গোৱালপাৰা, ৩ এপ্ৰিল: গোৱালপাৰা জিলাৰ শিমলীতোলাত যোৱানিশা সংঘটিত হয় এক জঘন্য ঘটনা । যৌতুক আদায় নিদিয়া বাবেই স্বামী আৰু পৰিয়ালৰ একাংশ লোকে হাতে-হাতে লাঠি, দা লৈ ঘৰৰ গেট ভাঙি প্ৰহাৰ কৰে মহিলাগৰাকীক । আনকি এই দলটোৱে মহিলাগৰাকীৰ বিধৱা মাতৃকো ৰেহাই নিদিলে । জোঁৱায়েকৰ কোবত গুৰুতৰভাৱে আহত হয় শাহুৱেক । এই ঘটনাটো সংঘটিত হোৱাৰ পিচতেই আৰক্ষীয়ে আটক কৰে অভিযুক্তপক্ষৰ এজনক ।
গোৱালপাৰা জিলাৰ শিমলিতলা বৰপথাৰত মানৱ সমাজক লজ্জানত কৰাৰ ঘটনাটোৰ অভিযুক্তটো হৈছে ৰাহুল আমিন । উল্লেখ্য় যে গোৱালপাৰাৰ কৃষ্ণাই বিদ্যাপাৰা গাঁৱৰ ইমান আলী নামৰ শিক্ষকজনৰ পুত্ৰ ৰাহুল আমিনে প্ৰায় পাঁচ বছৰ পূৰ্বে জিলাখনৰে শিমলীতোলা বৰপথাৰৰ এগৰাকী যুৱতীক পলুৱাই নি বিয়া পাতিছিল । দুয়োৰে এটি চাৰি বছৰীয়া সন্তানো আছে । বিয়াৰ পাছৰে পৰাই স্বামী ৰাহুল আমিন আৰু পৰিয়ালৰ আন সদস্য়সকলে যৌতুকৰ দাবীত মহিলাগৰাকীক চলাই আহিছে অকথ্য নিৰ্যাতন । স্বামীগৃহৰ সদস্য়ৰ নিৰ্যাতন সহিব নোৱাৰি আৰু এম এ পৰীক্ষাৰ প্ৰস্তুতিৰ বাবেই শিশু সন্তানটিক লগত লৈ বৰপথাৰৰ পিতৃগৃহত আছিল মহিলাগৰাকী ।
মঙলবাৰে নিশা অভিযুক্ত ৰাহুল আমিন আৰু অঙহী-বঙহীৰ তিনিটা পৰিয়ালৰ লোকে বৰপথাৰ গাঁৱৰ শহুৰেকৰ ঘৰত হাতে-হাতে দা, লাঠি লৈ উপস্থিত হৈ গেটৰ তলা ভাঙি ভিতৰত সোমাই এফালৰ পৰা তাণ্ডৱ চলায় । এই দলটোৱে কিছু আচবাব লণ্ড-ভণ্ড কৰাৰ উপৰি স্বামী ৰাহুল আমিন আৰু বাকী সকলে মিলি মহিলাগৰাকী আৰু বিধৱা মাতৃক অতি নিৰ্মমভাৱে প্ৰহাৰ কৰে বুলি অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী পৰিয়ালটোৱে ।
ইপিনে,মহিলাগৰাকীৰ মাতৃৰ অৱস্থা অতি সংকটজনক হোৱাত উন্নত চিকিৎসাৰ বাবে গোৱালপাৰালৈ লৈ যোৱা হয় । আক্ৰমকাৰী দলটোত দুই-তিনিজনকৈ শিক্ষকো জড়িত থকাৰ অভিযোগ উঠিছে । আৰক্ষীয়ে ইতিমধ্যে এই দলটোৰ ইমান আলী নামৰ এজনক আটক কৰিবলৈ সক্ষম হৈছে । উল্লেখ যে জোঁৱায়েকক ইতিমধ্যে মাটি বিক্ৰী কৰি বিধৱা শাহুৱেকে টকা আৰু ফাৰ্নিচাৰ দিছে যদিও সম্প্ৰতি দুই-আঢ়ৈ লাখ টকা আৰু সোণৰ চেইন বিচাৰি ব্যক্তিজনে পত্নীক নিৰ্যাতন চলাই আছিল বুলি অভিযোগ উঠিছে ।
লগতে পঢ়ক:ছয়গাঁৱত বনকৰা কিশোৰীক নিৰ্যাতন চলাই গ্ৰেপ্তাৰ পিতা-পুত্ৰ - Minor Girl Sexually Abused