ETV Bharat / state

এইবাৰ নগাঁৱৰ অংকিতা; আৰু কিমান মহিলাই সহিব স্বামী-পৰিয়ালৰ অমানুষিক নিৰ্যাতন ? - Domestic violence in Nagaon - DOMESTIC VIOLENCE IN NAGAON

Woman assaulted for dowry : এগৰাকী মহিলাৰ মৃত্যুক কেন্দ্ৰ কৰি নগাঁৱত সৃষ্টি হৈছে চাঞ্চল্যৰ । স্বামী পৰিয়ালৰ নিৰ্যাতনৰ বলি হৈ মহিলাগৰাকীৰ মৃত্যু হোৱা বুলি অভিযোগ পৰিয়ালৰ । আৰক্ষী থানাত দাখিল এজাহাৰ ।

Woman assaulted for dowry
স্বামী পৰিয়ালৰ অমানুষিক নিৰ্যাতনৰ ফলতেই মৃত্যু হ’ল নেকি অংকিতাৰ ? (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Jun 15, 2024, 10:56 AM IST

নগাঁও, 15 জুন : পুনৰ নাৰী নিৰ্যাতনৰ ঘটনা সংঘটিত হৈছে নগাঁৱত । স্বামী পৰিয়ালৰ নিৰ্যাতনৰ বলি হৈ এগৰাকী মহিলাৰ মৃত্যু হোৱাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে নগাঁৱত । স্বামী পৰিয়ালৰ নিৰ্যাতন কৰাৰ অভিযোগ উত্থাপন কৰিছে নিহত মহিলাগৰাকীৰ পৰিয়ালৰ লোকে ৷

স্বামী পৰিয়ালৰ অমানুষিক নিৰ্যাতনৰ ফলতেই মৃত্যু হ’ল নেকি অংকিতাৰ ? (ETV Bharat Assam)

ভুক্তভোগী পৰিয়ালৰ লোকে উল্লেখ কৰা অনুসৰি, নগাঁৱৰ শেনচোৱাৰ অংকিতা সিং নামৰে এগৰাকী মহিলাই প্ৰায় তিনিবছৰ পূৰ্বেই বিবাহ পাশত আৱদ্ধ হৈছিল মাজৰআটিৰ মনোজ ডেকা নামৰ এজন লোকৰ সৈতে । কিন্তু বিয়াৰ পাচৰ পৰাই সুখ নাছিল অংকিতাৰ বৈবাহিক জীৱনত । প্ৰায়েই সুৰাপান কৰি অংকিতাৰ ওপৰত অমানুষিক নিৰ্যাতন চলাই আহিছিল বুলি অভিযোগ উত্থাপন কৰিছে অংকিতাৰ পৰিয়ালৰ লোকে ।

কেৱল অংকিতাৰ স্বামী মনোজ ডেকাই নহয়, শাহুৱেক কবিতা ডেকায়ো বিগত এবছৰ ধৰি নানা ধৰণে নিৰ্যাতন চলাই অহা বুলিও অভিযোগ উত্থাপন কৰে অংকিতাৰ পৰিয়ালৰ লোকে । ইয়াৰ মাজতে এসপ্তাহ পূৰ্বে যৌতুক হিচাপে নগদ ধন বিচাৰি অংকিতাক প্ৰায়েই মাৰপিট কৰি অহা বুলিও উত্থাপন হৈছে অভিযোগ ।

লগতে পঢ়ক : ইমান অত্যাচাৰ কেনেকৈ সহিম বুলি চিকিৎসাৰ মাজতে আঁতৰি গ’ল বেবী

আনকি এসপ্তাহ পূৰ্বে অংকিতাক মাৰপিট কৰি স্বামী পৰিয়ালৰ লোকে অংকিতাক শেনচোৱাস্থিত বাসগৃহৰ ওচৰৰ আত্মীয়ৰ ঘৰত অসুস্থ অৱস্থাত এৰি থৈ যায় । শাৰীৰিক-মানসিক নিৰ্যাতন সহ্য কৰিব নোৱাৰি অংকিতাই অৱশেষত শুক্ৰবাৰে মৃত্যুক সাৱটি লয় । তাৰ পাচতেই সৃষ্টি হয় এক হুলস্থূলীয়া পৰিৱেশৰ ৷

আনকি শুক্ৰবাৰে বিয়লিৰ ভাগত হয়বৰগাঁও আৰক্ষী থানাত উপস্থিত হয় অংকিতাৰ পৰিয়ালৰ লোক । ঘটনা সন্দৰ্ভত অংকিতা সিঙৰ পৰিয়ালৰ লোকে ন্যায় বিচাৰি নগাঁৱৰ হয়বৰগাঁও চকীত তেওঁৰ স্বামীৰ লগতে শাহুৱেকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে ৷ লগতে অভিযুক্ত মনোজ ডেকা আৰু তেওঁৰ মাতৃকো কঠোৰ শাস্তি বিহাৰ বাবে দাবী উত্থাপন কৰে ।

উল্লেখ্য যে, যৌতুকৰ বিৰুদ্ধে আইন প্ৰণয়নৰ পাচতো যৌতুকৰ বাবেই স্বামী পৰিয়ালৰ নিৰ্যাতনত এগৰাকী মহিলাৰ মৃত্যু হোৱাৰ অভিযোগে প্ৰতিক্ৰিয়াৰো সৃষ্টি কৰিছে নগাঁৱত । ইপিনে হয়বৰগাঁও আৰক্ষীয়েও অংকিতাৰ পৰিয়ালে দাখিল কৰা এজাহাৰৰ ভিত্তিত এক গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে বুলিও জানিব পৰা গৈছে ।

লগতে পঢ়ক : গোৱালপাৰাৰ শিমলীতোলাত যৌতুক নিদিয়া বাবেই পত্নী-শাহুৱেকক নিৰ্মম প্ৰহাৰ - Woman assaulted in Assam

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.