ETV Bharat / state

ম’বাইলটো হাতলৈ অহাৰে পৰা আমি পাহৰি গৈছো নেকি বিশেষ সংখ্যাৰ আলোচনীবোৰ !

Assamese magazines: শাৰদীয় বতৰত হ্ৰাস পাইছে নেকি পূজাৰ বতৰত প্ৰকাশিত বিশেষ শাৰদীয় সংখ্যাৰ অসমীয়া আলোচনীৰ পঢ়ুৱৈৰ সংখ্যা ? এই সম্পৰ্কে এক বিশেষ প্ৰতিবেদন-

author img

By ETV Bharat Assamese Team

Published : 3 hours ago

Updated : 1 hours ago

ASSAMESE MAGAZINE SPECIAL EDITION
শাৰদীয় বিশেষ সংখ্যাবোৰৰ আদৰ কমিছে নেকি ? (ETV Bharat)

গুৱাহাটী, ৮ অক্টোবৰ: বৰ বেছি দিনৰ কথা নহয়, আজিৰ পৰা প্ৰায় এটা দশকৰ আগৰ কথা ৷ সেইসময়ত পূজা বা বিহু বুলি ক’লেই অসমীয়া মানুহে বিশেষকৈ গৃহিনীসকলে অধীৰ আগ্ৰহেৰে বাট চাইছিল উৎসৱৰ বতৰত প্ৰকাশিত বিশেষ আলোচনীসমূহলৈ ৷ বিহু-পূজাত নতুন কাপোৰ, বেলুন-পুতলা আদি কিনাৰ উপৰিও মানুহৰ ধাউতি আছিল বিশেষ আলোচনীখনৰ প্ৰতিও ৷

অসমৰ বিভিন্ন ছপা সংবাদ মাধ্য়মে প্ৰকাশ কৰা বিহু আৰু পূজা বিশেষ আলোচনীখনেই আছিল এই আকৰ্ষণৰ কেন্দ্ৰবিন্দু ৷ দৈনিক অসম, প্ৰতিদিন, দৈনিক জনমভূমি, বিস্ময় আদিৰ বিশেষ সংখ্যাটোত প্ৰকাশিত গল্প, উপন্যাস, কবিতা, প্ৰৱন্ধ পঢ়িবলৈ পাঠকৰ আছিল বিশেষ উৎসুকতা ৷ কিন্তু ক্ৰমাৎ যেন সেই আকৰ্ষণ হ্ৰাস পাবলৈ ধৰিছে বৰ্তমান সময়ত ৷ ইয়াৰ কাৰণ কি বাৰু ? ইন্টাৰনেট, সামাজিক মাধ্যমৰ বহুল ব্যৱহাৰ নে অধ্যয়নৰ প্ৰতি মানুহৰ বিৰাগ ? অৱশ্যে বহুতেই এতিয়াও উৎসৱকালীন এই বিশেষ আলোচনীখন সংগ্ৰহ কৰি তাৰ সোৱাদ লৈ আহিছে ৷ কিন্তু পূৰ্বৰ তুলনাত যেন সেয়া বহুখিনি হ্ৰাস পাইছে !

শাৰদীয় বিশেষ সংখ্যাবোৰৰ আদৰ কমিছে নেকি ? সম্প্ৰতি ই এক গুৰুত্বপূৰ্ণ প্ৰশ্ন হিচাপে বিভিন্ন মহলত চৰ্চা লাভ কৰিছে । সামাজিক মাধ্য়মতো এই বিষয়টোৱে চৰ্চা লাভ কৰিছে । আপাতঃ দৃষ্টিত পূৰ্বৰ অসমীয়া আলোচনী, বাতৰিকাকতবোৰে (কেইখনমানক বাদ দি) পৰম্পৰাগতভাৱেই শাৰদীয় সংখ্যাবোৰ প্ৰকাশ কৰি থাকিলেও পূৰ্বৰ তুলনাত প্ৰচলন ভালেখিনি হ্ৰাস পাইছে । আনকি পূৰ্বতে পাঁচ হেজাৰ কপি প্ৰকাশ কৰা আলোচনীখনেও এতিয়া শাৰদীয় বিশেষ সংখ্যাটো পাঁচশ কপিহে কোনোমতে ছপা কৰিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে ।

গুৱাহাটীৰ কিতাপ-আলোচনীৰ দোকানবোৰলৈ গ'লেই এই কথা স্পষ্ট হৈ পৰে । প্ৰতিদিন, দৈনিক অসম, অসম বাণী, খবৰ, আমাৰ অসম আদি কাকতৰ পূৰ্বতে আলোচনীবোৰ প্ৰকাশৰ বাবে যি হেতা-ওপৰা লাগিছিল, এতিয়া সেয়া নাই । তেনেদৰে বিস্ময়, ত্ৰিশূল, ৰংঘৰ, প্ৰিয়সখী, পূবালী, আজিৰ সময়, শ্ৰীময়ী, সময়, তৃষ্ণাতুৰ আদি পূজা সংখ্যা প্ৰকাশ কৰা আলোচনীবোৰ এতিয়া বজাৰত নাই বুলিয়ে ক'ব পাৰি ।

এইবোৰ আলোচনীয়ে এটা সময়ত শাৰদীয় সাহিত্যৰ সুবাস দিছিল । সেই সুবাস ক'ত হেৰাল ? বৈদ্যুতিন মাধ্যম বা ডিজিটেল মাধ্যমৰ বহুল প্ৰচাৰে সেই সুবাস নাইকীয়া কৰিলে নেকি ? এই সন্দৰ্ভত ই টিভি ভাৰতৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে কেবাগৰাকীও সম্পাদক আৰু পাঠকে ৷

পঢ়ুৱৈৰ সংখ্যা কমিছে : কনকসেন ডেকা

বিশেষ সংখ্যাৰ আলোচনীৰ পঢ়ুৱৈৰ সংখ্যা হ্ৰাস পোৱা সন্দৰ্ভত বিশিষ্ট সাহিত্যিক-সাংবাদিক কনকসেন ডেকাই কয়, ‘‘বৰ্তমান সময়ত পঢ়ুৱৈৰ সংখ্যা বহুত কমিছে । গতিকে পঢ়া মানুহ নাথাকিলে প্ৰকাশক গোষ্ঠীয়ে লোকচান কৰি কিয় পূজাৰ সংখ্যা প্ৰকাশ কৰিব । অসমীয়া ভাষাৰ পূজাৰ সংখ্যাৰ প্ৰচলন পূৰ্বতকৈ তুলনামূলকভাৱে কমিছে ।’’

নিজৰ অভিজ্ঞতা বৰ্ণনা কৰি ডেকাই লগতে কয়, ‘‘এজন লোক মোৰ ওচৰলৈ আহি অসমীয়া পূজাৰ সংখ্যাৰ বিক্ৰী নাই বুলি ক'লে । তেওঁ ক'লে যে তেওঁৰ দোকানত তিনি কপি অসমীয়া পূজা সংখা বিক্ৰীৰ‌ বাবে ৰাখিছিল ।‌ কিন্তু বিক্ৰী নহ'ল । তাৰ তুলনাত বাংলা ভাষাৰ পূজা সংখ্যাৰ বিক্ৰী ভাল ।’’ এই জ্বলন্ত সমস্যাবোৰ ইতিবাচক ধৰণে আলোচনা হোৱা উচিত যদিও আজিলৈকে হোৱা‌ নাই বুলি খেদ প্ৰকাশ কৰে বৰ্ষীয়ান সাংবাদিকগৰাকীয়ে ।

কোভিডে পৰিৱশ সলনি কৰিছে: দিলীপ চন্দন

এই সন্দৰ্ভত বিশিষ্ট সাংবাদিক তথা অসম বাণীৰ সম্পাদক দিলীপ চন্দনে কয়, ‘‘বাতৰি কাকত, আলোচনী আথবা শাৰদীয় সংখ্যা কমি যোৱাৰ ক্ষেত্ৰত কোভিডে নেতিবাচক প্ৰভাৱ পেলাইছে । কোভিডৰ পাছত‌ এচাম মানুহৰ দৃষ্টিভংগী সলনি হৈছে । যাৰ বাবে আলোচনীবোৰত বিশেষকৈ শাৰদীয় সংখ্যাবোৰত বিজ্ঞাপন কমি গৈছে । এনে নহয় যে পঢ়ুৱৈৰ সংখ্যা কমি গৈছে । বিজ্ঞাপনৰ পৰিমাণ কমি যোৱাৰ বাবে এই ব্যৱসায়ত নেতিবাচক প্ৰভাৱ পৰিছে ।’’ তেওঁ আৰু কয় যে লোকচান ভৰি কোনেও শাৰদীয় সংখ্যা প্ৰকাশ নকৰে ।

ইপিনে গুৱাহাটীৰ একাংশ আলোচনী ব্যৱসায়ীৰ ভাষ্য মতে, অসমীয়া ভাষাৰ শাৰদীয়‌ সংখ্যা আগতকৈ বহুখিনি কমি গৈছে । এই সন্দৰ্ভত গণেশগুৰি এম পি বুক ষ্টলৰ কিতাপৰ ব্যৱসায়ী এগৰাকীয়ে কয়, ‘‘পূজাৰ সংখ্যা আগতকৈ বহুত কমি গৈছে । বহুতো প্ৰকাশন গোষ্ঠীয়ে আজিকালি পূজা সংখ্যা নুলিয়ায় । এইবাৰ যিখিনি অসমীয়া শাৰদীয়‌ সংখ্যা দোকানলৈ বিক্ৰীৰ বাবে অনা হৈছিল, আটাইবোৰেই বিক্ৰী হৈছে ।’’

আনহাতে পাণবজাৰত বহুত বছৰ ধৰি আলোচনী বিক্ৰী কৰি অহা এগৰাকী ব্যৱসীয়ে কয়, ‘‘এতিয়া কোনো আলোচনীৰে ব্যৱসায় ভাল নহয় ।‌ আগতে পূজা সংখ্যা একোটা ১০০ কপি পৰ্যন্ত বিক্ৰী হৈছিল । এতিয়া সেই পৰিৱেশ‌ নাই । ম'বাইল, ইন্টাৰনেটে এই ব্যৱসায়ত নেতিবাচক প্ৰভাৱ পেলাইছে ।’’

এই সন্দৰ্ভত গৱেষক ছাত্ৰ ৰূপজ্যোতি কুমাৰে কয়, "শাৰদীয় সংখ্যাবোৰ আগৰ দৰে বজাৰত দেখিবলৈ নাপাওঁ । দিনক দিনে ইয়াৰ প্ৰতি পঢ়ুৱৈৰ ধাউতি কমি আহিছে । সৃষ্টিশীল‌ সাহিত্যৰ পৰিৱৰ্তে মানুহে এতিয়া ছ’চিয়েল মিডিয়াত বেছি সময় কটায় । যাৰ বাবে হয়তো লেখকৰো লিখাৰ প্ৰতি তাড়না কমি আহিছে ।’’

ইপিনে গৱেষক ছাত্ৰী পম্পীৰাণী বৈশ্য কয়, ‘‘শাৰদীয় সংখ্যা আগৰ দৰে বজাৰত দেখিবলৈ নাই । যান্ত্ৰিক জীৱনযাত্ৰাই এইক্ষেত্ৰত প্ৰভাৱ পেলাইছে । আজিকালি কম সময়ত মানুহে বেছি কাম কৰিব বিচাৰে, ম'বাইলতে বেছি পঢ়া দেখা যায় । যাৰ বাবে হয়তো মানুহৰ কাকত আলোচনীৰ প্ৰতি আগ্ৰহ কমি আহিছে ।’’

পূজা সংখ্যাৰ পঢ়ুৱৈৰ সংখ্যা তাকৰীয়া হোৱাৰ বাবেই হওক বা প্ৰকাশক গোষ্ঠীয়ে ইয়াৰ প্ৰকাশ কমাই দিয়াৰ বাবেই হওক কৰ’বাত যেন হেৰাই গৈছে উৎসৱ বিশেষ আলোচনীসমূহৰ সুবাস আৰু ইয়াক হাতত তুলি লিৰিকি-বিদাৰি চোৱাৰ মাদকতা ৷

লগতে পঢ়ক: পাপৰি বৰ্মনলৈ ২০২৪ বৰ্ষৰ মুনীন বৰকটকী সাহিত্য বঁটা

প্ৰয়াত খগেন মহন্তৰ জনপ্ৰিয় গীতে ৰূপ ল’লে নাটকৰ; দুৰ্গাপূজাৰ সুন্দৰ উপহাৰ যোৰহাটবাসীলৈ

Last Updated : 1 hours ago
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.