ETV Bharat / state

নাৰী দিৱসত নগাঁৱৰ প্ৰণৱ বৰুৱা কলাক্ষেত্ৰত নাৰী শিল্পীৰ কলা প্ৰদৰ্শন

author img

By ETV Bharat Assamese Team

Published : Mar 8, 2024, 10:20 PM IST

Art Performance: নাৰী দিৱস উপলক্ষে শুকুৰবাৰে নগাঁৱৰ প্ৰণৱ বৰুৱা কলাক্ষেত্ৰত অনুষ্ঠিত হয় নাৰী শিল্পীৰ কলা প্ৰদৰ্শন ।

Women Artist's Art Performance at Nagaon Pranab Baruah Kalakshetra on the occasion of Women's Day
শিল্পীৰ কলা প্ৰদৰ্শন
শিল্পীৰ কলা প্ৰদৰ্শন

নগাঁও, 8 মাৰ্চ : নগাঁৱৰ প্ৰণৱ বৰুৱা কলাক্ষেত্ৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই শুভ উদ্বোধন কৰাৰ পিচত আন্তৰ্জাতিক নাৰী দিৱসৰ দিনটোতেই অনুষ্ঠিত হয় প্ৰথমটো অনুষ্ঠান । প্ৰণৱ বৰুৱা কলাক্ষেত্ৰত অনুষ্ঠিত হয় নাৰী শিল্পীৰ কলা প্ৰদৰ্শন । নাৰী শিল্পী কলাৰ প্ৰদৰ্শনী অনুষ্ঠানৰ উদ্বোধন কৰে চিত্ৰ সমালোচক তথা কলা ইতিহাসবিদ মৌচুমী কন্দলীয়ে ।

  • " class="align-text-top noRightClick twitterSection" data="">

মৌচুমী কন্দলীয়ে কয় যে আন্তৰ্জাতিক নাৰী দিৱসৰ দিনা মহিলা চিত্ৰ শিল্পীসকলৰ চিত্ৰ প্ৰদৰ্শনী গৌৰৱৰ কথা । কন্দলীয়ে অসমত নতুন নতুন সংগ্ৰহালয় তথা কলাক্ষেত্ৰ নিৰ্মাণ হোৱাটো বিচাৰে বুলি উল্লেখ কৰে । অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে বিশিষ্ট চলচ্চিত্ৰ সমালোচক তথা জ্যেষ্ঠ সাংবাদিক মনোজ বৰপূজাৰীয়ে । সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰে চিত্ৰশিল্পী টিকেন্দ্ৰজিৎ শইকীয়াই । অনুষ্ঠানত অংশগ্ৰহণ কৰা গুৱাহাটীৰ চিত্ৰশিল্পীসকল হৈছে বন্দনা নাথ, পৰাণ বন্তি দেৱী, অৰুন্ধতী চৌধুৰী, কুকিমা কাকতি, দিতীমনি দাস, ৰেখা দত্ত শইকীয়া । নগাঁৱৰ চিত্ৰশিল্পীসকল হৈছে গীতিকা শৰ্মা, গীতাঞ্জলী বৰুৱা, গাৰ্গী গীতম বৰা, আৰাধনা বৰুৱা আৰু দীপাঞ্জলী বৰা । অনুষ্ঠানত বৰ্ণালী হাজৰিকা, চন্দনা বেজবৰুৱা, সুৰঞ্জিতা বৰুৱা আৰু উজ্জ্বলজ্যোতি দাস উপস্থিত থাকে ।

অনুষ্ঠানটো অনুষ্ঠিত হোৱাত নৃপেন শইকীয়া আৰু উজ্জ্বলজ্যোতি দাসে সহায় কৰে । প্ৰদৰ্শনীত চিত্ৰশিল্পীসকলে নাৰীসকলৰ চিত্ৰ শিল্পলৈ অৱদান, শিল্পীক লৈ চলচ্চিত্ৰ নিৰ্মাণ আৰু প্ৰণৱ বৰুৱাৰ চিত্ৰশিল্পৰ প্ৰতি থকা অৱদানক সোঁৱৰে । উল্লেখ্য যে, প্ৰতিবছৰে ৮ মাৰ্চৰ দিনটো আন্তৰ্জাতিক নাৰী দিৱস হিচাপে পালন কৰা হয় ৷ ১৯০৯ চনৰ ২৮ ফেব্ৰুৱাৰীত জাৰ্মানীৰ সমাজতান্ত্ৰিক নেত্ৰী ক্লাৰা জেটকিনৰ নেতৃত্বত সৰ্বপ্ৰথম আন্তৰ্জাতিক নাৰী সন্মিলন অনুষ্ঠিত হয় । ১৯১০ চনৰ ডেনমাৰ্কৰ কোপেনহেগানত দ্বিতীয় আন্তৰ্জাতিক নাৰী সন্মিলন অনুষ্ঠিত হয় । ১৭খন দেশৰ ১০০ গৰাকী নাৰী প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰা এই সন্মিলনতে প্ৰতিবছৰে ৮ মাৰ্চ দিনটো আন্তৰ্জাতিক নাৰী দিবস হিচাপে পালনৰ সিদ্ধান্ত লোৱা হয় । ১৯৭৫ চনত এই দিনটোৱে আন্তৰ্জাতিক স্বীকৃতি লাভ কৰে । সেয়ে আজি নগাঁৱত এই দিৱসৰ লগত সংগতি ৰাখি নাৰী চিত্ৰ শিল্পীসকলে চিত্ৰ প্ৰদৰ্শনী অনুষ্ঠিত কৰে । তাৎপৰ্যপূৰ্ণ যে কিছুদিনৰ পূৰ্বে নগাঁৱৰ বিশিষ্ট চিত্ৰশিল্পী প্ৰণৱ বৰুৱাৰ স্মৃতিত নিৰ্মাণ কৰা প্ৰণৱ বৰুৱা কলাক্ষেত্ৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰিছিল ।

লগতে পঢ়ক : ভাৰতীয় মহিলাৰ ক্ষেত্ৰত তেনেই সাধাৰণ এই ৫টা ৰোগ; যাক ভুলতেও নকৰিব আওকাণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.