ETV Bharat / state

কাম বিচাৰি অসমৰ যুৱক-যুৱতী বহিঃৰাজ্যলৈ যোৱাৰ ফলত আমাৰ শক্তি হ্ৰাস হৈছে: বীৰ লাচিত সেনা - Veer Lachit Sena

Veer Lachit Sena : কৰ্মসংস্থাপন বিচাৰি অসমৰ বহু নিবনুৱা যুৱক-যুৱতী বহিঃৰাজ্যলৈ যোৱাটো নতুন কথা নহয় । এনেদৰে পেটৰ তাড়নাত বহিঃৰাজ্যলৈ গৈ বহুতে প্ৰাণ হেৰুৱাবলগীয়া হৈছে । এনে প্ৰেক্ষাপটত বীৰ লাচিত সেনাৰ লখিমপুৰ জিলা সমিতিয়ে লখিমপুৰৰ সকলো ব্যৱসায়িক প্ৰতিষ্ঠানতে থলুৱা যুৱক-যুৱতীক নিয়োগৰ দাবীৰে চেম্বাৰ্চ অৱ কমাৰ্চক আহ্বান জনায় ।

author img

By ETV Bharat Assamese Team

Published : Aug 13, 2024, 9:38 PM IST

Veer Lachit Sena demands employment of indigenous youth in business establishments in Lakhimpur
ব্যৱসায়ীক প্ৰতিষ্ঠানত থলুৱা যুৱক-যুৱতীক সংস্থাপনৰ দাবী (ETV Bharat Assam)

লখিমপুৰ,১৩ আগষ্ট: জীৱিকাৰ তাড়নাত অসমৰ বহু যুৱক-যুৱতী কৰ্ম সংস্থাপন বিচাৰি বহিঃৰাজ্যলৈ ঢাপলি মেলিবলগীয়া হৈছে । বহুতে আকৌ কৰ্মসংস্থাপন বিচাৰি গৈ বহিঃৰাজ্যত প্ৰাণ হেৰুৱাবলগীয়া হৈছে । যাৰ ফলত একো একোটা পৰিয়াললৈ নামি আহে ঘোৰ অমানিশা । সংবাদ মাধ্যমত সততে এনে দুঃখজনক খবৰ ভৰি থাকে । এনে ঘটনাপ্ৰবাহ লক্ষ্য কৰি সামান্যভাৱে হ'লেও সকাহ দিবলৈ আগবাঢ়ি আহিছে বীৰ লাচিত সেনাৰ লখিমপুৰ জিলা সমিতি ।

চেম্বাৰ্চ অৱ কমাৰ্চৰে আলোচনা:

বীৰ লাচিত সেনাৰ লখিমপুৰ জিলা সমিতিয়ে লখিমপুৰৰ যিমানবোৰ ব্যৱসায়ীক প্ৰতিষ্ঠান আছে এই সকলোতে এজনকৈ হ'লেও থলুৱা যুৱক-যুৱতীক নিয়োগ কৰিবলৈ দাবী জনায় । বীৰ লাচিত সেনাৰ লখিমপুৰ জিলা সমিতিয়ে মঙলবাৰে লখিমপুৰৰ চেম্বাৰ্চ অৱ কমাৰ্চৰ বিষয়ববীয়াৰে এই সন্দৰ্ভত এক আলোচনাত মিলিত হৈ প্ৰদান কৰে এখন দাবী-পত্ৰ । বীৰ লাচিত সেনাৰ লখিমপুৰ জিলা সমিতিৰ সভাপতি অজিত বুঢ়াগোঁহাই, সম্পাদক ৰূপাংকৰ বৰাসহ যোৱা সংগঠনটোৰ এটা দলে চেম্বাৰ্চ অৱ কমাৰ্চৰ সৈতে আলোচনা কৰি ব্যৱসায়িক প্ৰতিষ্ঠানসমূহত থলুৱা যুৱক-যুৱতীক নিয়োগ কৰিবলৈ আহ্বান জনায় ।

এই কাৰ্য বাস্তৱায়িত হ'লে নিবনুৱা যুৱতীৰ বহিঃৰাজ্য গমন কিছু পৰিমাণে হলেও ৰোধ কৰিব বুলি সংগঠনটোৰ নেতৃত্বই আশা প্ৰকাশ কৰে । তেওঁলোকে তেল ডিপোৰ পৰা সকলো ধৰণৰ ব্যৱসায়িক প্ৰতিষ্ঠানত থলুৱা যুৱক-যুৱতীক নিয়োগ কৰাৰ দাবী জনায় । বীৰ লাচিত সেনাৰ এনে আহ্বানৰ প্ৰতি ব্যৱসায়িক প্ৰতিষ্ঠানৰ গৰাকীসকলে কেনে সঁহাৰি দিয়ে নাইবা বীৰ লাচিত সেনাৰ পৰৱৰ্তী পদক্ষেপ কি হ'ব পৰৱৰ্তী সময়ত সেয়া লক্ষ্যণীয় হ'ব ।

লগতে পঢ়ক: গৌৰৱ গগৈৰ বিৰুদ্ধে অভিসন্ধি কৰিছে কোনে ? গোচৰ তৰিলে প্ৰদেশ কংগ্ৰেছে - MP Gaurav Gogoi

স্মাৰ্ট মিটাৰত অত্যধিক বিদ্যুৎ মাচুলৰ বিৰুদ্ধে মৰিয়নীত প্ৰতিবাদ - Protest Against APDCL at Morioni

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.