ETV Bharat / state

পাৰিতোষিক বৃদ্ধিৰ দাবীৰে উত্তাল অইল ইণ্ডিয়াৰ মুখ্য কাৰ্যালয় - Protest at Oil India Limited

VDP protest against Oil India Limited : সময় সলনি হ’ল, কিন্তু সলনি নহ’ল অইল ইণ্ডিয়া কৰ্তৃপক্ষৰ বিৰুদ্ধে থকা বঞ্চনা-প্ৰৱঞ্চনাৰ অভিযোগ ৷ বুধবাৰে মুখ্য কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰি অস্থায়ী সুৰক্ষা কৰ্মীসকলে অইল কৰ্তৃপক্ষৰ বিৰুদ্ধে অভিযোগ আনে প্ৰৱঞ্চনাৰ ৷ পঢ়ক বিতং খবৰ...

PROTEST AT OIL INDIA LIMITED
অইল ইণ্ডিয়া কৰ্তৃপক্ষৰস বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ (Etv Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jun 20, 2024, 8:15 AM IST

মৰাণ, 20 জুন : অইল ইণ্ডিয়াৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ আজিৰ নহয়, বহু বছৰৰ পৰাই অইল ইণ্ডিয়া কৰ্তৃপক্ষৰ বিৰুদ্ধে উত্থাপিত হৈ আহিছে থলুৱাক প্ৰৱঞ্চনাৰ অভিযোগ ৷ বুধবাৰে অইল কৰ্তৃপক্ষৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ ওলাই আহিল সহস্ৰাধিক অস্থায়ী সুৰক্ষা কৰ্মী ৷

দুলীয়াজানত প্ৰতিবাদ (Etv Bharat Assam)

প্ৰতিবাদকাৰীসকলে পাৰিতোষিক বৃদ্ধিৰ দাবীৰে অইল কৰ্তৃপক্ষৰ বিৰুদ্ধে মুখ্য কাৰ্যালয়ৰ সন্মুখত সাব্যস্ত কৰে এই প্ৰতিবাদ ৷ তথ্য অনুসৰি, এইসকল প্ৰতিবাদকাৰী দেশৰ সৰ্বোচ্চ লাভজনক তৈল প্ৰতিষ্ঠানটোৰ সুৰক্ষাৰ দায়িত্বত নিয়োজিত হৈ আছে ৷ ইয়াৰ পৰিপ্ৰেক্ষিতত অইল ইণ্ডিয়াৰ দুলীয়াজানস্থিত মুখ্য কাৰ্যালয়ৰ প্ৰৱেশদ্বাৰ প্ৰতিবাদী শ্ল’গানেৰে উত্তাল হৈ উঠে ৷

লগতে পঢ়ক: জনজাতিকৰণৰ দাবীত চচলত আটাছুৰ ধৰ্ণা : ৬ ছেপ্টেম্বৰত দিল্লীত প্ৰতিবাদ - All Tai Ahom Students Union

অইল ইণ্ডিয়া কৰ্তৃপক্ষই প্ৰতিবাদকাৰীসকলৰ সমস্যা সমাধানৰ ক্ষেত্ৰত গুৰুত্ব নিদিলে ভৱিষ্যতে অইলৰ বিৰুদ্ধে জংগী আন্দোলন গঢ়ি তোলা হ'ব বুলি হুংকাৰ প্ৰদান কৰে অস্থায়ী সুৰক্ষা কৰ্মীসকলে । এই কাৰ্যসূচীৰ অন্তত অইল কৰ্তৃপক্ষক সমস্যা সমাধানৰ দাবীত প্ৰতিবাদকাৰীসকলে প্ৰদান কৰে এখন স্মাৰকপত্ৰ ৷

লগতে পঢ়ক: ২১ জুনত কংগ্ৰেছৰ দেশজোৰা NEET-UG কেলেংকাৰীৰ প্ৰতিবাদ কাৰ্যসূচী - Congress To Protest NEET UG Scam

উল্লেখযোগ্য যে, অইল ইণ্ডিয়া লিমিটেডৰ সা-সম্পত্তিৰ সুৰক্ষাৰ দায়িত্বত নিয়োজিত হৈ আছে ডিব্ৰুগড়, তিনিচুকীয়াকে ধৰি বহু জিলাৰ প্ৰায় দুই সহস্ৰাধিক যুৱক । ২০০২ চনৰ পৰা প্রায় ২২ বছৰ ধৰি ঢাল-তৰোৱালবিহীন নিধিৰাম চৰ্দাৰৰ ভূমিকাত অৱতীৰ্ণ হৈ আহিছে এই যুৱকসকল । কোনো ধৰণৰ অস্ত্ৰ তথা সা-সুবিধাৰ অবিহনেই ২৪ ঘণ্টাই অতন্দ্ৰ প্ৰহৰীৰ ভূমিকাত অৱতীৰ্ণ হোৱা এইসকল অস্থায়ী নিৰাপত্তা কৰ্মীৰ আজি নিজেই পৰিছে বিপাঙত ৷

লগতে পঢ়ক: কাশ্মীৰৰ সন্ত্ৰাসবাদী আক্ৰমণৰ বিৰুদ্ধে মৰাণত তীব্ৰ প্ৰতিবাদ - Protest in Maran

কাৰণ, অইল ইণ্ডিয়া কৰ্তৃপক্ষই অতি কৌশলগতভাৱে সুৰক্ষা কৰ্মীসকলক গাঁওৰক্ষী বাহিনীৰ আওতাত পেলাই মাহিলী নূন্যতম পাৰিতোষিক প্ৰদান কৰি একপ্ৰকাৰ প্ৰৱঞ্চনা কৰি আহিছে ৷ জানিব পৰা মতে, একোজন সুৰক্ষা কৰ্মীয়ে মাহেকত মাথো লাভ কৰে মাত্ৰ তিনিহাজাৰকৈ টকা ৷ যাৰবাবে তীব্ৰ আৰ্থিক সংকটৰ সন্মুখীন হৈছে এইসকল অস্থায়ী সুৰক্ষা কৰ্মী ৷

লগতে পঢ়ক: চাৰি বছৰত নিৰ্মাণ নহ'ল দলঙৰ এটাও খুঁটা, দলং বিচাৰি আছুৰ প্ৰতিবাদ - AASU protest

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.