ETV Bharat / state

কংগ্ৰেছৰ দিনত বছৰত গড়ে ৫৫ টাকৈ মথাউৰি ভাগিছিল: মন্ত্ৰী পীযুষ হাজৰীকা - Assam flood

author img

By ETV Bharat Assamese Team

Published : Aug 29, 2024, 12:39 PM IST

Assam Assembly Autumn Session 2024 : এইবাৰ বিধানসভাৰ মজিয়াত ৰাজ্যৰ বান পৰিস্থিতিক লৈ কংগ্ৰেছ-বিজেপিৰ বোকা ছটিওৱাৰ ৰাজনীতি । ৰাজ্যত কংগ্ৰেছৰ দিনত বেছি মথাউৰি ভাগিছে । বানৰ সময়ত আটাইতকৈ বেছি ধন খৰচ কৰিছে বিজেপি চৰকাৰে । এই তথ্য জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ ।

Assam Assembly Autumn Session 2024
বিধানসভাৰ বাহিৰত মন্ত্ৰী পীযুষ হাজৰীকাৰ সংবাদমেল সম্বোধন (ETV Bharat Assam)

গুৱাহাটী, ২৮ আগষ্ট : অসম বিধানসভাৰ চলিত শৰৎকালীন অধিবেশনৰ বৃহস্পতিবাৰে চতুৰ্থটো দিন । পঞ্চদশ অসম বিধানসভাৰ চলিত অধিবেশনত বিভিন্ন বিভাগৰ প্ৰশ্নোত্তৰ চলি আছে । আনহাতে, এই প্ৰশ্নোত্তৰ কালত অংশগ্ৰহণ কৰে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই ।

মথাউৰি ভগাৰ তথ্য প্ৰদান মন্ত্ৰী পীযুষ হাজৰীকাৰ (ETV Bharat Assam)

ৰাজ্যৰ বান পৰিস্থিতি সন্দৰ্ভত বিৰোধীৰ প্ৰশ্নৰ উত্তৰ দিয়ে মন্ত্ৰী পীযুষ হাজৰীকাই । তেওঁ কয়, "কংগ্ৰেছৰ দিনতকৈ বিজেপিৰ দিনত অসমত কম মথাউৰি ভাগিছে ।‌ অধিক জলসম্পদৰ কাম হৈছে । অধিক ধন আৱণ্টন আৰু খৰচ কৰা হৈছে ।"

বিধানসভাৰ বাহিৰে-ভিতৰে বৃহস্পতিবাৰে জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই এই মন্তব্য কৰে । আনহাতে, বিধানসভাৰ বাহিৰত সাংবাদিকক সম্বোধন‌ কৰি জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই কয়, "বিধানসভাত আজি জলসম্পদ বিভাগৰ কৰ্তন প্ৰস্তাৱ আনিছিল বিৰোধীয়ে । বিৰোধীয়ে জলসম্পদ বিভাগৰ ধন খৰচ কৰাত জিলা বিশেষে বৈষম্য কৰাৰ অভিযোগ কৰিছে । মই এই কৰ্তন প্ৰস্তাৱ অগ্ৰাহ্য কৰিছিলোঁ । কৰ্তন প্ৰস্তাৱত ২৮ গৰাকী বিধায়কে অংশগ্ৰহণ কৰিছিল ।

ইফালে তেওঁ চৰকাৰী তথ্য দাঙি ধৰি কয়, "কংগ্ৰেছৰ শাসনত বেছি মথাউৰি ভাগিছিল । তাৰ বিপৰীতে বিজেপিৰ শাসনত কম মথাউৰি ভাগিছে । ২০০১ চনৰ পৰা ২০১৫ চনলৈ কংগ্ৰেছৰ শাসনত ১১১৩ টা মথাউৰি ভাগিছে । আকৌ ২০১৬ চনৰ পৰা ২০২০ চনলৈ বিজেপিৰ শাসনত ১৫৩ টা আৰু ২০২১ চনৰ পৰা ২০২৪ চনলৈ ৬০ টা মথাউৰি ভাগিছে । ইয়াৰ পৰা দেখা যায় যে কংগ্ৰেছৰ শাসনত ভালকৈ কাম হোৱা‌ নাছিল ।"

তেওঁ লগতে কয়, "কংগ্ৰেছৰ শাসনত ২০০১-২০০২ চনৰ পৰা ২০১৫-১৬ চনলৈ জলসম্পদৰ নামত ৮২০.৯৬১ কোটি টকা ধাৰ্য কৰা হৈছিল । খৰচ কৰা হৈছিল ৪৭৯.০৩৮ কোটি‌ টকা । আনহাতে, বিজেপিৰ শাসনত ২০২১-২০২২ চনৰ পৰা ২০২৩-২০২৪ চনলৈ জলসম্পদৰ নামত ২৩৯১.৮১৮ কোটি টকা ধাৰ্য কৰা হৈছিল । ইয়াৰে খৰচ কৰা হৈছে ১৮৭৮.৬১৯ কোটি‌ টকা ।"

জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই লগতে কয় যে কংগ্ৰেছৰ দিনত বিগত ১৫ বছৰত বছৰি গড়ে ৫৫ টাকৈ মথাউৰি ভাগিছিল । আনহাতে, তেওঁৰ কাৰ্যকালত এই বছৰ ৮ টা মথাউৰি ভগা বুলি উল্লেখ কৰে জলসম্পদ মন্ত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক :অসম বিধানসভাৰ শৰৎকালীন অধিবেশনৰ চতুৰ্থ দিন LIVE - ASSAM ASSEMBLY AUTUMN SESSION
লগতে পঢ়ক :সাম্প্ৰদায়িক মুখ্যমন্ত্ৰী ! হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে বিৰোধী ঐক্য মঞ্চৰ এজাহাৰ - FIR against Assam CM

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.