ETV Bharat / state

পাৰিবাৰিক কন্দলৰ পৰিণতিত সংঘটিত ডাইনী কাণ্ড : চিকিৎসাধীন যুৱতী - Witch hunting in Golaghat

author img

By ETV Bharat Assamese Team

Published : May 6, 2024, 2:30 PM IST

Witchcraft Related Cases : এজন যুৱকক ডাইনী সজাই ব্যক্তিগত কাজিয়াৰ প্ৰতিশোধ পূৰণৰ চেষ্টা ৷ এই ঘটনাত নাম সাঙোৰ খাইছে এগৰাকী যুৱতীৰো ৷ ঘটনাৰ স্থান গোলাঘাট ৷

Witchcraft Related Cases
ডাইনী কাণ্ড সংঘটিত (ETV BHARAT ASSAM)
ডাইনী কাণ্ড সংঘটিত (ETV BHARAT ASSAM)

গোলাঘাট, 6 মে’ : পাৰিবাৰিক কন্দলে পালে চূড়ান্ত পৰ্যায় ৷ যাৰ বাবে ডাইনী সন্দেহত যুৱকৰ ঘৰ কৰিলে লণ্ড-ভণ্ড ৷ গোলাঘাট জিলাৰ বৰজান চুটজান মোৰালাইনত সংঘটিত হৈছে এনে এক ভয়ংকৰ ঘটনা ৷

ঘটনাৰ বিৱৰণী অনুসৰি, শুকুৰবাৰে চুটজান অঞ্চলৰ এগৰাকী যুৱতীৰ ঘৰত প্ৰৱেশ কৰিছিল দুজনকৈ যুৱকে ৷ নিশাৰ এন্ধাৰত যুৱক দুজনক দেখা মাত্ৰকে যুৱতীগৰাকীয়ে আত্মৰক্ষাৰ্থে এজন যুৱকৰ মুখত বান্ধি ৰখা মাস্কখন আঁতৰাবলৈ চেষ্টা কৰে ৷

যুৱতীগৰাকীয়ে মাস্কখন আঁতৰাই দি যুৱকজন তেওঁৰ প্ৰতিৱেশী ৰাজা ওৰফে কমল ভূঞা বুলি দাবী কৰাৰ লগতে যুৱকজনৰ বিকৃত মুখমণ্ডল দেখি আতংকিত হৈ চিঞৰ-বাখৰ কৰে ৷ যুৱতীগৰাকীৰ চিঞৰ-বাখৰত ঘটনাস্থলীত উপস্থিত হয় স্থানীয় ৰাইজ ৷ যুৱতীগৰাকীৰ অভিযোগ অনুসৰি, আনগৰাকী যুৱক আছিল তেওঁৰে আত্মীয় ৰাজেশ ভূঞা ৷

এই ঘটনা সন্দৰ্ভত উপস্থিত ৰাইজে পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ উদ্দেশ্যে দেওবাৰে আয়োজন কৰে গাঁওসভা ৷ কিন্তু আকস্মিকভাৱে দেওবাৰে যুৱতীগৰাকী মূৰ্চা যোৱাত তেওঁৰ পৰিয়ালৰ লগতে একাংশ গাঁৱবাসীয়ে প্ৰতিবেশী ৰাজা ভূঞাই যুৱতীগৰাকীক যাদু-মন্ত্ৰ কৰা বুলি দাবী উত্থাপন কৰে ৷ কেৱল মাত্ৰ পৰিয়ালটো ইয়াতে ক্ষান্ত নাথাকি ৰাজাৰ বাসগৃহত আক্ৰমণ কৰি আচবাবসমূহৰ ক্ষতিসাধন কৰে ৷

ইফালে ঘটনা সন্দৰ্ভত স্থানীয় লোকৰ পৰা লাভ কৰা খবৰৰ ভিত্তিত ঘটনাস্থলীত উপস্থিত হয় ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ সৈতে কমাৰবন্ধা আৰক্ষীৰ এটা দল ৷ আৰক্ষীয়ে যুৱকজনৰ পৰিয়ালটোক ৰাইজৰ ৰোষৰ পৰা উদ্ধাৰ কৰাৰ লগতে এই ঘটনাত জড়িত 8 গৰাকী ব্যক্তিক আটক কৰে ৷ সমগ্ৰ ঘটনাটোৱে উক্ত অঞ্চলত চাঞ্চল্য সৃষ্টি কৰে ৷

আনহাতে, অঞ্চলটোৰ এজন সচেতন যুৱকে সদৰি কৰা অনুসৰি, পূৰ্বৰে পৰা যুৱতীগৰাকীৰ আত্মীয় ৰাজেশ ভূঞা আৰু প্ৰতিৱেশী ৰাজা ভূঞাৰ পৰিয়ালৰ মাজত দীৰ্ঘদিনীয়া মাটি-বাৰীৰ সম্পৰ্কীয় কাজিয়া চলি আহিছিল ৷ ৰাজেশ নামৰ যুৱকজনে প্ৰতিশোধ লোৱাৰ উদ্দেশ্যে সু-পৰিকল্পিতভাৱে এনে ধৰণৰ ঘটনা সংঘটিত কৰা বুলি স্থানীয় যুৱকজনে দাবী কৰে ৷

অৱশ্যে যুৱক দুজনে কি কাৰণে যুৱতীগৰাকীৰ ঘৰত প্ৰৱেশ কৰিছিল, সেয়া এতিয়াও জানিব পৰা হোৱা নাই ৷ আৰক্ষীৰ প্ৰাথমিক তদন্তৰ অন্ততহে প্ৰকৃত সত্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে ৷

লগতে চাওক: শোণিতপুৰত দুটাকৈ ডাইনী সন্দেহৰ ঘটনা: পুনৰ আটক এগৰাকী মহিলা

ডাইনীৰ সন্দেহত মহিলাক হত্য়া, ঘটনাস্থলীত জিলা আয়ুক্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.