ETV Bharat / state

ভয়চ চেম্পলে বিপদ মাতিব নেকি সংগীতা-ৱালিউলৰ - child abuse case

পুনৰ বিপদত চিকিৎসক দম্পতী ডাঃ সংগীতা দত্ত-ৱালিউল ইছলাম ৷

voice sample of dr sangeeta dutta and dr waliul islam should be taken for further investigation
সংগীতা-ৱালিউল
author img

By ETV Bharat Assamese Team

Published : Jan 20, 2024, 5:48 PM IST

গুৱাহাটী, ২০ জানুৱাৰী : পুনৰ বিপদত চিকিৎসক দম্পতী ডাঃ সংগীতা দত্ত আৰু ৱালিউল ইছলাম । মহানগৰ আৰক্ষীয়ে দাখিল কৰিলে ফৰেন্সিক ৰিপ’ৰ্ট । অৱশেষত সংগীতা দত্তৰ ভয়চ চেম্পল গ্ৰহণৰ অনুমতি প্ৰদান POCSO আদালতৰ । চিকিৎসক দম্পতীৰ ঘৰৰ পৰা আৰক্ষীয়ে জব্দ কৰিছিল CCTV ফুটেজ ।

CCTV ফুটেজৰ সৈতে ভয়চ চেম্পল তুলনা কৰিব আৰক্ষীয়ে । ইতিমধ্য ভয়চ চেম্পল সংগ্ৰহৰ বাবে আবেদন কৰিছিল তদন্তকাৰী বিষয়াই । দুই অভিযুক্ত পতি-পত্নী বৰ্তমানেও আছে ন্যায়িক জিম্মাত । তোলনীয়া সন্তানক নিৰ্যাতন চলাই চেলেব্ৰেটী চিকিৎসক দম্পতী ৰঙাঘৰৰ আলহী হৈছিল ।

মহানগৰীৰ মাজমজিয়াত সংঘটিত চিকিৎসক দম্পতীৰ শিশু নিৰ্যাতন কাণ্ডই জোকাৰি গৈছিল ৰাজ্য । চিকিৎসক দম্পতীয়ে প্ৰখৰ ৰ’দত বান্ধি থোৱা অৱস্থাত উদ্ধাৰ হৈছিল তেওঁলোকৰ তিনি বছৰীয়া তোলনীয়া কন্যা সন্তান । কাষৰীয়াৰ অভিযোগৰ ভিত্তিত পল্টন বজাৰ আৰক্ষীয়ে চাইল্ডলাইনৰ সহযোগত উদ্ধাৰ কৰিছিল শিশুটিক ।

শিশুটিয়েও চিকিৎসক পিতৃ-মাতৃয়ে ৰ’দত ঘৰৰ ছাদত বান্ধি থোৱা বুলি দিছিল বিস্ফোৰক স্বীকাৰোক্তি । তাৰ পাচতে আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ৩০৭/৩২৫/ ৩৪১/৩৪ আৰু কিশোৰ ন্যায় আইনৰ ৭৫ ধাৰাৰ অধীনত ১৯৩/২৩ নম্বৰত এক গোচৰ ৰুজু কৰি ডাঃ ৱালিউল ইছলাম আৰু ডাঃ সংগীতা দত্তক গ্ৰেপ্তাৰ কৰে ৷

গ্ৰেপ্তাৰ কৰাৰ লগতে চিকিৎসক দম্পতীৰ ঘৰৰ বনকৰা মহিলা লক্ষী ৰায়, কাবাই আৰু শিশু যোগানকাৰী উৎপলা বসুকো গ্ৰেপ্তাৰ কৰিছিল । গুৱাহাটীৰ অভিজাত চেলেব্ৰেটী চিকিৎসক দম্পতীৰ হাতত নিৰ্যাতন তথা যৌন উৎপীড়নৰ বলি হোৱা নিষ্পাপ শিশু দুটিৰ ঘটনা পোহৰলৈ অহাৰ পিচতে শিশু বিক্ৰীৰ যে এটা বৃহৎ চক্ৰ আছে সেই ভয়ংকৰ তথ্য পোহৰলৈ আহিছিল ৷

সম্প্ৰতি দুই চেলেব্ৰেটী চিকিৎসক দম্পতীয়ে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ অন্ধকাৰ কুঠৰীত দিন পাৰ কৰিবলগীয়া হৈছে ।

লগতে পঢ়ক : কোকৰাঝাৰ আৰক্ষীৰ জালত পৰিল পত্নী হত্যাকাৰী ঘাতক স্বামী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.