ETV Bharat / state

শিৱলিংগত কি সামগ্ৰী ঢালিলে কি ফল পাব ? - Lord shiva prayer method in sawan

author img

By ETV Bharat Assamese Team

Published : Jul 22, 2024, 10:19 AM IST

Ingredients to pour on Shivling: সকলোৱে নিজৰ মনোকামনা পূৰণৰ বাবে বিশেষকৈ শাওণ মাহত শিৱলিংগত নানান সামগ্ৰী অৰ্পণ কৰে । শিৱলিংগত কি সামগ্ৰী ঢালিলে কি ফল পাব এই সম্পৰ্কে জনালে জ্যোতিষ সম্ৰাজ্ঞী ড৹ কৰবী বেজবৰুৱাই ।

what-ingredients-to-pour-on-shivling-to-get-desired-result
ভগৱান শিৱৰ আৰাধনা (ETV Bharat)

গুৱাহাটী, 22 জুলাই : আজি শাওণ মাহৰ প্ৰথমটো সোমবাৰ । হিন্দুধৰ্মী লোকসকলৰ বাবে শাওণ মাহৰ গুৰুত্ব অতি বিশেষ । শিৱ মহাপুৰাণ অনুসৰি শাওণ মাহটো শিৱৰ জন্ম মাহ । যেতিয়া ৰবি গ্ৰহ কৰ্কট ৰাশিত সোমাই তেতিয়া শাওণ মাহ আৰম্ভ হয় আৰু কৰ্কট ৰাশিৰ অধিপতি হৈছে চন্দ্ৰ । ইফালে হিন্দু কেলেণ্ডাৰ অনুসৰি গুৰু পূৰ্ণিমাৰ পৰা ৰাশি পূৰ্ণিমালৈ চলে শাওণ মাহ ৷ যি সকল শিৱভক্ত আছে এই শাওণ মাহত তেওঁলোকে প্ৰতিটো সোমবাৰে ব্ৰত ৰখাৰ লগতে শিৱমন্দিৰ দৰ্শন কৰা পৰিলক্ষিত হয় । বেদ-পুৰাণতো শাওণ মাহৰ তাৎপৰ্য সন্দৰ্ভত বহুখিনি কথা উল্লেখ আছে । সেয়েহে এই মাহত সোমবাৰে শিৱৰ শিৰত বা লিংগত গাখীৰ, পানী, বেলপাত আদি অৰ্পণ কৰিলে মনৰ কামনা পূৰণ হয় বুলি বিশ্বাস কৰা হয় ।

শিৱলিংগত কি কি অৰ্পণ কৰিলে কি কি ফল লাভ কৰিব পাৰি ?

  • শিৱলিংগত পানী ঢালিব পাৰিলে মানসিক শান্তি ঘূৰি আহে ।
  • পৰিয়াল তথা সন্তানৰ সুস্বাস্থ্যৰ বাবে শিৱলিংগত দৈ ঢালিব পাৰে ।
  • শিৱলিংগত চেনি অৰ্পণ কৰিলে শত্ৰু নাশ হয় । সেয়ে শাওণ মাহৰ প্ৰতিটো দিনেই শিৱলিংগত চেনি অৰ্পণ কৰিব পাৰে ।
  • শিৱলিংগত মৌ ঢালিলে আপোনাৰ কথাৰে আনক মোহিত কৰিব পাৰিব বা কথা-বতৰাত সদভাৱ আহে ।
  • কাৰোবাৰ ঘৰত যদি ৰুগীয়া মানুহ আছে তেন্তে সেই মানুহজনৰ নামত সেৱা জনাই সোমবাৰে শিৱলিংগত তিল দিব পাৰে ।
  • শিৱলিংগত গাখীৰ ঢালিলে মনলৈ শুদ্ধতা আৰু শান্তি আহে । গাখীৰ ঢালিলে মানুহৰ মনৰ বেয়া চিন্তা বা ভাৱবোৰ নোহোৱা হয় বুলি বিশ্বাস কৰা হয় ।
  • যদিহে আপুনি কিবা এটা কামত একেৰাহে লাগি আছে আৰু কামটো সফলতাৰে সম্পন্ন হোৱাটো বিচাৰিছে তেন্তে আপুনি একেৰাহে তিনিৰ পৰা পাঁচমাহ শিৱলিংগত ঘিউ ঢালিব পাৰে । তেতিয়া আপোনাৰ বিজয় প্ৰাপ্তি ঘটিব ।

লগতে পঢ়ক : শাওণ মাহৰ এই বিশেষ দিনত পূৰ্ণ হ’ব আপোনাৰ মনৰ আশা: জানক এই দিনকেইটা কি কি - Shravana Putrada Ekadashi 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.