ETV Bharat / state

মুখ্যমন্ত্ৰীৰ সুবাদত ভূ-মাফিয়াৰ কবলৰ পৰা ভূমি ঘূৰাই পালে অসহায় মহিলাই - Land mafia in Assam

Drive against Land mafia : কথা ৰাখিলে মুখ্যমন্ত্ৰীয়ে ৷ শিলচৰত ২ দিন নৌহওঁতেই ভূ-মাফিয়াৰ কবলৰ পৰা নিজ ভূমি ঘূৰাই পালে এগৰাকী অসহায় মহিলাই ৷

Drive against Land mafia
ভূ-মাফিয়াৰ কবলৰ পৰা ভূমি ঘূৰাই পালে অসহায় মহিলাই
author img

By ETV Bharat Assamese Team

Published : Mar 5, 2024, 1:23 PM IST

ভূ-মাফিয়াৰ কবলৰ পৰা ভূমি ঘূৰাই পালে অসহায় মহিলাই

শিলচৰ, 5 মাৰ্চ : ৰাজ্যজুৰি মাটিৰ দালালৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ হাতত লৈছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ ইয়াৰ পিচতেই শিলচৰত ২ দিন নৌহওঁতেই ভূ-মাফিয়াৰ কবলৰ পৰা নিজ ভূমি ঘূৰাই পালে এগৰাকী অসহায় মহিলাই ৷ ভূমি বেদখলকাৰীক উচ্ছেদ কৰি প্ৰকৃত মালিকক ভূমি ঘূৰাই দিলে কাছাৰৰ আৰক্ষী অধীক্ষকসহ জিলা প্ৰশাসনে ৷

উল্লেখ্য যে, যোৱা 1 মাৰ্চত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই শিলচৰত উপস্থিত হোৱাৰ পাচতে মুখ্যমন্ত্ৰীক কাষত পাই ভূ-মাফিয়াৰ অত্যাচাৰত অতিষ্ঠ হৈ কান্দি কান্দি অভিযোগ দিছিল মৌচুমী দে’ নামৰ এগৰাকী মহিলাই । এই অভিযোগৰ ভিত্তিত কাছাৰৰ আৰক্ষী অধীক্ষক নোমল মাহাত্তাই তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছিল মুখ্যমন্ত্ৰীয়ে । মুখ্যমন্ত্ৰীৰ এই নিৰ্দেশনাৰ ২ দিন নহওঁতেই তদন্তক্ৰমে ভূমি বেদখল কৰি ৰখা লোকসকলক উচ্ছেদ কৰি মহিলাগৰাকীক নিজ ভূমি ঘূৰাই দিলে আৰক্ষী অধীক্ষক নোমল মাহাত্তাই ।

এতিয়া নিজ ভূমি ঘূৰাই পাই মুখ্যমন্ত্ৰীক ধন্যবাদ জনায় ভুক্তভোগী মহিলা মৌচুমী দে’য়ে । উল্লেখ্য যে, মহিলাগৰাকীৰ শিলচৰ সোনাই ৰোডৰ গোল্ডেন পাৰ্কৰ ৫ নং লেনত ২ কঠা ভূমি আছিল । কিন্তু যোৱা কেইবামাহ পূৰ্বে মহিলাগৰাকীৰ এই ভূমি নথি-পত্ৰ জালিয়াতিৰে বিক্ৰী কৰি দিয়ে নৌচাদুল ইছলাম আৰু বিবু পাল নামৰ স্থানীয় দুই ভূ-মাফিয়াই । তাৰ পিচতে যোৱা দুমাহ পূৰ্বে এই ভূমিত জোৰ জবৰদস্তি প্ৰৱেশ কৰি গৃহ নিৰ্মাণ কৰি বেদখলকাৰীয়ে বসবাস কৰিবলৈ আৰম্ভ কৰে ।

এই ঘটনাৰ পাচত মহিলাগৰাকীয়ে শিলচৰ ৰাঙিৰখাৰি আৰক্ষী চকীত এক গোচৰ ৰুজু কৰে যদিও আৰক্ষীয়ে কোনো পদক্ষেপ গ্ৰহণ নকৰা বুলি অভিযোগ উত্থাপন কৰে মহিলাগৰাকীয়ে । তাৰ পিচতে উপায়ন্তৰ হৈ মহিলাগৰাকীয়ে যোৱা 1 মাৰ্চ শিলচৰত বিভিন্ন প্ৰকল্পৰ উদ্বোধন আৰু শিলান্যাসৰ বাবে মুখ্যমন্ত্ৰী উপস্থিত হোৱাৰ পাচত মুখ্যমন্ত্ৰীক কান্দি কান্দি এই অভিযোগ দিয়ে ৷

এই ঘটনাৰ পিচতে ভূ-মাফিয়া নৌচাদুল ইছলাম আৰু বিবু পালৰ সন্ধানত আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে । মুখ্যমন্ত্ৰীৰ এই সহায়ৰ বাবে তেওঁক অশেষ ধন্যবাদ জ্ঞাপন কৰিছে ভুক্তভোগী মহিলাগৰাকীয়ে ।

লগতে পঢ়ক: ভাষণত প্ৰতিশ্ৰুতিৰ ফুলজাৰি, কিন্তু বছৰ বছৰ ধৰি ধোঁৱাচাঙত প্ৰতিশ্ৰুতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.