ETV Bharat / state

অসম এৰি ডেপুটেশ্যনত 21 গৰাকী আই এ এছ: অসমলৈ বিৰাগ কিয় ?

author img

By ETV Bharat Assamese Team

Published : Jan 25, 2024, 7:50 PM IST

IAS officers on deputation: বৰ্তমান অসমত সেৱা আগবঢ়াই আছে 190 গৰাকী আই এ এছ বিষয়াই ৷ কিন্তু তাৰ ভিতৰত 21 গৰাকী জ্যেষ্ঠ বিষয়া আছে ডেপুটেশ্যনত ৷ কিয় অসম এৰি কেন্দ্ৰীয় চৰকাৰৰ ডেপুটেশ্যনৰ প্ৰতি আগ্ৰহী এইসকল বিষয়া ? অসমত কাম কৰিবলৈ আহি কোনো কোনো ক্ষেত্ৰত চাপৰ সন্মুখীন হয় নেকি তেওঁলোক ? এই সন্দৰ্ভত এক বিশেষ প্ৰতিবেদন...

IAS officers on deputation
IAS officers left Assam on deputation

নিউজ ডেস্ক, 25 জানুৱাৰী: দেশ তথা ৰাজ্য এখন নিয়াৰিকৈ চলিবৰ বাবে চৰকাৰ বা মন্ত্ৰী-পাৰিষদৰ উপৰিও প্ৰয়োজন আমোলাৰ ৷ ৰাজ্যিক ব’ৰ্ডৰ লগতে কেন্দ্ৰীয় ব’ৰ্ডৰ জৰিয়তেও আমোলা নিযুক্তি দিয়া হয় ৷ এই প্ৰক্ৰিয়াবোৰ আমাৰ সকলোৰে জ্ঞাত, গতিকে সেই পাতনি এতিয়া নেমেলোঁ ৷ আমি আলোচনা কৰিব খোজা বিষয়টো কিছু বেলেগ ৷ অসমত ইউ পি এছ চিৰ দ্বাৰা নিযুক্তি লাভ কৰা আই এ এছ বিষয়াসকলৰ বিষয়েহে এই প্ৰতিবেদনত কিছু আলোচনা কৰিব খোজা হৈছে ৷

চৰকাৰী সূত্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি অসমত বৰ্তমান 190 গৰাকী আই এ এছ বিষয়া নিযুক্ত হৈ আছে বিভিন্ন বিভাগত ৷ শীৰ্ষ পৰ্যায়ত অসমীয়া আই এ এছ বিষয়াৰ সংখ্যা অৱশ্যে নিচেই তাকৰ ৷ বহিঃৰাজ্যৰ পৰা অহা আই এ এছ বিষয়াৰ সংখ্যাই অধিক ৷ কিন্তু মন কৰিবলগীয়া কথাটো হ’ল যে এইসকল শীৰ্ষ বিষয়াৰ প্ৰায় কেইজনেই বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ ডেপুটেশ্যন লৈ অসমৰ বাহিৰত আছে ৷ যাৰ বাবে তেওঁলোকৰ অবিহনেই চলাব লগীয়া হৈছে ৰাজ্যৰ প্ৰশাসন যন্ত্ৰ ৷

আই এ এছ বিষয়াই ডেপুটেশ্যন বিচৰা প্ৰক্ৰিয়া একেবাৰে নতুন নহয় যদিও এই বিষয়টো চিন্তনীয় ৷ কিয় ডেপুটেশ্যন লৈ অসম এৰি যায় গৈ বিষয়াসকল ? অসমৰ পৰিবেশৰ সৈতে খাপ খাব নোৱাৰে নে অসমত কাম কৰাৰ পৰিবেশ নাপায় তেওঁলোকে ? অন্য কোনো বিশেষ কাৰণ আছে নেকি, যাৰ বাবে অসমত সেৱা আগবঢ়াবলৈ বিৰাগ জন্মে এইসকল বিষয়াৰ ৷ অসমত কাম কৰাৰ ক্ষেত্ৰত কিবা হেঁচাৰ সন্মুখীন হয় নেকি তেওঁলোক ? কোনে হেঁচা দিয়ে ? ৰাজনৈতিক প্ৰভাৱে অতিষ্ঠ কৰে নেকি তেওঁলোকক ? যাৰবাবে এইদৰে নিজৰে কৰ্মভূমিৰ পৰা আঁতৰাই নিবলৈ বাধ্য হয় বিষয়াসকল !

কোন কোন বিষয়া বৰ্তমান ডেপুটেশ্যনত আছে ?

  1. সমীৰ সিন্হা (সঞ্চালক প্ৰধান- প্ৰতিৰক্ষা বিভাগ, ভাৰত চৰকাৰ)
  2. পংকজ জৈন (সচিব- পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰণালয়, ভাৰত চৰকাৰ)
  3. প্ৰমোদ কুমাৰ তিৱাৰী ( সঞ্চালক প্ৰধান- গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা যোগান, ভাৰতীয় মান্যক ব্যুৰ’)
  4. অজয় তেৱাৰী (অতিৰিক্ত সচিব- শক্তি মন্ত্ৰণালয়, ভাৰত চৰকাৰ)
  5. সঞ্জয় লোহিয়া (অতিৰিক্ত সচিব- খনি মন্ত্ৰণালয়, ভাৰত চৰকাৰ)
  6. নীৰজ বাৰ্মা (প্ৰশাসক- ইউনিভাৰ্চেল চাৰ্ভিচ অবলিগেচন ফাণ্ড, টেলিকমিউনিকেচন বিভাগ)
  7. লাভলী ছুইটী চেংছান (অতিৰিক্ত সচিব- স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ)
  8. অৰ্চনা বাৰ্মা (মিচন সঞ্চালক- ৰাষ্ট্ৰীয় জল আয়োগ, জলসম্পদ বিভাগ)
  9. শ্যাম জগন্নাথন (মুখ্য সঞ্চালক- বন্দৰ, জাহাজ আৰু জলপথ, জাহাজ পৰিবহণ সঞ্চালকালয়, মুম্বাই)
  10. আশুতোষ অগ্নিহোত্ৰী (যুটিয়া সচিব, গৃহ পৰিক্ৰমা বিভাগ)
  11. দিৱাকৰ নাথ মিশ্ৰ (আয়ুক্ত সচিব- ৰূপান্তৰ আৰু উন্নয়ন বিভাগ আৰু অসমৰ সঞ্চালক প্ৰশাসনিক কৰ্মচাৰী মহাবিদ্যালয় (অতিৰিক্ত) ষ্টাডী লিভ)
  12. জুজ্জাভাৰাপু বালাজী (যুটিয়া সচিব- কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰণালয়, ভাৰত চৰকাৰ)
  13. এম অংগমুথু (অধ্যক্ষ- বন্দৰ, জাহাজ আৰু জলপথ, বিশাখাপট্টনম বন্দৰ ট্ৰাষ্ট)
  14. পি অশোক বাবু (যুটিয়া সচিব- স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়, ভাৰত চৰকাৰ)
  15. নিতিন কুমাৰ শিৱদাস খাৰে (যুটিয়া সচিব- গ্ৰামোন্নয়ন আৰু ভূমি সম্পদ বিভাগ, ভাৰত চৰকাৰ)
  16. বীৰেন্দ্ৰ মিট্টাল (যুটিয়া সচিব- কেবিনেট সঞ্চালকালয়, ভাৰত চৰকাৰ)
  17. বিনোদ ছেছান (সঞ্চালক- পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰণালয়, দিল্লী)
  18. মনোজ কুমাৰ ( সঞ্চালক- কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰণালয়, ভাৰত চৰকাৰ)
  19. জোৰাম বেদা (সঞ্চালক- লোকপিয়ল অভিযান, অৰুণাচল)
  20. অশ্বিনী কুমাৰ (ব্যক্তিগত সচিব- মানৱ সম্পদ মন্ত্ৰী, ভাৰত চৰকাৰ)
  21. দেৱজ্যোতি দত্ত (সঞ্চালক- লোকপিয়ল অভিযান, নাগৰিক পঞ্জীয়ন)

190 গৰাকী আই এ এছ আমোলাৰ ভিতৰত এইসকল জ্যেষ্ঠ বিষয়া বৰ্তমান ডেপুটেশ্যনত আছে ৷ তেওঁলোকৰ অবিহনেই চলি আছে ৰাজ্যৰ প্ৰশাসন যন্ত্ৰ ৷ কিন্তু তাৎপৰ্যপূৰ্ণ কথাটো হ’ল যে কিয় একাংশ বিষয়াই এইদৰে অসম এৰি যাবগৈ বিচাৰে ? এয়া কেৱল আই এ এছৰ তালিকাহে ৷ আই পি এছৰ ক্ষেত্ৰতো এনে উদাহৰণ আছে ৷ শেহতীয়াকৈ আই পি এছ আনন্দ মিশ্ৰই নিজৰ চাকৰিৰ পৰা অব্যাহতি লোৱা বিষয়টোৱেও প্ৰশাসন যন্ত্ৰৰ প্ৰতি প্ৰশ্ন উত্থাপন কৰিছে ৷

লগতে পঢ়ক: ৰাইজে এতিয়া নৰেন্দ্ৰ মোদীকেই ভোট দিব লাগিব : সৰ্বানন্দ সোণোৱাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.