জোনাই, ১৭ জুন: নিচাজাতীয় দ্ৰব্য সেৱনৰ অভিযোগত নিচামুক্তি কেন্দ্ৰলৈ প্ৰেৰণ কৰা এগৰাকী শিক্ষকে কেইবাগৰাকীও মহিলাৰ বিৰুদ্ধে জোনাই থানাত ৰুজু কৰা গোচৰ উঠাই লোৱাৰ দাবীত শনিবাৰে শ শ মহিলাই জোনাই থানাৰ চৌহদত উত্তপ্ত পৰিৱেশৰ সৃষ্টি কৰে ৷ জানিব পৰা মতে, বুধবাৰে বিয়লি জোনাইৰ ২ নং তৰাজানৰ প্ৰফুল্ল দলে নামৰ এগৰাকী শিক্ষকে লেকু জেলেম পথাৰৰ টঙীঘৰত নিচাজাতীয় দ্ৰব্য সেৱন কৰি থকাৰ অভিযোগত লেকু জেলম গাঁৱৰ মহিলাসকলে আটক কৰে ৷ লেকু জেলেম গাঁৱৰ মহিলাসকলে অভিযুক্ত শিক্ষকগৰাকীক আটক কৰাৰ পাচত মহমৰাস্থিত নিচামুক্তি কেন্দ্ৰত চমজাই দিয়ে ৷
লগতে পঢ়ক: ড্ৰাগছৰ ঘাটি স্বৰূপ অসম-নগালেণ্ড সীমান্তৰ নামতোলাত নিচা মুক্তি কেন্দ্ৰ মুকলি
উল্লখ্য যে, অসম-অৰুণাচল সীমান্তৰ লেকু জেলমত কানি, ভাং, ড্ৰাগছ সেৱনকাৰীৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে ৷ যাৰ পৰিপ্ৰেক্ষিতত গাঁৱৰ মহিলাসকলে এনে কাৰ্যৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে ৷ ইয়াৰ মাজতেই বুধবাৰে গাঁৱৰ মহিলাসকলে শিক্ষকজনক নিচাজাতীয় দ্ৰব্য সেৱন কৰি থকাৰ সময়তে হাতে-লোটে আটক কৰে বুলি জানিবলৈ দিয়ে ৷ প্ৰফুল্ল দলেক আটক কৰাৰ সময়তে তেওঁ একাংশ মহিলাক শাৰীৰিকভাৱে আক্ৰমণ কৰাৰো অভিযোগ কৰে মহিলাসকলে ৷
ইফালে শিক্ষক প্ৰফুল্ল দলেই নিচামুক্তি কেন্দ্ৰৰ পৰা ওলাই আহি লেকু জেলেম গাঁৱৰ একাংশ মহিলা আৰু মহমৰাস্থিত নিচামুক্তি কেন্দ্ৰৰ একাংশ সদস্যৰ বিৰুদ্ধে মাৰপিটৰ অভিযোগ তুলি জোনাই থানাত গোচৰ ৰুজু কৰে ৷ শিক্ষক প্ৰফুল্ল দলেই সেইদিনা বিয়লি পাচলি কিনিবলৈহে লেকু জেলেমলৈ যোৱা বুলি সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে ৷ কিন্তু মহিলাসকলে তেওঁক নিচাজাতীয় দ্ৰব্য সেৱন কৰাৰ অভিযোগ তুলি আটক কৰাৰ লগতে নিচামুক্তি কেন্দ্ৰৰ একাংশ লোকে মাৰপিট কৰাৰ অভিযোগ কৰে ৷
ইয়াৰ পিচতে দেওবাৰে সন্ধিয়া লেকু জেলেম গাঁৱৰ প্ৰায় শতাধিক মহিলাই জোনাই থানাৰ চৌহদত উপস্থিত হৈ গোচৰ উঠাই লোৱাৰ দাবীত উত্তপ্ত পৰিৱেশৰ সৃষ্টি কৰে ৷ তেওঁলোকে শিক্ষক প্ৰফুল্ল দলেৰ বিৰুদ্ধে জোনাই থানাত এই সন্দৰ্ভত এক গোচৰো দাখিল কৰে ৷
লগতে পঢ়ক: ভূমি পট্টা লাগে : পাঁচ শতাধিক চাহ শ্ৰমিকৰ প্ৰতিবাদে কঁপালে কলিয়াবৰ - Protest for Land patta