ETV Bharat / state

চামগুৰি-কলিয়াবৰত বন্যহস্তীৰ উপদ্ৰৱত বিনীদ্ৰ ৰজনী কটাইছে ৰাইজে - WILD ELEPHANT MENACE

ৰাজ্যৰ বিভিন্ন প্ৰান্তত হস্তী-মানুহৰ সংঘাত অব্যাহত থকাৰ মাজতে নগাঁৱত কৃষক ৰাইজৰ হাহাকাৰ । খেতিপথাৰৰ বিস্তৰ ক্ষতিসাধন ।

Man elephant conflict
নগাঁৱত কৃষক ৰাইজৰ হাহাকাৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Aug 6, 2024, 9:34 PM IST

চামগুৰি/কলিয়াবৰ, ৬ আগষ্ট : ৰাজ্য়ত হাতী-মানুহৰ সংঘাত অব্য়াহত । ৰাজ্য়ৰ আন ঠাইৰ লগতে চামগুৰি মাজৰআটিত বন্যহস্তীৰ উপদ্ৰৱত কৃষক ৰাইজে বিনীদ্ৰ ৰজনী কটাবলগীয়া হৈছে । দিনে-নিশাই এতিয়া চামগুৰিত চলিছে বন্যহস্তীৰ উপদ্ৰৱ । চামগুৰিৰ মাজৰআটিৰ সমীপৰ এখন বাঁহনিত বিগত কিছুদিন ধৰি অৱস্থান কৰিছে ৫/৬ টাকৈ বন্যহস্তী থকা এটা জাকে ।

নগাঁৱত কৃষক ৰাইজৰ হাহাকাৰ (ETV Bharat Assam)

খাদ্যৰ সন্ধানত বনৰীয়া হাতীকেইটা বাঁহনিখনৰ পৰা দিনৰ ভাগতো ওলাই আহি অঞ্চলটোত কৰে মুক্ত বিচৰণ । যাৰ বাবে এতিয়া অতিশয় শংকিত গাঁওখনৰ সৰ্বসাধাৰণ ৰাইজ । ইফালে,সন্ধিয়া নামিলেই বন্যহস্তী কেইটাই ঢাপলি মেলে নিকটৱৰ্তী হাঁহচৰা-বৰালিগাঁৱৰ পথাৰলৈ । নতুনকৈ খেতি আৰম্ভ কৰা পথাৰখনত নিশাৰ ভাগত বন্যহস্তীয়ে উপদ্ৰৱ চলোৱাৰ আশংকাত চিন্তান্বিত হৈছে কৃষক ৰাইজ ।

কেৱল আতচবাজী কেইটামানৰ ওপৰতেই নিৰ্ভৰ কৰি হাতী খেদিবলৈ অহা বন বিভাগো এতিয়া নিৰুপায় । বনকৰ্মীসকলে যিমান খেদিলেও নিশাটোৰ ভিতৰতেই হাতীকেইটা পুনৰ উভতি আহে বাঁহনিখনলৈ । বন্যহস্তীৰ দ্বাৰা সৃষ্ট এই সমস্যাটোৰ বাবে কেৱল খালি হাতেৰে অসহায় দৃষ্টিৰে অনাকাংক্ষিত বিপদৰ ক্ষণ গণিবলৈ বাধ্য হৈছে মাজৰআটি,হাঁহচৰা-বৰালিগাঁৱকে ধৰি বৃহত্তৰ অঞ্চলটোৰ ভুক্তভোগী ৰাইজে ।

কলিয়াবৰত পুনৰ বনৰীয়া হাতীৰ উপদ্ৰৱ :

কলিয়াবৰত অব্যাহত হাতী-মানুহৰ সংঘাত । নিতৌ কলিয়াবৰৰ জনাঞ্চলত উপদ্ৰৱ চলাইছে বন্যহস্তীয়ে। সোমবাৰে নিশা পুনৰ কলিয়াবৰৰ শিলঘাটৰ কেন্দুপাম গাঁৱত বন্যহস্তীয়ে উপদ্ৰৱ চলায় ।কেন্দুপাম গাঁৱৰ চমৰা তাঁতী নামৰ লোকজনৰ বাসগৃহ ভাঙি বিস্তৰ ক্ষতিসাধন কৰে এটা বন্যহস্তীয়ে । নিশা ১২ বজাত এটা বন্যহস্তীয়ে লক্ষ্য কৰি লয় চমৰা তাঁতীৰ বাসগৃহটো । পকী ঘৰটোৰ দেৱালৰ লগতে ঘৰৰ সা-সামগ্ৰী ভাঙি চুৰমাৰ কৰে বন্যহস্তীটোৱে । প্ৰায় দুঘণ্টা ধৰি চমৰা তাঁতীৰ বাসগৃত উপদ্ৰৱ চলাই হাতীটোৱে । কোনোমতে প্ৰাণ বচাই ঘৰৰ পৰা পলায়ন কৰে চমৰা তাঁতী আৰু পত্নী ৰীণা তাঁতীয়ে ।

এতিয়ালৈকে চাৰিবাৰকৈ চমৰা তাঁতীৰ বাসগৃহত উপদ্ৰৱ চলাইছে বন্যহস্তীয়ে । কিন্তু বন বিভাগক আবেদন কৰিও চৰকাৰৰ পৰা কোনো ক্ষতিপূৰণ লাভ কৰা নাই পৰিয়ালটোৱে । কলিয়াবৰৰ সোণাৰী-কামাখ্যাকে ধৰি দাঁতি-কাষৰীয়া অঞ্চলটোত বন্যহস্তীয়ে প্ৰায়ে উপদ্ৰৱ চলাই আহিছে যদিও প্ৰতিৰোধৰ বাবে কোনো বিশেষ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ।

লগতে পঢ়ক:শুই থাকোঁতেই হাতীৰ গচকত প্ৰাণ গ’ল এজনৰ - WILD ELEPHANT MENACE

বন বিভাগক খবৰ নিদিয়াকৈ হাতীৰ মৃতদেহ পুতি থ'লে শোধনাগাৰ কৰ্তৃপক্ষই - Wild elephant death in Golaghat

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.