ETV Bharat / state

বিশিষ্ট চিন্তাবিদ হাইদৰ হুছেইন অসুস্থ: আশু আৰোগ্য কামনা অসমবাসীৰ - Veteran Journalist Haidar Hussain - VETERAN JOURNALIST HAIDAR HUSSAIN

Veteran Journalist Haidar Hussain Health: স্নানাগাৰত পৰি অসুস্থ বিশিষ্ট সাংবাদিক, বুদ্ধিজীৱী হাইদৰ হুছেইন । সম্প্রতি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে বিশিষ্ট সাংবাদিকগৰাকী । শীঘ্ৰে আশু আৰোগ্য কামনা কৰিছে সমগ্ৰ অসমবাসীয়ে ৷

veteran journalist haidar hussain is undergoing treatment in gmch
অসুস্থ হাইদৰ হুছেইনৰ কাষত পুত্ৰ বনজিৎ হুছেইন আৰু বিধায়ক অখিল গগৈ (Etv bharat assam)
author img

By ETV Bharat Assamese Team

Published : Jul 23, 2024, 10:46 AM IST

গুৱাহাটী, 23 জুলাই: গুৰুতৰভাৱে অসুস্থ হৈ চিকিৎসাধীন বিশিষ্ট সাংবাদিক, বুদ্ধিজীৱী হাইদৰ হুছেইন । স্নানাগাৰত পৰি আঘাতপ্ৰাপ্ত হৈছিল বিশিষ্ট সাংবাদিকগৰাকী । সম্প্ৰতি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে বিশিষ্ট সাংবাদিকগৰাকী ।

জানিব পৰা মতে, যোৱা 17 জুলাইৰ দিনা নিজ বাসগৃহৰ স্নানাগাৰত পৰি আঘাতপ্ৰাপ্ত হোৱাৰ পাচতে অসুস্থ হৈ পৰিছিল বিশিষ্ট সাংবাদিক, বুদ্ধিজীৱী হাইদৰ হুছেইন । শৰীৰৰ অধিক অৱনতি লক্ষ্য কৰি পৰিয়ালৰ লোকে নিশাই গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ লৈ যায় বিশিষ্ট সাংবাদিকগৰাকীক আৰু ইয়াৰ পাচতে বিশিষ্ট সাংবাদিকগৰাকীৰ শাৰীৰিক জটিলতালৈ লক্ষ্য ৰাখি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষই আই চি ইউত ভৰ্তি কৰোৱায় সাংবাদিকগৰাকীক ।

জানিব পৰা মতে, বিগত 5 দিন গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ আই চি ইউত ৰখাৰ পাছত সোমবাৰে কেবিনলৈ অনা হয় বিশিষ্ট সাংবাদিক হাইদৰ হুছেইনক । বৰ্তমান পূৰ্বতকৈ প্ৰবীণ সাংবাদিকগৰাকীৰ শাৰিৰীক অৱস্থা সুস্থ বুলি জানিবলৈ দিয়ে পৰিয়ালৰ লোকে ।

পৰিয়ালৰ লোকে জনোৱা অনুসৰি মধুমেহ ৰোগতো আক্ৰান্ত প্ৰবীণ সাংবাদিকগৰাকী । কেবা দশকজোৰা সাংবাদিকতাৰ ক্ষেত্ৰখনৰে জড়িত আৰু সূক্ষ্ম ৰাজনৈতিক বিশ্লেষকৰূপে পৰিচিত হাইদৰ হুছেইনৰ বৰ্তমান বয়স 83 বছৰ । উল্লেখ কৰা প্ৰয়োজন যে, অসমৰ ৰাজনৈতিক ক্ষেত্ৰৰ প্ৰতিটো সৰু-বৰ ঘটনাই বিশিষ্ট সাংবাদিকগৰাকীৰ নখদৰ্পণত আছিল ৷ চিন্তাবিদগৰাকীৰ সহজ-সৰল কথনশৈলীয়ে আকৰ্ষিত কৰিছিল সৰ্বসাধাৰণ ৰাইজক ৷

কথা কৈ ভালপোৱা, সহজ-সৰল জীৱন-যাপন কৰা বিশিষ্ট সাংবাদিকগৰাকীৰ অসুস্থতাৰ খবৰে এতিয়া চিন্তিত কৰি তুলিছে ৰাজ্যবাসীক । সোমবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হৈ হুছেইনৰ স্বাস্থ্যৰ বুজ লয় ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে । বিশিষ্ট সাংবাদিকগৰাকীৰ আশু আৰোগ্য কামনা কৰে বিধায়ক অখিল গগৈয়ে ।

লগতে পঢ়ক: কোনেও নাজানিলে ক'ত হেৰাই গ'ল অৱনী চক্ৰৱৰ্তী-ৰমেন বৰুৱা ! - Ramen Baruah missing

হঠাৎ কোনো সন্ধান নোহোৱা হ’ল বিশিষ্ট সংগীত পৰিচালক ৰমেন বৰুৱাৰ: চিন্তিত গুণমুগ্ধ - Ramen Baruah missing

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.