ETV Bharat / state

এন পি এছ বিতৰ্ক : ইউ পি এছ ব্যৱস্থাই উপকৃত কৰিবনে কৰ্মচাৰীক ? - Unified Pension Scheme - UNIFIED PENSION SCHEME

Reaction over Unified Pension Scheme : পুৰণি পেন্সন আঁচনি পুনৰ প্ৰৱৰ্তনৰ দাবী কৰি থকাৰ সময়তে কেন্দ্ৰীয় চৰকাৰে প্ৰৱৰ্তন কৰিলে নতুন পেন্সন আঁচনি ৷ একত্ৰিত পেঞ্চন আঁচনিৰ প্ৰৱৰ্তনৰ পিচতে সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ৷ নতুন পেন্সন আঁচনিৰে অন্য এক নাম একত্ৰিত পেন্সন আঁচনি বুলি অভিহিত কৰিছে বিভিন্ন কৰ্মচাৰী সংগঠনে ৷

Reaction over Unified Pension Scheme
ইউ পি এছ ব্যৱস্থাই উপকৃত কৰিবনে কৰ্মচাৰীক ? (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Aug 26, 2024, 7:52 PM IST

গুৱাহাটী, ২৬ আগষ্ট : চৰকাৰী শিক্ষক-কৰ্মচাৰী-শ্ৰমিকৰ পেন্সন আঁচনি এন পি এছ বাতিল কৰি কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ ইউ পি এছ ব্যৱস্থা প্ৰৱৰ্তনৰ কথা ঘোষণা কৰিছে । ইয়াকে লৈ বিভিন্ন চৰকাৰী কৰ্মচাৰী সংগঠন আৰু ট্ৰেড ইউনিয়ন সংগঠনে মিশ্ৰিত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । চৰ্চিত এন পি এছ , অ’ পি এছ আৰু ইউ পি এছ আঁচনি কি সেই বিষয়ে সবিশেষ জনাৰ বাবে চিটুৰ ৰাজ্যিক সাধাৰণ সম্পাদক তপন শৰ্মাৰ কাষ চপা হৈছিল । লগতে সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সংস্থাৰ সভাপতি অচ্যুতানন্দ হাজৰিকাৰ মতামত লোৱা হৈছিল ।

ইউ পি এছ ব্যৱস্থাই উপকৃত কৰিবনে কৰ্মচাৰীক ? (ETV Bharat Assam)
  • এন পি এছে কৰ্মচাৰীৰ ভৱিষ্যৎ নিৰাপত্তাক বিপদগ্ৰস্ত কৰিছে : তপন শৰ্মা

তপন শৰ্মাই কয়, ‘‘প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ নেতৃত্বাধীন বি জে পি চৰকাৰে ২০০৪ চনত চৰকাৰী শিক্ষক-কৰ্মচাৰী-শ্ৰমিকৰ অসুৰক্ষিত ভৱিষ্যতক সুৰক্ষিত কৰাৰ স্বাৰ্থত থকা পুৰণি পেন্সন আঁচনি অ’ পি এছ ব্যৱস্থা বাতিল কৰিছিল ৷ তাৰ ঠাইত প্ৰৱৰ্তন কৰা হৈছিল এন পি এছ ব্যৱস্থা । বহুতে এই এন পি এছত নজনাকৈ জড়িত হৈছিল । পিচত পেন্সন পোৱাসকল আচৰিত হৈছিল ।‌ কাৰণ তেওঁলোকে নামমাত্ৰ পেন্সনৰ ধন‌ পাইছিল । পিচত দেশজুৰি এন পি এছৰ বিৰুদ্ধে তীব্ৰ আন্দোলন হ’ল । এই আন্দোলনে ৰাজনৈতিক আঘাত দিয়াৰ পিচত ৰাজস্থান আৰু মহাৰাষ্ট্ৰ আদি কেইখনমান ৰাজ্যই অ’ পি এছ লাগু কৰাৰ কথা ঘোষণা কৰে । বি জে‌‌ পি দলেও নিৰ্বাচনী ইস্তাহাৰত অ’ পি এছ লাগু কৰাৰ‌ কথা উল্লেখ কৰিছিল ।’’

  • নব্য অৰ্থনীতিৰ বাবে দেশত এন পি এছ প্ৰৱৰ্তিত হৈছিল :

তপন শৰ্মাই কয়, ‘‘নব্য অৰ্থনীতিৰ বাবে দেশত এন পি এছ প্ৰৱৰ্তিত হৈছিল । এন পি এছ চমুকৈ কৰ্মচাৰীজনৰ দৰমহাৰ এটা অংশ, বিভাগৰ এটা অংশ‌ আৰু চৰকাৰৰ এটা অংশ মিলাই এটা সন্মিলিত পুঁজি নিৰ্মাণ কৰি সেই ধন শ্বেয়াৰ‌ বজাৰত বিনিয়োগ কৰা ৷ লাভ হ’লে কৰ্মচাৰীজনে‌ পাব ৷‌ লোকচান হ’লে তেওঁ পোৱাৰ কোনো নিশ্চয়তা নাই । এয়া অযুক্তিকৰ কথা ৷’’

  • ইউ পি এছ এন পি এছৰে নতুন নমাকৰণ মাত্ৰ :

তপন শৰ্মাই কয়, ‘‘ইউ পি এছত কৰ্মচাৰীজনে অৱসৰ লোৱাৰ পিচত তেওঁৰ দৰমহাৰ এটা হিচাপ কৰি নূন্যতম ১০ হাজাৰ টকা পেন্সন দিব । এন‌ পি এছত চৰকাৰৰ ১৪ শতাংশ অংশীদাৰ আছিল । ই‌উ পি এছত‌ এই‌ অংশীদাৰৰ‌ পৰিমাণ ১৮.৫ শতাংশ বৃদ্ধি কৰিছে । ইউ পি এছখন‌ সম্পূৰ্ণভাৱে ককটেইল আঁচনি । ইউ পি এছত কৰ্মচাৰীজন প্ৰাপ্যৰ পৰা বঞ্চিত হোৱাৰ প্ৰৱল সম্ভাৱনা আছে ।

  • অ’ পি এছে কৰ্মচাৰীৰ প্ৰকৃত কল্যাণ সাধন‌ কৰিব :

তপন শৰ্মাই কয়, ‘‘অ’ পি এছে কৰ্মচাৰীৰ প্ৰকৃত কল্যাণ সাধন‌ কৰিব । গতিকে আমি চিটুয়ে অ’ পি এছ লাগু‌ কৰাৰ দাবীত অটল‌ হৈ আছো । ইউ পি এছত কৰ্মচাৰীসকল মোহগ্ৰস্ত হ’ব নালাগে ।’’

আনহাতে সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সংস্থাৰ সভাপতি অচ্যুতানন্দ হাজৰিকাই কয়, ‘‘প্ৰস্তাৱিত ইউ পি এছৰ প্ৰাৰম্ভিক খবৰে আমাক আস্বস্ত তেতিয়াহে কৰিব যেতিয়া বাস্তৱসন্মত ন্যূন্যতম মাহিলি পেন্সনৰ সীমা নিৰ্ধাৰণ, পেন্সন দিয়াৰ বাবে দায়বদ্ধতা চৰকাৰে গ্ৰহণ কৰা, পৰিয়াল পেন্সনৰ স্পষ্টতা আৰু কৰ্মচাৰীৰ পৰা সংগ্ৰহ কৰা, ধনৰ পুনৰ প্ৰাপ্তিৰ ক্ষেত্ৰত নিশ্চিতি প্ৰদান কৰাৰ বাবে চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰে ৷ আমি আশাবাদী যদিও সকলোবোৰ সিদ্ধান্ত নোহোৱালৈকে সমৰ্থন কৰাৰ পক্ষত নাই । আমাৰ সংগ্ৰাম চলি থাকিব ৷ কৰ্মচাৰীসকলৰ অৱসৰী সুৰক্ষা অ’ পি এছ পুনৰ প্ৰতিষ্ঠা নহোৱালৈকে আমি ক্ষান্ত হোৱা নাই আৰু নহওঁ ।’’

লগতে পঢ়ক : নতুন পেন্সন নীতিৰ বিৰোধিতাৰে অৱসৰপ্ৰাপ্ত শিক্ষক-কৰ্মচাৰীৰ ধৰ্ণা

পুৰণি পেন্সন নীতি পুনঃ প্ৰৱৰ্তনৰ দাবীত উত্তাল সদন, OPS এ দেউলীয়া কৰিব চৰকাৰক- মুখ্যমন্ত্ৰী

অৱসৰী জীৱনৰ নিৰাপত্তা বিচাৰি যোৰহাটত এন পি এছ কৰ্মচাৰী সন্থাৰ কৰ্মবিৰতি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.