ETV Bharat / state

পুত্ৰৰ সন্মুখতে মাতৃক বিবস্ত্ৰা কৰি চলালে নিৰ্যাতন ! - Woman stripped naked and assaulted - WOMAN STRIPPED NAKED AND ASSAULTED

Woman assaulted in Jonai: জোনাইত সংঘটিত হৈছে নাৰী নিৰ্যাতনৰ এক ভয়াৱহ ঘটনা ৷ এগৰাকী মহিলাক পুত্ৰৰ সন্মুখতে বিবস্ত্ৰা কৰি শাৰীৰিক নিৰ্যাতন চলোৱাৰ অভিযোগ তিনি উদণ্ড যুৱকৰ বিৰুদ্ধে ৷ ঘটনা সন্দৰ্ভত জোনাই আৰক্ষী থানাত গোচৰ ৰুজু ৷ এজনক আটক, পলাতক দুজন ৷

Woman assaulted in Jonai
পুত্ৰৰ সন্মুখতে মাতৃক উলংগ কৰি চলালে নিৰ্যাতন
author img

By ETV Bharat Assamese Team

Published : Apr 1, 2024, 5:21 PM IST

জোনাই, ১ এপ্ৰিল : জোনাই কমলপুৰত শনিবাৰে সন্ধিয়া তিনি যুৱকৰ শাৰীৰিক নিৰ্যাতনৰ বলি হয় এগৰাকী অসহায় মহিলা । নিজ পুত্ৰৰ সন্মুখতে মাতৃৰ গাৰ কাপোৰ ফালি বিবস্ত্ৰা কৰি নিৰ্যাতন চলাই তিনি উদণ্ড যুৱকে ৷ অভিযুক্ত তিনি মুৰ্কংচেলেক ৰে’লৱে ষ্টেচন সমীপৰ কমলপুৰ গাঁৱৰ চাইদুল আলি ওৰফে বৰলা, চফিয়ৰ আলি আৰু ৰমজান আলি বুলি চিনাক্ত কৰা হৈছে ৷

জানিব পৰা মতে, জোনাই কমলপুৰৰ স্থানীয় এজন যুৱকক এই তিনি উদণ্ড যুৱকে ভয়ংকৰভাবে মাৰপিট কৰে ৷ এই ঘটনাৰ সম্ভেদ লাভ কৰাৰ পাচতেই যুৱকজনৰ মাতৃয়ে পুত্ৰক উদ্ধাৰৰ বাবে যোৱাৰ সময়তে তিনি উদণ্ড যুৱকে মাতৃকো নিৰ্যাতন চলায় ৷ চাইদুল আলি ওৰফে বৰলা, চফিয়ৰ আলি আৰু ৰমজান আলিয়ে মহিলাগৰাকীৰ গাৰ কাপোৰ ফালি শাৰীৰিক নিৰ্যাতন চলোৱাৰ লগতে মাৰপিট কৰাৰো অভিযোগ কৰিছে মহিলাগৰাকীয়ে ৷

আনহাতে যুৱক তিনিজনৰ আক্ৰমণত গুৰুতৰভাবে আহত হোৱা যুৱকজনক প্ৰথমে জোনাই অসামৰিক চিকিৎসালয়লৈ নিয়া হয় যদিও পিচত তেওঁক উন্নত চিকিৎসাৰ বাবে সংকটজনক অৱস্থাত ডিব্ৰুগড় মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে চিকিৎসকে । ইয়াৰ পাচতই দেওবাৰে ভুক্তভোগী মহিলাগৰাকীয়ে জোনাই থানাত অভিযুক্ত তিনি যুৱকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে ।

জোনাই আৰক্ষীয়ে ঘটনা সন্দৰ্ভত ভাৰতীয় দণ্ডবিধি আইন C/NO-33/2024 U/S-325/326/354/34 ধাৰাত গোচৰ পঞ্জীয়ন কৰি শনিবাৰৰ দিনাই বৰলা ওৰফে চাইদুল আলিক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰে । আনহাতে আন দুই অভিযুক্ত ৰমজান আলি আৰু চফিয়ৰ আলি বৰ্তমানো পলাতক অৱস্থাত আছে । ভুক্তভোগী মহিলাগৰাকীয়ে শীঘ্ৰেই দুই যুৱকক গ্ৰেপ্তাৰ কৰাৰ বাবে আৰক্ষীক আহ্বান জনাইছে ৷

লগতে পঢ়ক: নাবালিকাৰ ধৰ্ষণকাৰীক ৩০ বছৰৰ সশ্ৰম কাৰাদণ্ড - Kokrajhar rape case

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.