ETV Bharat / state

ইষ্ট-ৱেষ্ট কৰিড’ৰে ক্ষতি কৰা লোকে কেতিয়া পাব ক্ষতিপূৰণ ? অতিষ্ঠ হৈছে গাঁওবাসী - East West corridor

author img

By ETV Bharat Assamese Team

Published : Jun 13, 2024, 5:26 PM IST

Silchar Saurastra East West corridor : ডিমা হাছাওত নিৰ্মাণৰত শিলচৰ-সৌৰাষ্ট্ৰ ইষ্ট-ৱেষ্ট কৰিড’ৰে ক্ষতিগ্ৰস্ত কৰা লোকসকলে আজিও লাভ কৰা নাই ক্ষতিপূৰণ ৷ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ কৰ্তৃপক্ষই দুটা বছৰে দি আহিছে প্ৰতিশ্ৰুতি ৷

Silchar Saurastra East West corridor
ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ হাফলংস্থিত প্ৰকল্প সঞ্চালকৰ কাৰ্যালয় (ETV Bharat Assam)

হাফলং, 13 জুন : ডিমা হাছাও জিলাৰ মাজেৰে চলি আছে শিলচৰ-সৌৰাষ্ট্ৰ ইষ্ট-ৱেষ্ট কৰিড’ৰৰ নিৰ্মাণকাৰ্য ৷ উক্ত প্ৰকল্পৰ ফলত ক্ষতিগ্ৰস্ত হোৱা ডিমা হাছাও জিলাৰ জাতিংগাৰ পৰা হাৰেংগাজাও দলাইদিছা আৰু নাৰায়ণপুৰৰ বহুলোকে এতিয়ালৈকে লাভ কৰা নাই ক্ষতিপূৰণ ৷ বিগত দুবছৰৰ পূৰ্বেই ক্ষতিগ্ৰস্ত হোৱা গাঁৱৰ বাসিন্দাসকলে ক্ষতিপূৰণৰ টকা মুকলি কৰি দিয়াৰ বাবে দাবী জনাই আহিছে ৷ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ কৰ্তৃপক্ষই দুই-এদিনতে ক্ষতিপূৰণ মুকলি কৰি দিয়া হ’ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰি আহিছে যদিও দুবছৰ পাৰ হোৱাৰ পিচতো ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ বাবে ক্ষতিপূৰণৰ টকা মুকলি কৰি দিয়া নাই ৷ এই অভিযোগ উত্থাপন কৰিছে ক্ষতিগ্ৰস্ত পৰিয়ালসমূহে ।

বৃহস্পতিবাৰে ক্ষতিগ্ৰস্ত গাঁওবাসীয়ে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ হাফলঙৰ প্ৰকল্প সঞ্চালকৰ কাৰ্যালয় ঘেৰাও কৰে ক্ষতিপূৰণৰ দাবীত ৷ কাৰ্যালয়ত অনুপস্থিত থকাৰ পৰিপ্ৰেক্ষিতত ক্ষতিগ্ৰস্ত গাঁৱৰ বাসিন্দাসকলে সাক্ষাৎ কৰিব নোৱাৰিলে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ প্ৰকল্প সঞ্চালকক ৷ প্ৰকল্প সঞ্চালকগৰাকী ক’ত থাকে সেয়াও কাৰো জ্ঞাত নহয় ৷

লগতে পঢ়ক: ক্ষতিগ্ৰস্ত লোকক ক্ষতিপূৰণ আদায়ৰ দাবীত প্ৰতিবাদ

গাঁৱৰ বাসিন্দাসকলে বৃহস্পতিবাৰে সংবাদ মাধ্যমৰ সন্মুখত কয় যে তেওঁলোক এই ক্ষতিপূৰণৰ ইছ্যু লৈ হাফলং ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ কাৰ্যালয়ত যেতিয়াই উপস্থিত হয়, তেতিয়াই কাৰ্যালয়ত অনুপস্থিত থাকে প্ৰকল্প সঞ্চালকগৰাকী ৷ কিছুদিন পৰ্বে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ কৰ্তৃপক্ষৰ হাফলং কাৰ্যালয়ৰ পৰা তেওঁলোকক জনোৱা হৈছিল যে সপ্তাহ বা দহদিনৰ ভিতৰতে ক্ষতিপূৰণৰ সমস্যাটো সমাধান কৰা হ’ব ৷ কিন্তু আজি পৰ্যন্ত পৰিয়ালসমূহে ক্ষতিপূৰণ লাভ নকৰাত বৃহস্পতিবাৰে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ হাফলং কাৰ্যালয় ঘেৰাও কৰে ক্ষতিগ্ৰস্ত পৰিয়ালসমূহে ৷ অহা দহদিনৰ ভিতৰতে ক্ষতিগ্ৰস্ত গাঁৱৰ পৰিয়ালসমূহৰ প্ৰাপ্য মুকলি কৰি নিদিলে ঘাইপথ নিৰ্মাণৰ কাম বন্ধ কৰি দিয়া হ’ব বুলি হুংকাৰ দিয়ে ।

লগতে পঢ়ক: মৃত্যুৰ দুৱাৰ দলিলৈ পৰিণত শিলচৰ-সৌৰাষ্ট্ৰ ইষ্ট-ৱেষ্ট কৰিড’ৰ !

উল্লেখযোগ্য শিলচৰ-সৌৰাষ্ট্ৰ ইষ্ট ৱেষ্ট কৰিড’ৰ চাৰিলেনযুক্ত পথ নিৰ্মাণৰ ফলত ডিমা হাছাও জিলাৰ জাতিংগাৰ পৰা দলাইদিছা আৰু নাৰায়ণপুৰৰ মাজৰ বহু গাঁৱৰ পৰিয়াল ক্ষতিগ্ৰস্ত হৈছে । এই গাঁওসমূহৰ বহু পৰিয়ালৰ বাসগৃহ, খেতিৰ পথাৰ আৰু ভূমি ক্ষতিগ্ৰস্ত হৈছে । কিন্তু এই ক্ষতিগ্ৰস্ত গাঁৱৰ পৰিয়ালসমূহে যোৱা দুবছৰ ধৰি ক্ষতিপূৰণৰ দাবী জনাই অহাৰ পিচতো ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে ক্ষতিগ্ৰস্ত গাঁৱৰ পৰিয়ালসমূহৰ ক্ষতিপূৰণৰ টকা মুকলি কৰি দিয়া নাই বুলি অভিযোগ উত্থাপিত হৈছে ৷

লগতে পঢ়ক: সম্পন্ন হোৱাৰ দিশে হাৰেংগাজাওৰ পৰা বালাচৰা সংযোগী পথ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.