ETV Bharat / state

স্মাৰ্ট চিটীৰ নামত গুৱাহাটীত ৮০২ কোটি টকা ক’ত ব্যয় কৰিলে : শ্বেতপত্ৰ প্ৰকাশৰ দাবী কংগ্ৰেছৰ - Guwahati Artificial Floods - GUWAHATI ARTIFICIAL FLOODS

Flood in Guwahati: গুৱাহাটীত সোমবাৰে হোৱা ভয়াৱহ কৃত্ৰিম বানত স্তব্ধ হৈ পৰিছিল ৰাজধানী চহৰখন । কেতিয়াও নেদেখা ভয়াৱহ পৰিস্থিতিৰ সন্মূখীন হৈছিল হাজাৰ হাজাৰ লোক । ঘণ্টাৰ পাচত ঘণ্টা ধৰি ৰাজপথত আৱদ্ধ হৈ পৰিছিল অগণন লোক । যাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অসম প্ৰদেশ কংগ্ৰেছে ।

Where did spend Rs 802 crore in Guwahati in the name of smart city question by APCC
মহানগৰীৰ কৃত্ৰিম বানক লৈ প্ৰতিক্ৰিয়া অসম প্ৰদেশ কংগ্ৰেছৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Aug 7, 2024, 10:16 PM IST

গুৱাহাটী, ৭ আগষ্ট: গুৱাহাটীত সোমবাৰে হোৱা কৃত্ৰিম বান পৰিস্থিতি সন্দৰ্ভত আজিও অব্যাহত আছে প্ৰতিক্ৰিয়া । বুধবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত গুৱাহাটীৰ ভয়াৱহ বান পৰিস্থিতি সন্দৰ্ভত প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ গোস্বামী আৰু প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই এক সংবাদমেল সম্বোধন কৰে । ভয়াবহ বানত গাড়ী আৰু আন সম্পত্তি নষ্ট হোৱা লোকসকলক ক্ষতিপূৰণ দিবলৈ দাবী জনাই প্ৰদেশ কংগ্ৰেছে ।

মহানগৰীৰ কৃত্ৰিম বানক লৈ প্ৰতিক্ৰিয়া অসম প্ৰদেশ কংগ্ৰেছৰ (ETV Bharat Assam)

সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই কয়, "গুৱাহাটী বানত অৱৰুদ্ধ হৈ থকাৰ সময়ত মুখ্যমন্ত্ৰী আৰু সকলো মন্ত্ৰী পৰিষদে এ চি ৰূমত বহি দলীয় পৰ্যালোচনা কৰি থকাৰ বাদে বানত ককবকাই থকা লোকক উদ্ধাৰৰ কোনো ব্যৱস্থা কৰা নাছিল । প্ৰশাসনিক ব্যৱস্থাটো মুখ্যমন্ত্ৰী আৰু বিজেপিৰ মন্ত্ৰী-বিধায়কসকলৰ সুৰক্ষা আৰু নিৰাপত্তাত ব্যস্ত আছিল । মুখ্যমন্ত্ৰীয়ে কোনো চেষ্টা নকৰাৰ বাবে ৰাইজে দুৰ্ভোগ ভুগিবলগীয়া হৈছিল আৰু সেইবাবে কৰদাতা ৰাইজক ক্ষতিপূৰণ দিবলৈ দাবী জনাইছে কংগ্ৰেছে ।"

বেদব্ৰত বৰাই লগতে কয়, "৮০২ কোটি টকা স্মাৰ্ট চিটীৰ নামত ব্যয় কৰাৰ ৮ বছৰ পিচতো গুৱাহাটীৰ মানুহৰ বুনিয়াদী সমস্যা কিয় সমাধান নহ’ল ? ২০১৬ চনত প্ৰধানমন্ত্ৰীয়ে স্মাৰ্ট চিটি ঘোষণা কৰা অসমত এতিয়ালৈকে ১৪ টা প্ৰকল্পৰ নামত ৮০২ কোটি টকা ব্যয় কৰা হৈছে । ব্ৰহ্মপুত্ৰৰ পাৰৰ সৌন্দৰ্য বৰ্ধনৰ নামত ৩২৭.৩০ কোটি, ২০০ খন ইলেকট্ৰিক বাছ ক্ৰয়ৰ নামত ২৬০.৭৭ কোটি, ট্ৰেফিক মেনেজমেণ্ট ছিষ্টেমৰ নামত ৭৮.৪৪ কোটি, এলইডি লাইটৰ নামত ২৩ কোটি, জ্যোতি প্ৰকল্পত ১৪.৫৭ কোটি, দক্ষিণপাট সত্ৰ উন্নয়নৰ নামত ১৪.৩২ কোটি, উমানন্দ মন্দিৰৰ উন্নয়নৰ নামত ১৪.২ কোটি, অশ্বক্লান্ত দেৱালয় উন্নয়নৰ নামত ১০.৮২ কোটি ব্যয় কৰা হৈছে ।"

লগতে তেওঁ উল্লেখ কৰে, "কলাক্ষেত্ৰত লাইট এণ্ড ছাউণ্ড শ্ব’ৰ নামত ৮.২৮ কোটি, কলাক্ষেত্ৰৰ সৌন্দৰ্যবৰ্ধনৰ নামত ৪.৯৬ কোটি, গান্ধী মণ্ডপৰ উন্নয়নৰ নামত ১১ কোটি, ১০০ খন চি এন জি বাছ ক্ৰয়ৰ নামত ২৯ কোটি আৰু জজ ফিল্ড উন্নয়নৰ নামত ৫.৬৬ কোটি টকা ইতিমধ্যে ব্যয় কৰা হৈছে । ১৪টা প্ৰকল্পৰ নামত ব্যয় কৰা এই ৮০২.৩৩ কোটি টকা কোন বিভাগে কেনেকৈ ব্যয় কৰিলে তাৰ এক শ্বেতপত্ৰ প্ৰকাশৰ বাবে আমি কংগ্ৰেছ দলে চৰকাৰৰ ওচৰত দাবী জনাইছো ।"

আনহাতে সংবাদমেলত প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰে কয়, "নগৰ উন্নয়ন মন্ত্ৰী অশোক সিংহলে নিজৰ প্ৰ’টেক কোম্পানীৰ নামত গৃহ নিৰ্মাণৰ সকলো নীতি-নিয়ম ভংগ কৰিছে । গুৱাহাটীৰ তৰুণ নগৰৰ আনে অনুমতি নোপোৱা দ এলেকাত মন্ত্ৰী সিংহলৰ পৃষ্ঠপোষকতাত প্ৰ’টেক গ্ৰুপে ১৭ মহলীয়া অট্টালিকা নিৰ্মাণ কৰিছে । এনে ব্যৱসায়ী মানুহক গুৱাহাটী উন্নয়নৰ দৰে গুৰুত্বপূৰ্ণ বিভাগ অৰ্পণ কৰি গুৱাহাটীবাসীক মুখ্যমন্ত্ৰীয়ে অপমানিত কৰিছে ।"

শিলসাঁকোত উচ্ছেদ কৰাৰ পিচতো পানী কিয় কমা নাই বুলি প্ৰশ্ন কৰি মীৰা বৰঠাকুৰে কয়,"পানীৰ ৰং ৰঙা-ক’লা কৰি সমগ্ৰ ইছ্যুটোক বিভাগীয় মন্ত্ৰীজনে আনফালে নিব খুজিছে । মন্ত্ৰী অশোক সিংহলৰ গুৱাহাটী উন্নয়ন সন্দৰ্ভত কোনো দক্ষতা নাই । গড়কাপ্তানি বিভাগ, পৌৰ নিগম আৰু জনস্বাস্থ্য বিভাগৰ মাজত সু-সমন্বয়ৰ অভাৱৰ বাবেই নলাসমূহ খন্দা আৰু পোতাত বেমেজালিৰ সৃষ্টি হৈছে । পানী ক’লা হৈ পৰা ড্ৰেইনসমূহে প্ৰমাণ কৰিছে যে দীৰ্ঘদিন ধৰি সেইসমূহ পৰিস্কাৰ কৰা হোৱা নাই আৰু ইয়াৰ বিপৰীতে মন্ত্ৰীৰ পৃষ্ঠপোষকতাত ছুপাৰ ছাকাৰ ক্ৰয় কৰি ৰাইজৰ কৰ-কাটলৰ পৰা সংগ্ৰহ হোৱা পুঁজিৰ অপব্যয় কৰিছে ।"

লগতে সভানেত্ৰীগৰাকীয়ে কয়, "মন্ত্ৰী অশোক সিংহলে হেলিকপ্টাৰত উঠি গুৱাহাটীৰ বান চোৱাতকৈ বান নিয়ন্ত্ৰণৰ বাবে অভিজ্ঞ বিশেষজ্ঞ, অভিযন্তাক আনি ড্ৰ’নৰ সহায়ত তথ্য সংগ্ৰহ কৰি পানী ওলাই যোৱাৰ পথসমূহ নিৰীক্ষণ কৰক ।" মীৰা বৰঠাকুৰ গোস্বামীয়ে মন্ত্ৰী অশোক সিংহলক অপসাৰণ কৰি মুখ্যমন্ত্ৰীয়ে গুৱাহাটীবাসীৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰক বুলি সদৰী কৰে ।

লগতে পঢ়ক: ঘৰৰ ভিতৰতে থাকক... : অসহায় মুখ্যমন্ত্ৰীয়ে জনালে মহানগৰীৰ বাসিন্দাক আহ্বান - Guwahati Artificial Floods

মুখ্যমন্ত্ৰীৰ মতে গুৱাহাটীৰ ভয়ংকৰ বানৰ বাবে জগৰীয়া ইউ এছ টি এম - Himanta Biswa Sarma

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.