ETV Bharat / state

অশ্ৰুসিক্ত নয়নেৰে বছৰটোলৈ বিদায় মা দুৰ্গাক

Durga Idol immersion: অন্ত পৰিল শাৰদীয় দুৰ্গোৎসৱৰ । বছৰটোলৈ বিদায় মা দুৰ্গাক । মহানগৰীৰ ২৭ টা ঘাটত অনুষ্ঠিত হৈছে দেৱীৰ বিসৰ্জন ।

author img

By ETV Bharat Assamese Team

Published : Oct 13, 2024, 4:25 PM IST

Updated : Oct 13, 2024, 4:35 PM IST

Vijayadashami-2024
বছৰটোলৈ বিদায় মা দুৰ্গাক (ETV Bharat Assam)

গুৱাহাটী,১৩ অক্টোবৰ: অন্ত পৰিল বছৰজোৰা অপেক্ষাৰ শাৰদীয় দুৰ্গা পূজাৰ । বেল বোধনৰে ষষ্ঠীৰ বেদীত দেৱী অধিষ্ঠিত কৰি সপ্তমী, অষ্টমী, নৱমী আৰু দশমী পূজাৰে মাক আৰাধনা কৰি আজি বিদায় দিলে বছৰটোলৈ । অশ্ৰুসিক্ত নয়নেৰে বোৱতী নদীত বিসৰ্জন দিছে মা দুৰ্গাৰ মৃণ্ময় প্ৰতিমা । উখল-মাখল পৰিৱেশ বিৰাজ কৰিছে প্ৰতিটো ঘাটত । ব্যতিক্ৰম নহয় গুৱাহাটীৰ ব্ৰহ্মপুত্ৰৰ ঘাটসমূহ । প্ৰতিটো ঘাটতে দেখা গৈছে ব্যাপক ভিৰ ।

লগতে পঢ়ক: চূণচালি ঘাটত শনিবাৰে ১৭ খন পূজাৰ প্ৰতিমা বিসৰ্জন; দেওবাৰেও অব্যাহত থাকিব বিসৰ্জন প্ৰক্ৰিয়া

এইবাৰ দুদিনীয়াকৈ অনুষ্ঠিত হৈছে দুৰ্গা বিসৰ্জন পৰ্ব । ৰাজ্যৰ বিভিন্ন প্ৰান্তত এইবাৰ দুদিনীয়াকৈ বিজয়া দশমী পালন কৰা হৈছে । মহানগৰীৰ ২৭ টা ঘাটত অনুষ্ঠিত হৈছে দেৱীৰ বিসৰ্জন । মহানগৰীৰ কাছমাৰী ঘাট, চূনচালি ঘাট, পাণ্ডু ঘাট, সাঁওকুছি ঘাট, বশিষ্ঠ ঘাটকে ধৰি মুঠ ২৭ টা ঘাটত ২৬৩ খন পূজা সমিতিৰ দেৱী বিসৰ্জন পৰ্ব অব্যাহত আছে শনিবাৰৰ পৰা । শনিবাৰে মহানগৰীত ৫৫ খন সমিতিয়ে দেৱী বিসৰ্জন দিয়ে ।

শনিবাৰৰ দিনটোত কাছমাৰী ঘাটত ২৩ খন পূজা সমিতিয়ে বিসৰ্জন সম্পন্ন কৰিছে । আজি অৰ্থাৎ দেওবাৰে পুৱাৰে ১২৩ খন পূজা সমিতিয়ে বিসৰ্জন পৰ্ব অব্যাহত ৰাখিছে । কাছমাৰী ঘাটত সোমবাৰে এখন পূজাৰ বিসৰ্জন দিব । শনিবাৰৰ দিনটোত ২৭ টা ঘাটত সৰ্বমুঠ ৫৫ খন পূজা কমিটীয়ে দেৱী প্ৰতিমা বিসৰ্জন দিয়ে । আজি দেওবাৰৰ দিনটোত ২৭ টা ঘাটত ২৬৩ খন পূজা কমিটীয়ে বিসৰ্জন দিব । সোমবাৰৰ দিনটোত মহানগৰীৰ কেউটা ঘাটত ১৩ খন পূজা কমিটীৰ বিসৰ্জন দিব । উল্লেখ্য যে এইবাৰ মহানগৰীত চাৰি শতাধিক পূজা সমিতিয়ে দুৰ্গা পূজা অনুষ্ঠিত কৰিছিল ।

লগতে পঢ়ক: আজি বিজয়া দশমী, অশ্ৰুসিক্ত নয়নেৰে দেৱী দুৰ্গাক বিদায় দিবলৈ মণ্ডপে মণ্ডপে চলিছে প্ৰস্তুতি

Last Updated : Oct 13, 2024, 4:35 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.