ETV Bharat / state

বনকৰ্মীয়ে মটৰ চাইকেলেৰে চোঁচোৰাই নিলে দুষ্প্ৰাপ্য হলৌ বান্দৰৰ মৃতদেহ - Hoolock Gibbon

author img

By ETV Bharat Assamese Team

Published : Jul 14, 2024, 10:37 PM IST

Updated : Jul 14, 2024, 10:52 PM IST

Hoolock Gibbon hit by vehicle : বনবিভাগৰ লোকেই আইন অমান্য় কৰিলে । অমানৱীয় কাৰ্য সংঘটিত কৰিলে মৰিয়নীত কৰ্মৰত বনকৰ্মীয়ে ।

Hoolock Gibbon hit by vehicle
হোলোঙাপাৰা গিৱন অভায়ৰণ্য (ETV BHARAT ASSAM)

যোৰহাট, ১৪ জুলাই: ধিক্ বন বিভাগ । যি সময়ত বন্য়প্ৰাণী সংৰক্ষণৰ বাবে বিশ্বত সজাগতা সৃষ্টি কৰা হৈছে সেই সময়ত অসমত ইয়াৰ বিপৰীত ছবি এখন ফুটি উঠিছে । দেওবাৰে মৰিয়নীত এনে এখন ছবিৰেই প্ৰতিফলন ঘটিল । মৰিয়নীত আজি বনকৰ্মীয়ে ৰাজপথেৰে মৃত দুষ্প্ৰাপ্য হলৌ বান্দৰ চোঁচোৰাই নিয়াৰ পিচতেই এই কাৰ্যকলৈ সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । কাৰণ বন্য়প্ৰাণী আইন অনুসৰিয়েই মৃত হ'লেও কোনো জীৱ-জন্তুকেই এনেদৰে ৰাজপথেৰে চোঁচোৰাই নিব নোৱাৰে । বনবিভাগৰ লোকেই আইন অমান্য় কৰি এনেদৰে প্ৰকৃতিপ্ৰেমৰ বিপৰীত ছবি এখন প্ৰতিফলিত কৰিলে বুলি একাংশ প্ৰকৃতিপ্ৰেমীয়ে অভিযোগ উত্থাপন কৰিছে ।

যোৰহাট জিলাৰ অন্তৰ্গত হোলোঙাপাৰা গিৱন অভায়ৰণ্য পৰা দেওবাৰে ৰাজপথলৈ ওলাই আহিছিল দুষ্প্ৰাপ্য হলৌ বান্দৰ । কিন্তু সেই সময়তেই তীব্ৰ বেগত অহা অচিনাক্ত বাহনে খুন্দা মাৰে এটা হলৌ বান্দৰক । বাহনৰ খুন্দাত থিতাতে মৃত্যু হয় আপৰুগীয়া হলৌ বান্দৰটোৰ । কিন্তু ৰাজপথত পৰি থকা হলৌ বান্দৰটোৰ ক্ষেত্ৰত চূড়ান্ত অমানৱীয় কাৰ্য সংঘটিত কৰিলে মৰিয়নীত কৰ্মৰত বনকৰ্মীয়ে ।

অচিনাক্ত বাহনৰ খুন্দাত মৃত্যুক আকোঁৱালি লোৱা দুষ্প্ৰাপ্য হলৌ বান্দৰটোৰ মৃতদেহ ৰাজপথৰ ওপৰেৰে চোঁচৰাই নিলে বহু দূৰলৈ । উল্লেখ্য যে ধোদৰ আলিত অচিনাক্ত বাহনৰ খুন্দাত মৃত্যু হৈছিল গিৱন অভায়ৰণ্য পৰা ওলাই অহা এই দুষ্প্ৰাপ্য হলৌ বান্দৰটোৰ । মৃত হলৌ বান্দৰটো এখন মটৰ চাইকেলেৰে ৰাজপথৰে চোঁচোৰাই লৈ যায় মৰিয়নী বনাঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ দুজন বনকৰ্মীয়ে । মৃতকৰ ক্ষেত্ৰত সৌজন্যতা তথা মানৱীয়তাবোধ প্ৰদৰ্শন নকৰা বনকৰ্মীৰ এনে কাৰ্যক সকলোৱে ধিক্কাৰ দিছে । এনে গৰ্হিত কামত জড়িত বনকৰ্মীক কঠোৰ শাস্তি বিহিবলৈ দাবী জনাইছে সচেতন মহলে ।

লগতে পঢ়ক:Hoolock Gibbon: দীঘলসাঁকোৰ আটাইতকৈ বয়স্ক হলৌ বান্দৰ কলীয়াৰ মৃত্যু

বানত পুনৰ ৪ জনৰ মৃত্যু: মৃতকৰ সংখ্যা ৮৩ লৈ বৃদ্ধি, কাজিৰঙাত ৯ টা গঁড়সহ ১৫৯ টা বন্যপ্ৰাণীৰ মৃত্যু - Assam Flood 2024

Last Updated : Jul 14, 2024, 10:52 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.