সৰুপথাৰ, ২২ মাৰ্চ : গোলাঘাট জিলাৰ অন্যতম এক স্থান হৈছে দৈয়াং-ধনশিৰি উপত্যকা । কছাৰী ৰজাদিনীয়া বহু প্ৰত্নতাত্বিক সমল, ভগ্নাৱশেষ, মঠ-মন্দিৰৰে সমৃদ্ধ দৈয়াং-ধনশিৰি উপত্যকা । দৈয়াং উপত্যকাৰ প্ৰত্নতাত্বিক সমলেৰে পৰিপূৰ্ণ অঞ্চল চিচুপানী । চিচুপানী অঞ্চলৰ অন্তৰ্গত ঐতিহাসিক ঠাই হৈছে- কাছমাৰী, তেলীশাল, বিষ্ণুপুৰ, যজ্ঞপুৰ, ৰজাবাৰী ইত্যাদি ।
এই স্থানসমূহ এতিয়া হৈ পৰিছে ক্ষেত্ৰভিত্তিক অধ্যয়ন, গৱেষণা কৰ্মৰ এক তথ্যৰ উৎস । দৈয়াং উপত্যকাৰ চিচুপানী অঞ্চলৰ এই বিষ্ণুপুৰ আৰু ৰজাবাৰীৰ কাছমাৰী পথাৰত আছে বহু পুৰণি ৰজাদিনীয়া শৈলস্তম্ভ, পুৰণি শিলৰ মূৰ্তি । শৈলস্তম্ভসমূহত খোদিত হৈছে ৰজাদিনীয়া অস্ত্ৰ-শস্ত্ৰ, দেৱ-দেৱী, জীৱ-জন্তু, চৰাই-চিৰিকটি ইত্যাদিৰ ছবি ।
উল্লেখ্য যে, কছাৰী ৰজাৰ ৰাজত্ব কালৰে এই প্ৰত্নতাত্বিক সমলসমূহ উদ্ধাৰ হৈছে চিচুপানী অঞ্চলত বসতি কৰা মানুহৰ বাৰীসমূহত । ইয়াৰোপৰি বিষ্ণুপুৰ গাঁৱত আছে ৰজাদিনীয়া ৮০ বিঘাৰ মাটিত এটা পুখুৰী । যাক বিষ্ণুপুখৰী নামেৰেও জনা যায় ।
বিষ্ণুপুৰ আৰু যজ্ঞপুৰ গাঁৱত সিচঁৰতি হৈ থকা মধ্যযুগৰ কছাৰী শাসন কালৰ শিৱলিংগ, গণেশ মূৰ্তি, বিষ্ণু মূৰ্তি ইত্যাদি প্ৰস্তৰ মূৰ্তিসমূহ স্থানীয় লোকসকলেই সংৰক্ষণ কৰি পূজা-পাতলো কৰি আহিছে । মূৰ্তিসমূহত ধূপ-চাকি, ফুল-বেলপাত, সেন্দুৰ ইত্যাদিৰে উপাসনা কৰে অঞ্চলটোৰ ৰাইজে ।
চিচুপানী অঞ্চলৰ ৰজাবাৰীৰ কাছমাৰী পথাৰত আছে কছাৰী ৰজাদিনীয়া বহুতো শৈলস্তম্ভ । অস্ত্ৰ-শস্ত্ৰ, দেৱ-দেৱী, জীৱ-জন্তু, চৰাই ইত্যাদিৰ ছবি প্ৰতিফলিত হৈছে স্তম্ভসমূহত । পুৰাতত্ব বিভাগৰ তথ্য অনুসৰি কাছমাৰী পথাৰৰ শৈলস্তম্ভৰ নিৰ্মাণ শৈলীৰ ডিমাপুৰত থকা শৈলস্তম্ভৰ সৈতে মিল আছে ।
মধ্যযুগত কছাৰী শাসকে ডিমাপুৰত ৰাজধানী স্থাপন কৰি দৈয়াং-ধনশিৰি উপত্যকাৰ বিভিন্ন প্ৰান্তত ৰাজত্ব কৰাৰ সমল পোৱা যায় । কাছমাৰী পথাৰৰ এই শৈলস্তম্ভসমূহ কছাৰী বীৰসকলৰ স্মৃতিত উচৰ্গা কৰি নিৰ্মাণ কৰা হৈছে বুলিও তথ্য পোৱা যায় ।
লগতে পঢ়ক: জ্ঞানবাপী মছজিদৰ তলত মন্দিৰ আছিল বুলি দাবী অধিবক্তাৰ