ETV Bharat / state

হোলীৰ ৰঙৰ পৰা কেনেধৰণৰ সমস্যা সৃষ্টি হ'ব পাৰে ? - Holi Colors - HOLI COLORS

Harmful Side Effects Of Holi Colors : হোলীৰ সময়ত কেনেদৰে ছাল আৰু চুলিৰ যতন ল'ব লাগে ? হোলীৰ ৰঙৰ পৰা কেনেধৰণৰ সমস্যা সৃষ্টি হ'ব পাৰে ? হোলীৰ এই সময়ছোৱাত কেনেধৰণৰ সাৱধানতা অৱলম্বন কৰিব লাগে ? এই সম্পৰ্কে জনালে চৰ্মৰোগ বিশেষজ্ঞা ডাঃ মধুস্মিতা লহকৰে ।

What kind of problems can be caused by Holi colors
ৰঙৰ উৎসৱ ফাকুৱা
author img

By ETV Bharat Assamese Team

Published : Mar 24, 2024, 1:29 PM IST

হোলীৰ ৰঙৰ পৰা কেনেধৰণৰ সমস্যা সৃষ্টি হ'ব পাৰে ?

গুৱাহাটী, 24 মাৰ্চ : আজি ৰঙৰ উৎসৱ ফাকুৱা । ৰাজ্যজুৰি ফাকুৱাকলৈ দেখা গৈছে ব্যাপক উৎসাহ উদ্দীপনা । হোলী খেলত প্ৰায়ভাগ লোকে অংশগ্ৰহণ কৰে আৰু ইয়াৰ ভিতৰত কিছুমানৰ আনন্দৰ মাজতে বিষাদো দেখা যায় । কিছু আকস্মিকভাৱে সংঘটিত হোৱা ঘটনাৰ বাবে ফাকুৱাৰ আনন্দ ম্লান পেলোৱাও পৰিলক্ষিত হয় ।

দৰাচলতে ফাগুনৰ পচোৱাৰ পৰা আৰম্ভ কৰি ফাকুত মিহলি ধূলিৰ লগতে ৰাসায়নিক দ্ৰব্যই যিকোনো ব্যক্তিয়ে ক্ষতিসাধন কৰিব পাৰে । ফাকুৰ গুড়িয়ে ছালৰো ক্ষতি সাধন কৰিব পাৰে । বৰ্তমান সময়ত যিহেতু বজাৰত ভিন্ন ধৰণৰ ফাকু ৰঙ উপলব্ধ ।

ফাকু পাউদাৰ উপৰিও ভিন্ন ধৰণৰ জুলীয়া ৰঙো বজাৰত উপলব্ধ হৈছে । এই ফাকু ৰঙৰ পৰা বহুতে ছালৰ ৰোগ হোৱা পৰিলক্ষিত হয় ।

লগতে পঢ়ক : ঘৰুৱা সামগ্ৰীৰে কিদৰে প্ৰাকৃতিক ৰং ব্যৱহাৰ কৰি ফাকুৱা উদযাপন কৰিব পাৰি - Holi with Natural Homemade Colours

হোলীৰ এই সময়ছোৱাত কেনেধৰণৰ সাৱধানতা অৱলম্বন কৰিব লাগে ?

হোলী খেলোতে অকমান সাৱধানতা অৱলম্বন কৰাটো প্ৰয়োজন । বিশেষকৈ যিসকললোকৰ এলাৰ্জিৰ সমস্যা আছে তেওঁলোকে ফাকুৰ ৰঙ গাত লাগব নালাগে । খুব বেছি মন গ’লে এটা ফোটহে লগাব লাগে । কাৰণ তেওঁলোকৰ ছালত থকা সমস্যাটো হোলীৰ ৰঙৰ কাৰণে বেছি বাঢ়ি যোৱাৰো শংকা থাকে ।

লগতে পঢ়ক : হোলী খেলাৰ সময়ত চকু-কাণ-মুখত ৰং সোমালে তাৎক্ষণিকভাৱে গ্ৰহণ কৰক এই ব্যৱস্থা - Holi Health Care

যিসকলৰ ছাল সংবেদনশীল, তেওঁলোকেও এয়া মানি চলা আৱশ্যক । হোলী খেলাৰ পাচত বহুলোকৰে ছালখন খুজুৱাই বা সৰু সৰু গুটি উঠা দেখা যায় ৷ আনকনি কেতিয়াবা ছালখন ৰঙা পৰি যায় । কেতিয়াবা আকৌ পানীৰ টেমুনাৰ নিচিনা সৃষ্টি হোৱাও দেখা যায় । সেয়ে হোলী খেলোতে অকমান সাৱধানতা অৱলম্বন কৰিব লাগে ।

ইয়াৰোপৰি চকুৰো ভিন্ন ধৰণৰ সমস্যাহোৱা দেখা যায় । হোলী খেলোতে চকুযুৰিক আঘাতৰ পৰা ৰক্ষা কৰিবলৈ চশমা ব্যৱহাৰ কৰিব লাগে । চুলিৰো সমস্যা হ'ব পাৰে । হোলীৰ ৰংসমূহ যদি চুলিৰ গুৰিত লাগি থাকে আৰু মূৰটো ভালদৰে ধোঁৱা নাযায় তেতিয়া চুলি সৰা, উফি আদিৰ সমস্যা সৃষ্টি কৰিব পাৰে ।

লগতে পঢ়ক : হোলীৰ সময়ত গ্ৰহদোষৰ পৰা বাচিব কিদৰে ? - Holi 2024

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.