ETV Bharat / state

ৰেমলৰ পাচত এতিয়া কাৰ্বি লাংপী জলবিদ্যুৎ প্ৰকল্পই ভাবুকি কঢ়িয়াইছে ৰাজ্যলৈ - Karbi Langpi Hydro Electric Project

author img

By ETV Bharat Assamese Team

Published : May 29, 2024, 10:47 AM IST

Karbi Langpi Hydro Electric Project: ভূতৰ ওপৰত দানহ পৰাদি কাৰ্বি লাংপী জলবিদ্যুৎ প্ৰকল্পৰ 5 খন আৰু খানদাঙৰ 8 খনকৈ গেটৰে এৰিছে পানী ৷ কপিলীপৰীয়া ৰাইজক সজাগ আৰু সাৱধান হ'বলৈ মাইকযোগে আহ্বান প্ৰশাসনৰ ৷

Remal Effect in Assam
ৰেমলৰ সমান্তৰালকে ৰাজ্যলৈ বিপদঘণ্টা (Etv Bharat Assam)

বঢ়মপুৰ, 29 মে’ : ৰাজ্যজুৰি কালৰূপ ধাৰণ কৰিছে ৰেমলে ৷ ৰেমলৰ প্ৰভাৱৰ বাবেই দেওবাৰৰ নিশাৰ পৰা ৰাজ্যৰ ঠায়ে ঠায়ে বতাহ-বৰষুণে চানি ধৰিছে । প্ৰবল ধুমুহা আৰু বৰষুণে ব্যাহত কৰিছে স্বাভাৱিক জীৱনযাত্রা ।

এই ঘূৰ্ণিবতাহ ৰাজ্যৰ নদীসমূহৰ জলস্তৰ বৃদ্ধি হৈছে ৷ নেৰানেপেৰা বৰষুণৰ ফলত কাৰ্বিলাংপী জলবিদ্যুৎ প্ৰকল্পৰ 5 খন আৰু খানদাঙৰ 8 খনকৈ গেটৰে পানী এৰি দিয়াৰ ফলত ওফন্দি উঠিছে কপিলী আৰু বৰপানী নৈ ৷ বাঢ়নী পানীয়ে উটুৱাই নিলে বৰপানী নৈ ওপৰত থকা ৰমনী পথাৰ কাঠৰ দলং ৷ যাৰ ফলত সংযোগ বিচ্ছিন্ন হৈ পৰিছে কেইবাখনো গাঁৱৰ । শিমলুগুৰিৰ পৰা ডালিমবাৰী, পুঠিমাৰী, শালমাৰাকে কেইবাটাও অঞ্চল সংযোগ কৰা দলংখন ভাগি যোৱাত সমস্যাত পৰিছে বৃহত্তৰ অঞ্চলৰ ৰাইজ ৷

ইপিনে বৰপানী নৈৰ বাঢ়নী পানীয়ে মথাউৰি ভাঙি জলমগ্ন কৰিছে ইখনৰ পাছত সিখনকৈ গাঁও ৷ কচুৱা, মাধৱপাৰ, লংজাপ, জুৰিপাৰ, শিমলুগুৰিকে ধৰি বহু কেইখন গাঁও এতিয়া জলমগ্ন হৈ পৰিছে ৷ বহু লোকৰ বাসগৃহত পানী সোমাই নষ্ট কৰিছে বহু সামগ্ৰী ৷ পথৰ ওপৰৰে পানী বাগৰাত বন্ধ হৈ পৰিছে যাতায়ত ব্যৱস্থা ৷ বহু লোকে বানৰ কবলত পৰি নিজৰ ঘৰ এৰি আশ্ৰয় লৈছে নিৰাপদ স্থানত ৷

তাৰ পিচতে কপিলীপৰীয়া ৰাইজক সজাগ আৰু সাৱধান হ'বলৈ মাইকযোগে আহ্বান জনায় প্ৰশাসনে ৷

লক্ষণীয় যে, ৰাজ্যৰ বতৰ বিজ্ঞান কেন্দ্ৰই মঙলবাৰে 18 জিলালৈ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণৰ বাবে জাননী জাৰি কৰিছে । ধুবুৰী, গোৱালপাৰা, কোকৰাঝাৰ, নলবাৰী, গোলাঘাট, হোজাই, মৰিগাঁও, নগাঁৱকে ধৰি ৰাজ্যৰ 18 খন জিলাত ৰেমলৰ প্ৰভাৱ পৰাৰ আশংকা কৰা হৈছে । সোমবাৰে নিশাৰ পৰাই নগাঁৱকে ধৰি ৰেমলৰ প্ৰভাৱ পৰাৰ আশংকা থকা প্ৰায়কেইখন জিলাত আৰম্ভ হৈছে ধুমুহা, বৰষুণ ।

লগতে পঢ়ক: ৰেড এলাৰ্ট জাৰি কৰা ৯ খন জিলাত বুধবাৰে বন্ধ থাকিব শিক্ষানুষ্ঠান - Red Alert In Assam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.