ETV Bharat / state

কেনে আছে বিৰুবাৰীৰ ট্ৰেন্সফৰ্মাৰ বিস্ফোৰণৰ ভুক্তভোগী ? - Guwahati Transformer explosion

author img

By ETV Bharat Assamese Team

Published : Jul 18, 2024, 3:12 PM IST

Guwahati Transformer explosion: ট্ৰেন্সফৰ্মাৰ বিস্ফোৰণৰ ফলত বুধবাৰে বিৰুবাৰীত ৪ গৰাকী লোক আঘাতপ্ৰাপ্ত হৈছিল । জি এম চি এইছত চিকিৎসাধীন হৈ আছে ভুক্তভোগী লোকসকল । তেওঁলোকৰ স্বাস্থ্য সন্দৰ্ভত কি ক'লে অধীক্ষক ডাঃ অভিজিৎ শৰ্মাই ।

Guwahati Transformer explosion
কেনে আছে বিৰুবাৰীৰ ট্ৰেন্সফৰ্মাৰ বিস্ফোৰণৰ ভুক্তভোগী (ETV Bharat)

গুৱাহাটী,১৮ জুলাই : গুৱাহাটীৰ বিৰুবাৰীত ট্ৰেন্সফৰ্মাৰ বিস্ফোৰণৰ ফলত আঘাতপ্ৰাপ্ত ৪ গৰাকী লোক ক্ৰমাৎ সুস্থ হৈ উঠিছে । সকলো ঠিকে থাকিলে নিশান্ত তিৱাৰী নামৰ কিশোৰজনক ৪৮ ঘণ্টাৰ ভিতৰত হাস্পতালৰ পৰা অব্যাহতি দিয়া হ'ব । এই কথা উল্লেখ কৰিলে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধীক্ষক ডাঃ অভিজিৎ শৰ্মাই ।

উল্লেখ্য যে বুধবাৰে বিৰুবাৰীত ট্ৰেন্সফৰ্মাৰ বিস্ফোৰণৰ পিচত বিদ্যুৎস্পৃষ্ট হৈ ৪ গৰাকী লোক আঘাতপ্ৰাপ্ত হৈছিল । লগে লগে আঘাতপ্ৰাপ্ত লোকসকলক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হয় । সম্প্ৰতি তেওঁলোকৰ চিকিৎসা চলি আছে । ভুক্তভোগীসকলৰ স্বাস্থ্য সম্পৰ্কে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধীক্ষক ডাঃ অভিজিৎ শৰ্মাই কয় যে আঘাতপ্ৰাপ্তসকলৰ অৱস্থা বৰ্তমান সুস্থিৰ হৈ আছে ।

তেওঁ উল্লেখ কৰা মতে ৰোহিত আলী নামৰ আঘাতপ্ৰাপ্ত লোকজনৰ শৰীৰৰ ৩০ শতাংশ অগ্নিদ্বগ্ধ হৈছে । চকু আৰু কাণত কিছু অংশ অগ্নিদ্বগ্ধ হৈছে । ইফালে মীৰা তিৱাৰী নামৰ ৪ বছৰীয়া শিশুটি ৫০ শতাংশ অগ্নিদ্বগ্ধ হৈছে । একেদৰে ৰিংকী তিৱাৰী ৬০ শতাংশ অগ্নিদ্বগ্ধ হৈছে আৰু নিশান্ত তিৱাৰী ৫-৮ শতাংশ অগ্নিদ্বগ্ধ হৈছে । ডাঃ অভিজিৎ শৰ্মাই জনোৱা মতে আঘাতপ্ৰাপ্ত লোকসকলৰ অৱস্থা সুস্থিৰ হৈ আছে । সকলো ঠিকে থাকিলে কণমানি নিশান্ত তিৱাৰীক আগন্তুক ৪৮ ঘণ্টাৰ ভিতৰত হাস্পতালৰ পৰা অব্যাহতি দিয়া হ'ব ।

ট্ৰেন্সফৰ্মাৰ বিস্ফোৰণৰ ঘটনাটোত আঘাতপ্ৰাপ্তসকলৰ ভিতৰত একেটা পৰিয়ালৰে তিনিগৰাকী সদস্য আছিল । তেওঁলোক ছয়গাঁৱৰ গৰৈমাৰীৰ পৰা বিৰুৱাৰীত আত্মীয়ৰ ঘৰলৈ আহিছিল । ঘৰলৈ উভতি যোৱাৰ সময়তে এই কৰুণ ঘটনা সংঘটিত হৈছিল । বিৰুবাৰী আৰক্ষী চকীৰ সমীপতে থকা হাউছ নং ৪৭ ৰ চৌহদত থকা ট্ৰেন্সফৰ্মাটো বিস্ফোৰণ হৈছিল ।

লগতে পঢ়ক :গুৱাহাটীত ট্ৰেন্সফৰ্মাৰ বিস্ফোৰণ হৈ শিশুসহ অগ্নিদগ্ধ ৪ জন - Guwahati Transformer explosion

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.