত অভিযান চলাই বুজন পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম ।

আৰক্ষীৰ দলটোৱে প্ৰথমে নগাঁৱৰ কাতিমাৰী পথাৰৰ পৰা আফাজ উদ্দিন নামৰ এটা ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰাৰ পাছত আফাজ উদ্দিনৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীৰ দলটোৱে হেৰাপতি অঞ্চলত অভিযান চলাই আন এগৰাকী অভিযুক্ত মহিলা ড্ৰাগছ ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হয় । ধৃত মহিলাগৰাকীৰ ঘৰৰ পৰাই আৰক্ষীয়ে মাটি খান্দি নগদ তিনি লক্ষাধিক টকাৰ লগতে জব্দ কৰে নিষিদ্ধ ড্ৰাগছ । ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুটাক জেৰা চলোৱাৰ অন্তত শনিবাৰে দুয়োকে গ্ৰেপ্তাৰ কৰি নগাঁও আদালতত হাজিৰ কৰে ।

ধিঙত উৎখাত ড্ৰাগছৰ ঘাটি:

ইপিনে ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত ৰখা নগাঁও আৰক্ষীৰ অভিযানত নগাঁৱৰ ধিঙতো উৎখাত হয় ড্ৰাগছৰ এটা ঘাটি । শনিবাৰে নগাঁৱৰ ধিং আৰক্ষীৰ এটা দলে ধিঙৰ গায়ন গাঁৱত অভিযান চলাই ড্ৰাগছসহ এটা ব্যৱসায়ী চক্ৰ উৎখাত কৰিবলৈ সক্ষম হয়। আৰক্ষী সূত্ৰে জানিব পৰা মতে, গায়ন গাঁৱত ড্ৰাগছ বেহাত সক্ৰিয় হৈ পৰা এটা চক্ৰৰ বিৰুদ্ধে চলোৱা অভিযানত ড্ৰাগছসহ সাতটাকৈ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় ।

ধৃত ড্ৰাগছ সৰবৰাহকাৰী কেইটা মাইনুল ইছলাম, আইনুল ইছলাম, আছাদুল ইছলাম, আছিকুল ইছলাম, বিল্লাল হুছেইন আৰু ছাদিকুল ইছলাম বুলি জানিব পৰা গৈছে । ধৃত ড্ৰাগছ সৰবৰাহকেইটাৰ পৰা অভিযানকাৰী আৰক্ষীৰ দলটোৱে নগদ ১৭, ৬৪০ টকাও জব্দ কৰিবলৈ সক্ষম হয় ।

উল্লেখযোগ্য যে, বিগত কেইদিন ধৰি নগাঁও আৰক্ষীয়ে অব্যাহত ৰখা ড্ৰাগছ বিৰোধী অভিযানত বহুকেইটা সৰবৰাহকাৰী জালত পেলাবলৈ সক্ষম হৈছে । ইপিনে, ড্ৰাগছৰ বিৰুদ্ধে নগাঁৱত অভিযান আৰু অধিক তীব্রতৰ হ’ব বুলিও জনাইছে নগাঁৱৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই ।

লগতে পঢ়ক: কৰিমগঞ্জত ১১৫ কোটি টকাৰ ড্ৰাগছ জব্দ : আটক ৪ সৰবৰাহকাৰী - Anti Drugs Mission

শিলচৰত 18 হাজাৰ য়াবা টেবলেটৰ সৈতে এজন যুৱকক আটক

তিনিচুকীয়াত ড্ৰাগছসহ আৰক্ষীৰ জালত 2 - Operation against drugs in Assam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.