ETV Bharat / state

খিলঞ্জীয়া মানুহৰ ওপৰত অখিলঞ্জীয়া লোকৰ আগ্ৰাসনৰ পক্ষপাতী নহয় বীৰ লাচিত সেনা অসম - Veer Lachit Sena Assam

author img

By ETV Bharat Assamese Team

Published : Sep 12, 2024, 9:43 AM IST

Indigenous people in Assam: ‘‘ব্যৱসায়িক কাৰণত বা শ্ৰমৰ সন্ধানতে শ্ৰমজীৱী মানুহৰ লগতে অন্যান্য মানুহৰ বিভিন্ন স্থানলৈ প্ৰব্ৰজন ঘটে । ইয়াত আপত্তি কৰিবলগীয়া বিশেষ একো নাথাকে । কিন্তু ইয়াৰ আশ্ৰয় লৈ কোনোৱে যদি খিলঞ্জীয়া মানুহৰ অস্তিত্বলৈ ভাবুকি কঢ়িয়াই আনে বা খিলঞ্জীয়া মানুহৰ ওপৰত আগ্ৰাসন চলাব বিচাৰে, তাক বীৰ লাচিত সেনা অসমে কেতিয়াও গ্ৰহণ নকৰে ।’’

Veer Lachit Sena Assam
বীৰ লাচিত সেনা অসম (ETV Bharat)

যোৰহাট, ১১ ছেপ্টেম্বৰ: ‘‘নীতিগতভাৱে বীৰ লাচিত সেনা অসমৰ শ্ৰমজীৱী মানুহৰ লগত কোনো সংঘাত নাই । শ্ৰমিকৰ ওপৰত হোৱা শোষণ-বঞ্চনাৰ বিৰুদ্ধে বীৰ লাচিত সেনা অসমে সদায় মাত মাতি আহিছে । বীৰ লাচিত সেনা অসমে শ্ৰমিকৰ ন্যায্য অধিকাৰৰ হকে সদায় কাম কৰি আহিছে ।’’ এই মন্তব্য বীৰ লাচিত সেনা অসমৰ মুখ্য সচিব ৰণ্টু পানীফুকনৰ । বুধবাৰে যোৰহাটৰ হোটেল মেনৰত বীৰ লাচিত সেনা অসমৰ উদ্যোগত আয়োজিত এক সংবাদমেলত এইদৰে উল্লেখ কৰাৰ লগতে মুখ্য সচিব ৰণ্টু পানীফুকনে লগতে কয় যে, বিগত দিনত অসমত ঘটি থকা কিছু ঘটনাৱলীয়ে অসমৰ সামগ্ৰিক সমাজ জীৱনক বাৰুকৈয়ে প্ৰভাৱিত কৰিছে ।

বীৰ লাচিত সেনা অসম (ETV Bharat)

তেওঁ কয়, ‘‘বিশেষকৈ এই ঘটনাসমূহৰ ফলত অসমৰ খিলঞ্জীয়া জনগণ নিজৰ আজন্ম ভূমিতে ভয় আৰু শংকাত থাকিব লগা হৈছে । খিলঞ্জীয়া মানুহক ভয়-শংকাত থাকিব লগা হোৱা পৰিস্থিতিৰ সৃষ্টি কৰাটো কেতিয়াও উচিত নহয় । বীৰ লাচিত সেনা অসমে এই ঘটনাৱলীক উদ্বিগ্নতাৰে প্ৰত্যক্ষ কৰিছে । অসমৰ খিলঞ্জীয়া মানুহৰ অধিকাৰ আৰু মৰ্যদা ৰক্ষা বীৰ লাচিত সেনা অসমৰ প্ৰাথমিক কর্তব্য ।’’ অসমৰ মাটিত খিলঞ্জীয়া মানুহৰ অধিকাৰ সুৰক্ষিত হ'বই লাগিব বুলি উল্লেখ কৰে নেতাগৰাকীয়ে ।

তেওঁ আৰু কয়, ‘‘ব্যৱসায়িক কাৰণত বা শ্ৰমৰ সন্ধানতে শ্ৰমজীৱী মানুহৰ লগতে অন্যান্য মানুহৰ বিভিন্ন স্থানলৈ প্ৰব্ৰজন ঘটে । ইয়াত আপত্তি কৰিবলগীয়া বিশেষ একো নাথাকে । কিন্তু ইয়াৰ আশ্ৰয় লৈ কোনোৱে যদি খিলঞ্জীয়া মানুহৰ অস্তিত্বলৈ ভাবুকি কঢ়িয়াই আনে বা খিলঞ্জীয়া মানুহৰ ওপৰত আগ্ৰাসন চলাব বিচাৰে, তাক বীৰ লাচিত সেনা অসমে কেতিয়াও গ্ৰহণ নকৰে । বীৰ লাচিত সেনা অসমে নীতিগতভাৱে অসমৰ মাটিত ইয়াৰ খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব বৰ্তি থকাটো বিচাৰে ।’’

‘‘বীৰ লাচিত সেনা অসমে কোনো ব্যৱসায়িক গোষ্ঠী বা শ্ৰমজীৱী মানুহে অসমত ব্যৱসায় কৰা বা শ্ৰমিক হিচাবে কাম কৰাত কেতিয়াও আপত্তি কৰা নাই বা আগলৈও নকৰে । কিন্তু বীৰ লাচিত সেনা অসমে সেই ব্যৱসায় বা শ্ৰমৰ পৰিচালনা পদ্ধতিগত ৰূপত হোৱাটো বিচাৰে । যাতে কোনো অপশক্তিয়ে ব্যৱসায় বা শ্ৰমৰ অচিলা লৈ ইয়াৰ খিলঞ্জীয়া মানুহৰ অস্তিত্বৰ ওপৰত আঘাত হানিব নোৱাৰে ।’’ ৰণ্টু পানীফুকনে কয় ৷

অসমৰ খিলঞ্জীয়া মানুহে অসমলৈ অহা সকলোকে আকোঁৱালি লৈছে বুলি উল্লেখ কৰি নেতাগৰাকীয়ে প্ৰশ্ন কৰে যে অসমলৈ আহি স্থায়ী বাসিন্দা হোৱা সেই জনগোট সমূহৰ কিমানে অসমৰ খিলঞ্জীয়া মানুহৰ প্ৰতি দায়বদ্ধ হৈ থাকিল ? কিমানে অসমৰ মাটিৰ লগত নিজকে সংপৃক্ত কৰিলে ? কিমানে অসমৰ কৃষ্টি সংস্কৃতিক নিজৰ বুলি আকোঁৱালি লৈ অসমৰ সমাজ জীৱনৰ লগত মিলিবলৈ চেষ্টা কৰিলে ? আজি সেয়া বিচার্যৰ বিষয় ।

‘‘অসমৰ মাটিতে নিজৰ সকলো কৰি ল’ব অথচ অসমৰ মাটিকে অপমান কৰিব, ই কেনেকৈ গ্ৰহণযোগ্য ? বীৰ লাচিত সেনা অসমে অসমৰ অসমবাসীক খিলঞ্জীয়া-অখিলঞ্জীয়া এনে বিভক্তি কৰাটোত বিশ্বাস নকৰে । কিন্তু বীৰ লাচিত সেনা অসম খিলঞ্জীয়া মানুহৰ ভয়-শংকা অস্তিত্বহীনতাৰ প্ৰতি নীৰৱ দৰ্শক হৈ চাই থকাৰো পক্ষপাতী নহয় । সেয়ে বীৰ লাচিত সেনা অসমে অসমলৈ আহি অসমবাসী হোৱা সকলোলৈকে আহ্বান জনাওঁ আপোনালোকে ইয়াৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ মৰ্ম বেদনা উপলব্ধি কৰাৰ চেষ্টা কৰক । ইয়াৰ খিলঞ্জীয়া মানুহৰ ভয়-শংকা দূৰ কৰাৰ বাবে আপোনালোক নিজে আগবাঢ়ি আহক ।’’ নেতাগৰাকীয়ে আহ্বান জনায় ৷

আনহাতে সংবাদমেলত উপস্থিত থাকি বীৰ লাচিত সেনা অসমৰ প্ৰশাসনিক সচিব শৃংখল চলিহাই কয়, ‘‘যদি কোনো সন্দেহজনক নাগৰিক উজনি অসমলৈ আহে, সেয়া লাগিলে হিন্দু হওক বা মুছলমান হওক তেওঁলোকক প্ৰশাসনে কৰিব লাগিব উচ্ছেদ । অন্যাথা এই ক্ষেত্ৰত বীৰ লাচিত সেনাই ব্যৱস্থা কৰিব লগতে প্ৰত্যাক্ৰমণ হ'ব । যি ৰাজনৈতিক দলেই খিলঞ্জীয়াৰ অধিকাৰৰ কথা ক’ব সেই দলেই ২০২৬ ত ৰাজ্যত চৰকাৰ গঠন কৰিব পাৰিব ।’’

‘‘খিলঞ্জীয়া প্ৰভুত্ব ৰক্ষা যুদ্ধখন শিৱসাগৰ পৰাই আৰম্ভ হৈছে আৰু উক্ত যুদ্ধখন সমগ্ৰ অসমলৈ সম্প্ৰসাৰিত হ'ব ৷ বীৰ লাচিত সেনাক প্ৰত্যেক জিলাতেই ১০০ বিঘাকৈ মাটি দিয়ক কৃষি বিপ্লৱ কি সেয়া দেখুৱাই দিম ৷ খিলঞ্জীয়া প্ৰভুত্ব ৰক্ষা বাবে যুঁজখনৰ বাবে ইচ্ছু সলনি কৰাৰ কৌশল ৰচনা কৰা হৈছে, কিন্তু সেয়া হ'ব দিয়া নহ’ব ৷ যোৰহাটত তিনিখন বাংলাদেশী গাঁও যদি প্ৰশাসনে উচ্ছেদ নকৰে তেতিয়া হ’লে বীৰ লাচিত সেনা অসমে কৰিব, ইয়াৰ বাবে অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি হ’লে বিজেপি চৰকাৰেই দায়ী হ’ব ৷ এইদৰে ক্ষোভ প্ৰকাশ কৰে শৃংখল চলিহাই ৷

লগতে পঢ়ক: আছুলৈ বিশেষ আহ্বান সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ - Sankar Jyoti Baruah controversy

ব্যৱসায়িক প্ৰতিষ্ঠানক এসপ্তাহৰ সময় ধৰি দি গুৰুত্বপূৰ্ণ নিৰ্দেশ ডিব্ৰুগড় পৌৰ নিগমৰ - Dibrugarh Municipal

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.