লখিমপুৰ, ১৩ জুন : চাওঁতে চাওঁতে আজি সুনীল গগৈৰ হত্যাৰ ১৩ দিন হ’ল । সন্ধান নোলাল ছিন্ন মুণ্ড ঘাতকৰ । কোন এই সুনীল গগৈ সেয়া হয়তো দুনাই কোৱাৰ প্ৰয়োজন নাই ৷ সকলোৰে জ্ঞাত যে, লখিমপুৰৰ ঢকুৱাখনা সাপতীয়া চেতিয়া গাঁৱত নৃশংস হত্যাৰ বলি হৈছিল সুনীল গগৈ ।
বিগত ১ জুনৰ নিশা তেওঁক ঘৰৰ পৰা কিছু নিলগতে দুৰ্বৃত্তই হত্যা কৰি মুণ্ড কাটি লৈ যোৱাৰ উপৰিও মৃতদেহটো জ্বলাই দিয়ে । এই ভয়ংকৰ ঘটনাই জোকাৰি গৈছিল সমগ্ৰ ৰাজ্য । আৰক্ষী বিভাগৰ শীর্ষ বিষয়া, ফৰেনচিক, চিআইডি আদিৰ দলে অহৰহ ঘটনা স্থলীত তন্ন তন্নকৈ পৰীক্ষা কৰি ছিন্ন মুণ্ডৰ সন্ধান কৰাৰ লগতে হত্যাকাৰীৰ অনুসন্ধান কৰি আছে । কিন্তু হাতত একোৱে পৰা নাই ৷
ৰাজ্য কঁপোৱা উক্ত হত্যাকাণ্ডৰ ১২ দিন উকলি গ’ল। কিন্তু এই পৰ্যন্ত সুনীল গগৈৰ ছিন্ন মুণ্ড অথবা ঘাটকৰ সন্ধান নোলাল । এই লৈ অনুসন্ধান চলি থকাৰ মাজতে ইতিমধ্যে চৰম দুখৰ সাগৰত নিমজ্জিত দুৰ্ভগীয়া পৰিয়ালটোৱে ইতিমধ্যে আদ্যশ্ৰাদ্ধকে ধৰি মৃতকৰ উদ্দেশ্যে মাংগলিক ক্ৰিয়া কাৰ্য সমাপন কৰিছে ।
লগতে পঢ়ক : এতিয়াও সন্ধান নাই হত্যাকাৰীৰ, হত্যাকাৰীৰ সন্ধান দিওতালৈ পুৰস্কাৰ ঘোষণা - DHAKUAKHANA MURDER
উল্লেখ্য যে, আৰক্ষী বিভাগৰ তৰফৰ পৰা হত্যাকাৰীৰ সন্ধান দিওতালৈ পুৰস্কাৰ ঘোষণা কৰি জাননী জাৰি কৰাৰ উপৰিও দহজনৰো অধিক লোকক সোধপোচ কৰিছে । তথাপিও এই পৰ্যন্ত ঘাটকৰ সন্ধান উলিয়াব পৰা নাই অনুসন্ধানকাৰী আৰক্ষী অথবা চিআইডিয়ে ।
সুনীল গগৈৰ হত্যা সন্দৰ্ভত থানাত ৰুজু হোৱা ৩৯/২০২৪ নম্বৰৰ আৰু ১২০(বি) /৩০২/২০১/৩৪ ধাৰাৰ গোচৰটোত এতিয়ালৈকে কাকো গ্ৰেপ্তাৰ কৰিব পৰা নাই আৰক্ষীয়ে । ঘটনাটোৰ পাচৰে পৰা আৰক্ষী, চিআইডি, ফৰেনচিকৰ দলে অভিযান চলাই আছে ।
লগতে পঢ়ক : অৰ্ধদগ্ধ-মুণ্ডহীন মৃতদেহ : নিৰৱচ্ছিন্ন তদন্ত অব্যাহত আৰক্ষী-ফৰেনছিক দলৰ - DHAKUAKHANA MURDER
অসম আৰক্ষীৰ উপ-মহাপৰিদৰ্শক সুধাকৰ সিং, চিআইডিৰ সঞ্চালক-সংযুক্তা পৰাশৰৰ লগতে ফৰেনচিক বিশেষজ্ঞৰ দল গুৱাহাটীৰ পৰা আহি লখিমপুৰত উপস্থিত হৈ ঘটনাৰ তদন্ত কৰিছে । তদন্তকাৰী দলটোৱে স্নীফাৰ ডগৰ জৰিয়তেও ঘটনাস্থলীত তদন্ত চলাইছে ৷ লগতে চোমণিৰ মাজৰ পৰা সুনীল গগৈৰ অৰ্ধদগ্ধ মৃতদেহৰ ওচৰত পোৱা বিভিন্ন নমুনা সংগ্ৰহ কৰিছে ফৰেনচিক বিশেষজ্ঞৰ দলে ।
শেহতীয়াকৈ গুজৰাটৰ এগৰাকী ফৰেনচিক বিশেষজ্ঞ আহিও নমুনা সংগ্ৰহ কৰি নিছে । আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙেও ঘটনাস্থলীলৈ গৈ সকলো বিষয় পৰীক্ষী কৰিছে ৷ ৰাজ্য জোকাৰি যোৱা এই ঘটনাৰ লগত জড়িত অপৰাধীক চিনাক্ত কৰিবলৈ সকলো ব্যৱস্থাই কৰিছে আৰক্ষী, চিআইডিয়ে ।
তথাপিও কিন্তু ঘটনাৰ ১২ দিন উকলি যোৱাৰ পাচতো ছিন্ন মুণ্ড অথবা হত্যাকাৰী সন্ধান আৰক্ষীয়ে লাভ কৰা নাই । সাধাৰণ ৰাইজে এই নৃশংস হত্যাকাণ্ডৰ ঘাটকক বিচাৰি উলিয়াই শীঘ্ৰে দৃষ্টান্তমূলক শাস্তি দিয়াৰ আহ্বান জনাইছে ।
লগতে পঢ়ক : অৰ্ধদগ্ধ-মুণ্ডহীন মৃতদেহ : কোনে হত্যা কৰিলে সুনীল গগৈক ? - Mysterious Death In Lakhimpur